প্ৰিয়া নাইৰ কোন? Horlicks, Lux আৰু Lakmé ব্ৰেণ্ড এতিয়া তেওঁৰ হাতত!
হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ বৃহৎ পৰিৱৰ্তন। প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা কোম্পানীটোৰ এমডি আৰু চিইঅ’ হ’বলৈ গৈ আছে। প্ৰিয়া নাইৰ ১ আগষ্টৰ পৰা কোম্পানীটোৰ নতুন এম ডি আৰু চিইঅ’ হ’ব।

ভাৰতৰ অন্যতম বৃহৎ এফএমচিজি কোম্পানী হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে প্ৰিয়া নাইৰক নতুন পৰিচালন সঞ্চালক আৰু CEO হিচাপে নিযুক্তি দিয়ে। বৰ্তমানৰ CEO ৰোহিত জাভাৰ ঠাইত ১ আগষ্টৰ পৰা দায়িত্ব ল’ব। এয়া প্ৰিয়া নাইৰৰ সৈতে নতুন আৰম্ভণি, কাৰণ তেওঁ হ’ব কোম্পানীটোৰ প্ৰথমগৰাকী মহিলা CEO।
ৰোহিত জাভাৰ কাৰ্যকাল মাত্ৰ দুবছৰহে চলিছিল, যিটো HUL ৰ ইতিহাসত যিকোনো এম ডিৰ ভিতৰত আটাইতকৈ কম কাৰ্যকাল। এতিয়া কোম্পানীটোৱে বিশ্বাসেৰে শীৰ্ষ পদটো প্ৰিয়া নাইৰৰ হাতত অৰ্পণ কৰিছে। যিয়ে তেওঁৰ দীঘলীয়া আৰু আকৰ্ষণীয় কেৰিয়াৰৰ প্ৰতিফলন ঘটায়।
প্ৰিয়া নাইৰ কোন?
১৯৯৫ চনত HUL ত মেনেজমেণ্ট প্ৰশিক্ষাৰ্থী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা প্ৰিয়া নাইৰে কোম্পানীটোৰ হোম কেয়াৰ, বিউটি আৰু পাৰ্চনেল কেয়াৰ আৰু ৱেলবিয়িং পৰ্টফলিঅ’ত কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছে। বৰ্তমান তেওঁ ইউনিলিভাৰৰ গ্ল’বেল টিমৰ অংশ আৰু বিউটি এণ্ড ৱেলবিয়িং বিজনেছ গ্ৰুপৰ সভানেত্ৰী। এই ইউনিটে প্ৰায় ১২ বিলিয়ন ইউৰোৰ ব্যৱসায় চলায়। ইয়াত চুলিৰ যত্ন, ছালৰ যত্ন, স্বাস্থ্য পৰিপূৰক আৰু প্ৰিমিয়াম প্ৰসাধনৰ সামগ্ৰী অন্তৰ্ভুক্ত।
ভাৰতীয় বজাৰৰ গভীৰ বুজাবুজি
HUL ৰ চেয়াৰমেন নীতিন পৰঞ্জপে কয় যে, প্ৰিয়াই এইচ ইউ এলত এক আচৰিত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ভাৰতীয় বজাৰৰ বিষয়ে বুজি পাইছে। আমি নিশ্চিত যে তেওঁ কোম্পানীটোক পৰৱৰ্তী পৰ্যায়লৈ নিব। কোম্পানীটোৰ ভিতৰত আৰু বাহিৰত এই পৰিৱৰ্তনক মহিলা নেতৃত্বক প্ৰসাৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখুৱাইছে।
হিন্দুস্তান ইউনিলিভাৰ লিমিটেড (HUL) ভাৰতৰ অন্যতম বৃহৎ Fast-moving consumer goods কোম্পানী। ২০২৪-২৫ বিত্তীয় বৰ্ষত কোম্পানীটোৰ ব্যৱসায় ৬০,৬৮০ কোটি টকা হোৱাৰ বিপৰীতে বজাৰ মূলধন ৫.৬৯ লাখ কোটিতকৈ অধিক হৈছে। কোম্পানীটোৰ ২০টাতকৈও অধিক গ্ৰাহক শিতানত ৫০টাতকৈও অধিক বিখ্যাত ব্ৰেণ্ড লগ হৈ আছে। ইয়াৰ ভিতৰত আছে লাক্স, লাইফবয়, চাৰ্ফ এক্সেল, ৰিন, হুইল, ড’ভ, ভেচেলিন, প’ণ্ডছ, লেকমি, ক্লিনিক প্লাছ, ব্ৰুক বণ্ড, হৰলিক্স আৰু কিশানৰ দৰে নাম।