হ্ৰাস পাব ৰন্ধন গেছৰ দাম! ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰ…

এনে নহয় যে ৰাজসাহায্যৰ সুবিধা কেৱল কোম্পানীসমূহেহে লাভ কৰিব। একাংশই অনুমান কৰিছে যে যদি কেবিনেটে এই ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যত অনুমোদন দিয়ে তেন্তে গেছৰ মূল্য কমি যাব। যাৰ ফলত উপভোক্তাসকলো লাভৱান হ’ব।

হ্ৰাস পাব ৰন্ধন গেছৰ দাম! ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰ...

হ্ৰাস পাব নেকি ৰন্ধন গেছৰ দাম?

Published: 

10 Aug 2025 | 12:37 PM

ৰন্ধন গেছৰ ওপৰত বৃহৎ ৰাজসাহায্য ঘোষণা কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বিজনেছ টুডেত প্ৰকাশিত এক বাতৰি অনুসৰি মন্ত্ৰীসভাই তেল আৰু গেছ কোম্পানীসমূহৰ বাবে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণা কৰিব পাৰে। অৱশ্যে এই সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই। এই সন্দৰ্ভত আলোচনা চলি আছে। কিন্তু কেন্দ্ৰই কিয় বৃহৎ পৰিমাণৰ ৰাজসাহায্য দিয়াৰ কথা ভাবিছে?

জানিব পৰা মতে এই ৰাজসাহায্য মূলতঃ এল পি জিৰ মূল্যৰ ক্ষেত্ৰত দিয়া হ’ব। যাৰ জৰিয়তে তেল আৰু গেছ উৎপাদনকাৰী কোম্পানীসমূহে নিজৰ আৰ্থিক লোকচান কিছু পৰিমাণে হ্ৰাস কৰিব পাৰিব। সেই উদ্দেশ্য আগত ৰাখিয়ে আগবাঢ়ি আহিছে কেন্দ্ৰ। কিন্তু এনে নহয় যে ৰাজসাহায্যৰ সুবিধা কেৱল কোম্পানীসমূহেহে লাভ কৰিব। একাংশই অনুমান কৰিছে যে যদি কেবিনেটে এই ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যত অনুমোদন দিয়ে তেন্তে গেছৰ মূল্য কমি যাব। যাৰ ফলত উপভোক্তাসকলো লাভৱান হ’ব।

কিন্তু কেতিয়া কেন্দ্ৰই এই সন্দৰ্ভত সিদ্ধান্ত চূড়ান্ত কৰিব? নতুন দিল্লীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে দিনৰ ১ বজাত এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। অৱশ্যে সেই বৈঠকখন অনুষ্ঠিত হ’ল নে নাই? নে সভাত কি আলোচনা হৈছিল? এই সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য প্ৰকাশ পোৱা নাই।

মন কৰিবলগীয়া যে যোৱা কেইমাহমানৰ পৰা কেন্দ্রই ব্যৱসায়িক কামত ব্যৱহৃত ৰন্ধন গেছৰ মূল্য ধাপে ধাপে হ্ৰাস কৰি আহিছে। প্ৰায় ১০ দিন পূৰ্বে আগষ্টৰ প্ৰথম দিনটোত তেল আৰু গেছ মন্ত্ৰালয়ে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। ১ আগষ্টৰ পৰা এই নতুন মূল্য কাৰ্যকৰী হ’ব বুলি জনোৱা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...