Gold And Silver Price Today: ধনতেৰাচৰ পূৰ্বে হ্ৰাস পাব নেকি সোণৰ মূল্য? জানক গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ১০ অক্টোবৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold And Silver Price Today: ধনতেৰাচৰ পূৰ্বে হ্ৰাস পাব নেকি সোণৰ মূল্য? জানক গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য
Updated On: 

10 Oct 2025 | 10:06 AM

সোণ আৰু ৰূপৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কিছুদিন বাদ দি বাকী প্ৰতিদিনে নতুন নতুন অভিলেখ গঢ়িবলৈ ধৰিছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২২,৬২৯ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১,৫৯,৫৫০ টকালৈ বৃদ্ধি পাইছে। অল ইণ্ডিয়া চাৰাফা সংঘৰ তথ্য অনুসৰি দিল্লীত ৰূপৰ মূল্য ৬০০০ টকা বৃদ্ধি পাই প্ৰতি কিলোগ্ৰামত ১,৬৩,০০০ টকাৰ নতুন অভিলেখ সৃষ্টি কৰে।

এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ৰূপ মূল্য বৃদ্ধি দেখা গৈছে। ৬ অক্টোবৰত ৭৪০০ টকা বৃদ্ধি পাই ১,৫৭,৪০০ টকা প্ৰতি কিলোগ্ৰামত উপনীত হৈছিল। আনহাতে ২৪ কেৰেট আৰু ২৩ কেৰেটৰ বিশুদ্ধতাৰ সোণ সৰ্বকালৰ সৰ্বোচ্চ ৰূপত আছে ক্ৰমে ১,২৬,৬০০ টকা আৰু প্ৰতি ১০ গ্ৰামত (সকলো কৰকে ধৰি) ১,২৬,০০০ টকা। বিশ্বজুৰি স্পট গোল্ডৰ মূল্য সামান্য হ্ৰাস পাই প্ৰতি আউন্সত ৪,০৩৯.২৬ ডলাৰ হোৱাৰ বিপৰীতে ৰূপৰ মূল্য এক শতাংশতকৈ অধিক বৃদ্ধি পাই প্ৰতি আউন্সত ৪৯.৬৭ ডলাৰৰ উচ্চতম স্তৰত উপনীত হয়।

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি আজি পুৱা গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান হৈছে জানো আহক। ভাৰতত আজিৰ দিনত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১২,২২৯ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১১,২১০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৯,১৭২ টকা। আনহাতে ভাৰতত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১৭০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,৭০,০০০ টকা।

উল্লেখ্য যে, বিশেষজ্ঞসকলৰ মতে সোণৰ মূল্য দেৱালী আৰু ধনতেৰাচৰ পূৰ্বে হ্ৰাস পাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...