প্ৰৱৰ্তন কৰা হৈছে কেতবোৰ নতুন নিয়ম ! এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন

ডিজিটেল যুগত প্ৰায় সংখ্যক লোকেই অনলাইন লেনদেনৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে শেহতীয়াকৈ UPI ৰ নিয়মত কেইবাটাও পৰিৱৰ্তন অনা হৈছে। আগষ্ট মাহৰ পৰা কাৰ্যকৰী হ’ব UPI ৰ কেতবোৰ নতুন নিয়ম।

প্ৰৱৰ্তন কৰা হৈছে কেতবোৰ নতুন নিয়ম ! এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন

প্ৰতীকী ফটো

Published: 

27 Jul 2025 | 03:09 PM

বৰ্তমান সময়ত কম সংখ্যক লোকেহে কৰে নগদ ধনৰ লেনদেন । আজিৰ ডিজিটেল যুগত প্ৰায় সংখ্যক লোকেই অনলাইন লেনদেনৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে শেহতীয়াকৈ UPI ৰ নিয়মত কেইবাটাও পৰিৱৰ্তন অনা হৈছে। আগষ্ট মাহৰ পৰা পৰিৱৰ্তন হ’ব UPI ৰ কেতবোৰ নিয়ম। যিসকল লোকে Google Pay, PhonePe, Paytm ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এই প্ৰতিবেদন অতি গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ নেচনেল পেমেণ্ট কৰ্পৰেশ্যনে অৱ ইণ্ডিয়াৰ তৰফৰ পৰা বেংকসমূহক এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে। কোৱা হৈছে যে, এতিয়াৰ পৰা গ্ৰাহকক প্ৰতিটো লেনদেনৰ পিছত UPI ৰ জৰিয়তে তেওঁলোকৰ একাউণ্টৰ বেলেঞ্চৰ বিষয়ে অৱগত কৰা হ’ব। সকলো UPI পেমেণ্ট এপত এই নিয়ম কাৰ্যকৰী হ’ব।

গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। বহু গ্ৰাহকে লেনদেনৰ পিছত বাৰে বাৰে বেলেঞ্চ চেক কৰে। ই চিষ্টেমত অভাৰলোড বা অত্যধিক চাপ সৃষ্টি কৰে। এই চাপ হ্ৰাস কৰাৰ বাবেই এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে। UPI য়ে অবিত্তীয় ইউপিআই সেৱাৰ বাবেও দৈনিক বেলেঞ্চ চেক আৰু লিংকড একাউণ্ট চেকৰ সীমা নিৰ্ধাৰণ কৰিছে।

UPI ত অটো পে লেনদেনৰ বাবেও এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ ইএমআই, বিভিন্ন বিল, অ’টিটি চাবস্ক্ৰিপচনৰ বাবে পেমেণ্ট দিনটোৰ নিৰ্দিষ্ট সময়ত কৰিব পাৰিব। কোনো ধৰণৰ ধন পৰিশোধ কৰা হৈছে নে নাই, সেয়াও কম সময়ৰ বাবে চেক কৰিব পাৰিব। লেনদেনৰ ষ্টেটাছ দিনটোত সৰ্বাধিক তিনিবাৰ চেক কৰিব পাৰিব। সেইটোও ৯০ ছেকেণ্ডৰ ব্যৱধানত। দিনটোত সৰ্বাধিক ৫০ বাৰকৈ UPI বেলেঞ্চ চেক কৰিব পাৰিব গ্ৰাহকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব