Nita Ambani: কি বিশেষত্ব আছে নীতা আম্বানীৰ ১০০ কোটিৰ গাড়ীত?

India's Most Expensive Car: নীতা আম্বানীৰ হাতত দেশী-বিদেশী গাড়ীৰ বৃহৎ সংগ্ৰহ আছে। ইয়াৰ ভিতৰত আটাইতকৈ দামী আৰু বিশেষ গাড়ীখন হৈছে অ’ডি এ৯ ক্যামেলিয়ন। ইয়াৰ কিমান মূল্য জানেনে?

Nita Ambani: কি বিশেষত্ব আছে নীতা আম্বানীৰ ১০০ কোটিৰ গাড়ীত?

কি বিশেষত্ব আছে নীতা আম্বানীৰ ১০০ কোটিৰ গাড়ীত?

Published: 

17 Aug 2025 14:35 PM

দেশৰ লগতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী। তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ১০৩.৫ বিলিয়ন ডলাৰ। অৱশ্যে তেওঁৰ পত্নী নীতা আম্বানীও কোনো গুণে কম নহয়। তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত, লগতে আইপিএলৰ মুম্বাই ইণ্ডিয়ানছৰ দলটোও পৰিচালনা কৰে। কিন্তু আপুনি জানেনে যে ক্ৰিকেটৰ সমান্তৰালকৈ গাড়ীও যথেষ্ঠ ভাল পায়। দেশৰ ভিতৰতে আটাইতকৈ দামী গাড়ী তেওঁৰ হাতত আছে। সেইখন কি গাড়ী আৰু ইয়াৰ মূল্য কিমান?

নীতা আম্বানীৰ বহু দেশী-বিদেশী গাড়ীৰ সংগ্ৰহ আছে। ইয়াৰ ভিতৰত আটাইতকৈ দামী আৰু বিশেষ গাড়ীখন হৈছে অ’ডি এ৯ ক্যামেলিয়ন। ইয়াৰ মূল্য জানি আপুনি আচৰিত হৈ পৰিব। প্ৰায় ১০০ কোটি টকীয়া এই গাড়ীখনৰ আছে বিশেষ বৈশিষ্ট্য। আন দামী গাড়ীৰ তুলনাত ই বহুত বেলেগ। পৃথিৱীৰ কম সংখ্যক লোকৰ হাতত এই গাড়ী আছে।

Audi A9 Chameleon বৈশিষ্ট্য-

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি এই গাড়ীখনৰ মূল বৈশিষ্ট্য হ’ল ইয়াৰ ৰং সলনি কৰিব পাৰে। শুনিবলৈ আচৰিত যেন লাগিলেও, কিন্তু এয়াই সঁচা। এটা বুটাম টিপিলেই গাড়ীৰ ৰং সলনি কৰিব পাৰি। সমগ্ৰ বিশ্বতে এই ভেৰিয়েন্টৰ মাত্ৰ ১১খন গাড়ীহে আছে।

কিন্তু কেৱল ৰং সলনি হোৱাই নহয়, গাড়ীখনৰ উইণ্ডস্ক্ৰীণ আৰু ছাদৰো আছে বৈশিষ্ট্য, যাৰ ফলত ইয়াক মহাকাশযানৰ দৰে ৰূপ দিয়া হৈছে। গাড়ীৰ দুৱাৰবোৰো বাকী গাড়ীৰ তুলনাত একেবাৰে পৃথক।

গাড়ীখনত আছে ৪ লিটাৰৰ V8 ইঞ্জিন, যাৰ ক্ষমতা ৬০০ হৰ্চপাৱাৰ। এই গাড়ীখনৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল ই মাত্ৰ সাড়ে তিনি ছেকেণ্ডতে প্ৰতি ঘণ্টাত ০ৰ পৰা ১০০ কিলোমিটাৰ গতিবেগ বৃদ্ধি কৰিব পাৰে। এই গাড়ীখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ।

অ’ডি এ৯ ক্যামেলিয়নৰ উপৰিও নীতা আম্বানীৰ হাতত আছে ৰ’লছ ৰয়েচ ফেণ্টম (Rolls-Royce Phantom VIII EWB), মাৰ্চিডিজ-মেব্যাক এছ৬০০ গাৰ্ড(Mercedes-Maybach S600 Guard), ফেৰাৰী ৮১২ ছুপাৰফাষ্ট, বেণ্টলি কন্টিনেণ্টেল ফ্লাইং স্পাৰ, ৰ’লছ ৰয়েচ কুলিনান আৰু বিএমডব্লিউ ৭ ছিৰিজ 760Li ।

যদিও এই গাড়ীখন প্ৰকৃততে কেতিয়াও নিৰ্মাণ কৰা হোৱা নাছিল বুলিও দাবী কৰা হৈছে। ই এখন কনচেপ্ট গাড়ী। স্পেনিছ ডিজাইনাৰ ডেনিয়েল গাৰ্চিয়াই ২০১০ চনৰ আশে-পাশে এই গাড়ীখনৰ ডিজাইন কৰিছিল।

UMANG এপৰ জৰিয়তে আপোনাৰ আধাৰক UAN ৰ সৈতে সহজে লিংক কৰক, কেনেকৈ কৰিব? জানক
এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক