Gold Price Today: হাতত ধন কম কিন্তু সোণ কিনিব বিচাৰে নেকি? জানক কেনেকৈ কম দামত ক্ৰয় কৰিব সোণ

Gold-Silver Rate Today: ফাগুন মাহ অহাৰ লগে লগে বিবাহৰ শুভ দিনবোৰো ওচৰ চাপি আহে। বিয়া মানেই মহিলাসকলৰ হেঁপাহ সোণ ক্ৰয় কৰা। কিন্তু এতিয়া হ্ৰাস পাইছে সোণৰ দাম। জানো আহক গুৱাহাটীৰ বজাৰত কিমান মূল্যত বিক্ৰী হৈছে সোণ-ৰূপ...

Gold Price Today: হাতত ধন কম কিন্তু সোণ কিনিব বিচাৰে নেকি? জানক কেনেকৈ কম দামত ক্ৰয় কৰিব সোণ

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য, চৰকাৰে আৰোপ কৰা আমদানি শুল্ক, কৰ আৰু টকাৰ উঠা-নমা আদি বিভিন্ন কাৰণত ভাৰতত সোণৰ মূল্য ভিন্ন হয়। সোণ কেৱল বিনিয়োগৰ আহিলা নহয় বৰঞ্চ ভাৰতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ।

Updated On: 

28 Jan 2025 20:40 PM

বিয়া মানেই মহিলাসকলৰ প্ৰথম পচন্দ সোণৰ অলংকাৰ ক্ৰয় কৰা। মহিলাসকলে অনুষ্ঠানসমূহত সোণৰ গহণা পিন্ধি যথেষ্ঠ ভাল পায়। কিন্তু বিভিন্ন সময়ত অধিক মূল্যৰ বাবে সোণৰ গহণা ক্ৰয় কৰিব নোৱাৰে। আজিকালি বজাৰত আধুনিক ডিজাইনৰ সৈতে কম ওজনৰ গহনা উপলব্ধ, যাৰ দাম তুলনামূলকভাৱে কম।

ভাৰতত সোণৰ দাম ধাৰাবাহিকভাবে বৃদ্ধি পোৱাৰ সময়তে সোমবাৰৰ পৰা পূৰ্বৰ তুলনাতকৈ কিছু হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। আজি ভাৰতত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৫২৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২০৮ টকা। ইফালে ৰূপৰ মূল্য আজি প্ৰতি গ্ৰামত ৯৬.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকা হৈছে।

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, সোমবাৰে দেশত সোণৰ মূল্য ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ১৫ টকা, ২৪ কেৰেটত ১৭ টকা আৰু ১৮ কেৰেটত ১৩ টকা  হ্ৰাস হৈছিল। সেই অনুসাৰে সোমবাৰে দেশত প্ৰতিগ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,৫৪০ টকা, ২৪ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৮,২২৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৬,১৬৯ টকা হৈছিল। সোণৰ মূল্য হ্ৰাস-বৃদ্ধিৰ এই প্ৰভাৱ গুৱাহাটীৰ বজাৰতো দেখা গৈছে।

গুৱাহাটীত সোণ-ৰূপৰ মূল্য

আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৭,৫১০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,১৯৩ টকা হৈছে। সোমবাৰে গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭৫,৪০০ টকা আৰু ১০০ গ্ৰাম সোণৰ দৰ ৭,৫৪,০০০ টকা। একেদৰে ২৪ কেৰেট সোণ এক গ্ৰামৰ মূল্য ৮,২২৫ টকা আৰু ১০ গ্ৰামৰ দাম ৮২,২৫০ টকা হৈছিল।

ইফালে আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৬.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকা। সোমবাৰৰ দিনটোত ১ কিঃগ্ৰা ৰূপৰ দাম আছিল ১০৪ টকা।

দেশৰ ডাঙৰ চহৰত সোণৰ মূল্য

চহৰৰ নাম ২২ কেৰেট সোণৰ মূল্য ২৪ কেৰেট সোণৰ মূল্য
দিল্লী ৭৫,৫৪০ টকা ৮২,৩৯০ টকা
চেন্নাই ৭৫,৩৯০ টকা ৮২,২৮০ টকা
মুম্বাই ৭৫,৩৯০ টকা ৮২,২৮০ টকা
কলকাতা ৭৫,৫৫০ টকা ৮২,৪২০ টকা

ভাৰতত সোণৰ মূল্য কেনেকৈ নিৰ্ণয় কৰা হয়?

ভাৰতত সোণৰ মূল্য নিৰ্ধাৰণ কৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ, আমদানি শুল্ক, কৰ আৰু টকাৰ মূল্যৰ ওপৰত। বিয়া আৰু বিভিন্ন উত্‍সৱৰ সময়ত সোণৰ চাহিদা যথেষ্ঠ বৃদ্ধি পায়, যাৰ বাবে ইয়াৰ মূল্যতো প্ৰভাৱ পৰে।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...