Owner of Premium Trains: বন্দে ভাৰত, ৰাজধানীৰ দৰে প্ৰিমিয়াম ৰে’লসমূহৰ মালিক কোন? উত্তৰ জানি আচৰিত হ’ব আপুনি

যোৱা দশকত ৰে’লপথ সম্প্ৰসাৰণ হোৱাৰ লগে লগে কেইবাখনো প্ৰিমিয়াম ৰে’লৰ সংযোজন কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে বন্দে ভাৰত, অমৃত ভাৰত, ডুৰাণ্ট এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ প্ৰিমিয়াম ৰে'ল। আপুনি জানেনে এই প্ৰিমিয়াম ৰে'লবোৰৰ মালিক কাৰ?

Owner of Premium Trains: বন্দে ভাৰত, ৰাজধানীৰ দৰে প্ৰিমিয়াম ৰেলসমূহৰ মালিক কোন? উত্তৰ জানি আচৰিত হব আপুনি

বন্দে ভাৰত

Published: 

10 Mar 2025 | 04:21 PM

ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে ভাৰতীয় ৰে’লৱে নেটৱৰ্ক । দেশৰ প্ৰায় চুকে-কোণে নিজৰ পৰিসৰ বিস্তাৰ কৰিছে ভাৰতীয় ৰে’লৱেই । যোৱা দশকত ৰে’লপথ সম্প্ৰসাৰণ হোৱাৰ লগে লগে কেইবাখনো প্ৰিমিয়াম ৰে’লৰ সংযোজন কৰা হৈছে । ইয়াৰ ভিতৰত আছে বন্দে ভাৰত, অমৃত ভাৰত, ডুৰাণ্ট এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ প্ৰিমিয়াম ৰে’ল । কিন্তু আপুনি জানেনে এই প্ৰিমিয়াম ৰে’লবোৰৰ মালিক কোন ?

জানিব পৰা মতে, বন্দে ভাৰত, শতাব্দী এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰে’লসমূহ প্ৰকৃততে ভাৰতীয় ৰে’লৱে বিত্ত নিগম বা আইআৰএফচিৰ মালিকানাধীন । অৱশ্যে বহুতে ভাবে যে এই ৰে’লবোৰ আইআৰচিটিচিৰ দ্বাৰা পৰিচালিত হয় । কিন্তু আইআৰএফচিয়ে প্ৰিমিয়াম ৰে’ল চলোৱাৰ দায়িত্ব লয় । যিয়ে ভাৰতীয় ৰে’লৱেৰ সকলো খৰচ বহন কৰে । এই কোম্পানীয়ে ঘৰুৱা আৰু বিদেশী বজাৰৰ পৰা বিত্তীয় পুঁজি সংগ্ৰহ কৰে । ডাঙৰ ডাঙৰ ৰে’ল প্ৰকল্পৰ খৰচো এই সংস্থাটোৰ পৰাই আহে ।

১৯৮৬ চনত এই প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছিল । শেহতীয়াকৈ এই কোম্পানীটোক নৱৰত্ন কোম্পানীৰ মৰ্যাদা দিয়া হৈছে । ফলত সংগঠনটোৰ হাতলৈ আহিছে অধিক ক্ষমতা । এই কোম্পানীৰ হাতত আছে বিত্তীয় স্বাধীনতাৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ অধিকাৰ । ভাৰতীয় ৰে’লৱেই ব্যৱহাৰ কৰা ইঞ্জিন, ৱেগন আৰু ডবাৰ প্ৰকৃত মালিক হ’ল আইআৰএফচি ।

ভাৰতীয় ৰে’লৱেক ৩০ বছৰৰ বাবে লিজত দিয়া হৈছে । ভাৰতীয় ৰে’লৱেৰ যাত্ৰী আৰু মালবাহী ৰে’লৰ ৮০ শতাংশ মালিকীস্বত্ব আছে আইআৰএফচিৰ অধীনত ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...