Gold Price Today: হোৰাহোৰে বাঢ়িছে সোণৰ মূল্য, ১ দিনত ৬ হাজাৰ টকা বৃদ্ধি!

Gold Price Hike: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। জুনৰ শেষৰ ফালে সামান্য হ্ৰাস পোৱাৰ পিছত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে সোণৰ মূল্য।

Gold Price Today: হোৰাহোৰে বাঢ়িছে সোণৰ মূল্য, ১ দিনত ৬ হাজাৰ টকা বৃদ্ধি!

হোৰাহোৰে বাঢ়িছে সোণৰ মূল্য

Published: 

12 Jul 2025 | 02:59 PM

ভাৰতৰ বজাৰত একেৰাহে বৃদ্ধি পাইছে সোণৰ মূল্য। ১২ জুলাইত পুনৰ সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। ২৪ কেৰেট সোণৰ মূল্য এতিয়া ১১৫০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৯৮,২০০ টকা হৈছে। আমেৰিকাত মুদ্ৰাস্ফীতিৰ হাৰ আশা কৰাতকৈ কম হোৱাৰ বাবে তাত সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই বিশ্বব্যাপী প্ৰভাৱ ভাৰতৰ সোণ-ৰূপৰ বজাৰতো দেখা গ’ল।

১২ জুলাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,০১৭ টকা হয়। অৱশ্যে দুদিন বৃদ্ধিৰ অন্তত বুলিয়নৰ বজাৰত সুস্থিৰ হৈ পৰিল ৰূপ। ১০ জুলাইত ১ কেজি ৰূপৰ মূল্য আছিল ১,০৯,২৩০ টকা, যিটো ১১ জুলাইত ১,১৩,২৫০ টকালৈ বৃদ্ধি পাইছিল।

বিশেষজ্ঞসকলে কয় যে, সোণৰ মূল্য কমিব। অৱশ্যে সোণে তেওঁলোকৰ কথা শুনিবলৈ অনিচ্ছুক। জুন মাহৰ শেষৰ ফালে কিছু হ্ৰাস পোৱাৰ পিছত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে সোণৰ মূল্য। ১১ জুলাইত সোণৰ মূল্য প্ৰায় ৬ হাজাৰ টকালৈ বৃদ্ধি পাইছিল।

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৯৭১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,১৪০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৪৭৯ টকা। ইফালে আজিৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য হৈছে প্ৰতি গ্ৰামত ১১৫ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকা।

যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে। গতিকে বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো বিনিয়োগৰ নথি-পত্ৰ ভালদৰে পঢ়ক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব