Owner of Premium Trains: বন্দে ভাৰত, ৰাজধানীৰ দৰে প্ৰিমিয়াম ৰে’লসমূহৰ মালিক কোন? উত্তৰ জানি আচৰিত হ’ব আপুনি

যোৱা দশকত ৰে’লপথ সম্প্ৰসাৰণ হোৱাৰ লগে লগে কেইবাখনো প্ৰিমিয়াম ৰে’লৰ সংযোজন কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে বন্দে ভাৰত, অমৃত ভাৰত, ডুৰাণ্ট এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ প্ৰিমিয়াম ৰে'ল। আপুনি জানেনে এই প্ৰিমিয়াম ৰে'লবোৰৰ মালিক কাৰ?

Owner of Premium Trains: বন্দে ভাৰত, ৰাজধানীৰ দৰে প্ৰিমিয়াম ৰেলসমূহৰ মালিক কোন? উত্তৰ জানি আচৰিত হব আপুনি

বন্দে ভাৰত

Published: 

10 Mar 2025 16:21 PM

ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে ভাৰতীয় ৰে’লৱে নেটৱৰ্ক । দেশৰ প্ৰায় চুকে-কোণে নিজৰ পৰিসৰ বিস্তাৰ কৰিছে ভাৰতীয় ৰে’লৱেই । যোৱা দশকত ৰে’লপথ সম্প্ৰসাৰণ হোৱাৰ লগে লগে কেইবাখনো প্ৰিমিয়াম ৰে’লৰ সংযোজন কৰা হৈছে । ইয়াৰ ভিতৰত আছে বন্দে ভাৰত, অমৃত ভাৰত, ডুৰাণ্ট এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ প্ৰিমিয়াম ৰে’ল । কিন্তু আপুনি জানেনে এই প্ৰিমিয়াম ৰে’লবোৰৰ মালিক কোন ?

জানিব পৰা মতে, বন্দে ভাৰত, শতাব্দী এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰে’লসমূহ প্ৰকৃততে ভাৰতীয় ৰে’লৱে বিত্ত নিগম বা আইআৰএফচিৰ মালিকানাধীন । অৱশ্যে বহুতে ভাবে যে এই ৰে’লবোৰ আইআৰচিটিচিৰ দ্বাৰা পৰিচালিত হয় । কিন্তু আইআৰএফচিয়ে প্ৰিমিয়াম ৰে’ল চলোৱাৰ দায়িত্ব লয় । যিয়ে ভাৰতীয় ৰে’লৱেৰ সকলো খৰচ বহন কৰে । এই কোম্পানীয়ে ঘৰুৱা আৰু বিদেশী বজাৰৰ পৰা বিত্তীয় পুঁজি সংগ্ৰহ কৰে । ডাঙৰ ডাঙৰ ৰে’ল প্ৰকল্পৰ খৰচো এই সংস্থাটোৰ পৰাই আহে ।

১৯৮৬ চনত এই প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছিল । শেহতীয়াকৈ এই কোম্পানীটোক নৱৰত্ন কোম্পানীৰ মৰ্যাদা দিয়া হৈছে । ফলত সংগঠনটোৰ হাতলৈ আহিছে অধিক ক্ষমতা । এই কোম্পানীৰ হাতত আছে বিত্তীয় স্বাধীনতাৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ অধিকাৰ । ভাৰতীয় ৰে’লৱেই ব্যৱহাৰ কৰা ইঞ্জিন, ৱেগন আৰু ডবাৰ প্ৰকৃত মালিক হ’ল আইআৰএফচি ।

ভাৰতীয় ৰে’লৱেক ৩০ বছৰৰ বাবে লিজত দিয়া হৈছে । ভাৰতীয় ৰে’লৱেৰ যাত্ৰী আৰু মালবাহী ৰে’লৰ ৮০ শতাংশ মালিকীস্বত্ব আছে আইআৰএফচিৰ অধীনত ।

আজিৰ জীৱনশৈলীত লিভাৰ কেনেকৈ সুস্থ ৰাখিব? ৫টা পৰামৰ্শ
তৎক্ষণাত পাব উপশম, শীতকালত মূৰৰ বিষ কমোৱাৰ ঘৰুৱা উপায় কি কি? জানক
নিতে খাওক এই ৮ বিধ খাদ্য, আপোনাৰ মগজু হৈ পৰিব অধিক চোকা আৰু কাৰ্যক্ষম
ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী