বিমান দুৰ্ঘটনাত মৃত্যু পৰিয়ালৰ সকলো সদস্য ! টাটাই দিয়া ১ কোটি টকা ক্ষতিপূৰণ কোনে লাভ কৰিব?

সাধাৰণতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালে লাভ কৰে ক্ষতিপূৰণ । এতিয়া প্ৰশ্ন হয় আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়ালৰ সৈতে বহু লোকৰ মৃত্যু হৈছে । তেন্তে ক্ষেত্ৰত সেইসকল লোকৰ ক্ষতিপূৰণ কোনে লাভ কৰিব ?

বিমান দুৰ্ঘটনাত মৃত্যু পৰিয়ালৰ সকলো সদস্য ! টাটাই দিয়া ১ কোটি টকা ক্ষতিপূৰণ কোনে লাভ কৰিব?
Updated On: 

14 Jun 2025 | 03:34 PM

আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২৫০ জনতকৈ অধিক লোকে । দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান । এই দুৰ্ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াই শোক বাৰ্তাৰে নিজৰ সামাজিক মাধ্যমৰ প্ৰফাইল ফটো ক’লা কৰি ৰাখিছিল । একে সময়তে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে ক্ষতিপূৰণ ঘোষণা কৰে ।

এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে এন চন্দ্ৰশেখৰনে । একেদৰে আহতসকলৰ চিকিৎসাৰ সকলো দায়িত্ব টাটা গ্ৰুপে লয়। ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত চিকিৎসা মহাবিদ্যালয়খনকো সহায় কৰিব টাটা গ্ৰুপে।

সাধাৰণতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালে লাভ কৰে ক্ষতিপূৰণ । এতিয়া প্ৰশ্ন হয় আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়ালসহ বহু লোকৰ মৃত্যু হৈছে । তেনে ক্ষেত্ৰত সেইসকল লোকৰ ক্ষতিপূৰণ কোনে লাভ কৰিব ? এই সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা অৰিন্দম দাসে কেইবাটাও কথা জানিবলৈ দিছে ।

তেওঁ কয়, “এনে ক্ষেত্ৰত মৃতকৰ নিকটাত্মীয়ই এই ক্ষতিপূৰণ পাব পাৰে । মৃতকৰ পৰিয়ালৰ সদস্য যদি জীয়াই থাকে তেন্তে সেই ক্ষতিপূৰণ তেওঁ পাব।” তেওঁ আৰু কয়, “যেতিয়া আমি বীমা কোম্পানী এটাৰ সৈতে টাৰ্ম পলিচি লওঁ, তেতিয়া পলিচিধাৰীৰ মৃত্যুৰ পিছত তেতিয়া তেওঁ পৰিয়াল বা নমিনীয়ে সেই ধন পায়। কিন্তু দুৰ্ঘটনাৰ ক্ষেত্ৰত তেনে কোনো নমিনী নাথাকে। কাৰণ এই ক্ষেত্ৰত কোম্পানীসমূহে নিজৰ দায়িত্ব পালন কৰি মৃত বা আহতসকলৰ পৰিয়ালক এই ক্ষতিপূৰণ দিয়ে।”

মন কৰিবলগীয়া যে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কৈছে যে, ২০১৫ চনৰ ৯ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি ক্ষতিপূৰণ দিয়া হয়। ৰায়দানত আহত বা মৃতকৰ বাবে পৃথক ক্ষতিপূৰণৰ কথা উল্লেখ কৰা হৈছে। আনহাতে, বিমানখনত থকা আন দেশৰ নাগৰিকসকলৰ বাবে ১৯৯৯ চনৰ মণ্ট্ৰিয়েল কনভেনচনৰ কথা বিবেচনা কৰা হৈছে। এই কনভেনচন অনুসৰি বিমান সংস্থাসমূহে আহত আৰু মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...