খাদ্য, বিচনাৰ পৰা অত্যাধুনিক সুবিধালৈ, কি কি বিশেষত্ব আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত?

বন্দে ভাৰত ট্ৰেইনৰ বিভিন্ন বিশেষত্ব আছে। এইবাৰ চৰ্চাত আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। নিশাৰ যাত্ৰাৰ বাবে এই ট্ৰেইন এক ভাল বিকল্প। য'ত বহু উন্নতমানৰ সুবিধা থাকিব। সকলোৱে ইয়াক একেই সুবিধা লাভ কৰিব।

খাদ্য, বিচনাৰ পৰা অত্যাধুনিক সুবিধালৈ,  কি কি বিশেষত্ব আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত?

বন্দে ভাৰত

Published: 

12 Jan 2026 | 05:13 PM

বৰ্তমান সময়ত চৰ্চাত আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন (Vande Bharat Sleeper Train)। নতুন আৰু আধুনিক সা সুবিধাৰে নিৰ্মিত এই ৰে’লখন দীৰ্ঘ দূৰত্বৰ নিশাৰ যাত্ৰাৰ বাবে নিৰ্মাণ কৰা হৈছে।  এয়া বন্দে ভাৰত এক্সপ্ৰেছৰ শ্লীপাৰ ট্ৰেইন, য’ত যাত্ৰীয়ে অতি আৰামত শুই নিশা যাত্ৰা কৰিব পাৰিব। এই ট্ৰেইনত কেৱল এচি কোচহে থাকিব। য’ত পৰিষ্কাৰ বিচনা, চাৰ্জিং পইন্ট, লাইটিং, আধুনিক শৌচাগাৰৰ দৰে বিভিন্ন অত্যাধুনিক সুবিধা থাকিব।

যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে বন্দে ভাৰত শ্লীপাৰ ৰে’ল। ইয়াৰোপৰি এই ৰে’লখনত কোনো ভি আই পি (VIP)বা জৰুৰীকালীন কোটা নাথাকিব। যাৰ ফলত সকলো যাত্ৰীৰ বাবে সম সুযোগ আৰু সম্পূৰ্ণ ন্যায্য টিকট ব্যৱস্থা সুনিশ্চিত হ’ব। এই ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰতো কঠোৰ নিয়ম প্ৰযোজ্য কৰা হৈছে। এই ৰে’লৰ বাবে কেৱল কনফৰ্ম টিকটহে প্ৰদান কৰা হ’ব। যাৰ ফলত যাত্ৰীয়ে ৱেটিং লিষ্টৰ বাবে বাট চাব নালাগে। যাত্ৰীসকলৰ টিকট লাভৰ অৰ্থ এয়াই যে, টিকট নিশ্চত হৈছে আৰু সুন্দৰকৈ আৰামত যাত্ৰা কৰিব পাৰে।

 RAC টিকটৰ সুবিধা নাই

এই ৰে’লখনত নাথাকিব কোনো RAC টিকটৰ সুবিধা। অৰ্থাৎ আনৰ সৈতে আসন শ্বেয়াৰ কৰি আপুনি যাব নালাগে। প্ৰতিজন যাত্ৰীৰ বাবে সম্পূৰ্ণ বাৰ্থৰ ব্যৱস্থা কৰা হ’ব, যাৰ ফলত দীৰ্ঘ দূৰত্বৰ নিশাৰ যাত্ৰা আৰামদায়ক হ’ব। বন্দে ভাৰত শ্লীপাৰত দিয়া BED Roll  উন্নত পৰ্যায়ৰ। ইয়াত ভাল কম্বল, বিচনা চাদৰ দিয়া হ’ব। ইয়াৰোপৰি ৰে’লখনত ভাৰতীয় পৰিচয় দিবলৈ কৰ্মীসকলৰ সাজ-পোছাকত ভাৰতীয় সভ্যতা আৰু সংস্কৃতি প্ৰতিফলিত হ’ব।

নাই ভি আই পি পাছৰ ব্যৱস্থা

এই ৰে’লত নাথাকিব ভি আই পিৰ ব্যৱস্থা। সকলোৱে সাধাৰণ যাত্ৰীৰ দৰে যাত্ৰা কৰিব লাগিব। নিশাৰ আৰামদায়ক ভ্ৰমণৰ বাবে এয়া এক ভাল বিকল্প। এই ৰে’লখনে মূলতঃ দীৰ্ঘ দূৰত্বৰ পথত চলাচল কৰিব, যাৰ ফলত সময় ৰাহি হ’ব আৰু যাত্ৰা সহজ হ’ব। ৰে’লখনত যাত্ৰীসকলৰ বাবে ভাৰতীয় খাদ্যৰ ব্যৱস্থা কৰা হ’ব। এই ৰে’লত নাথাকে কোনো ঔপনিৱেশিক ব্যৱস্থা। সকলো যাত্ৰীক একেই সুবিধা তথা সন্মান প্ৰদান কৰা হ’ব। বন্দে ভাৰত ছিৰিজৰ এইখন প্ৰথম বন্দে ভাৰত ৰে’ল। বৰ্তমান কেৱল চেয়াৰ কাৰ বন্দে ভাৰত ৰে’ল চলি আছে।

 

অন্য খবৰ পঢ়কঃ কোনটো বেংকত ধন জমা ৰাখিলে সবাতোকৈ বেছি লাভ হ’ব? জানক সকলো…

বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
পুৱা খালী পেটতে খাওক পাকঘৰৰ এইবিধ মছলাৰ পানীয়, আপোনাৰ সুস্বাস্থ্যই শত্ৰুকো কৰিব আকৰ্ষণ
শীতকালত নিয়মিত খাওক এনে খাদ্যবস্তু; নাথাকে ৰক্তচাপ বৃদ্ধিৰ ভয়, থাকিব নিয়ন্ত্ৰণত
শীতকালত লিভাৰ সুস্থ ৰাখিবলৈ কি কি খাব? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ