আপুনি বিবাহিত নেকি? আয়কৰ সন্দৰ্ভত বাজেটে দিব ভাল খবৰ…
বিবাহিত দম্পতীয়ে আয়ৰ ওপৰত পৃথক পৃথক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰিৱৰ্তে একেলগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ইয়াক ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে পৃথকে পৃথকে কৰ দাখিল কৰে। অৰ্থাৎ ব্যক্তিগত কৰ।

প্ৰতীকি ফটো
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব। এই বাজেটৰ ওপৰত দেশবাসীৰ যথেষ্ট আশা আছে । বিশেষকৈ মধ্যবিত্তীয় কৰদাতাসকলে এই বিষয়টোৰ ওপৰত চকু ৰাখিছে। কিন্তু এইবাৰ বাজেটত আয়কৰ সন্দৰ্ভত কিবা বিশেষ আছে নেকি? ইয়াৰ মূলতে আছে ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা।
যৌথ কৰ কি?
বিবাহিত দম্পতীয়ে আয়ৰ ওপৰত পৃথক পৃথক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰিৱৰ্তে একেলগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ইয়াক ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে পৃথকে পৃথকে কৰ দাখিল কৰে। অৰ্থাৎ ব্যক্তিগত কৰ। সেইবাবেই এক দম্পতীৰ সম্পত্তিৰ হিচাপ একেলগে কৰাৰ কোনো ব্যৱস্থা নাই। কিন্তু নতুন প্ৰস্তাৱ কাৰ্যকৰী হ’লে সমগ্ৰ পৰিয়ালক এটা ইউনিট হিচাপে গণ্য কৰা হ’ব।
আচলতে ভাৰতৰ দৰে দেশত এতিয়াও বহু পৰিয়াল আছে য’ত এজন ব্যক্তিয়ে উপাৰ্জন কৰে। কিন্তু বৰ্তমানৰ নিয়ম অনুসৰি সমগ্ৰ কৰ বোজা সেইজন ব্যক্তিৰ ওপৰত পৰে। আনহাতে যিজনে উপাৰ্জন নকৰে তেওঁৰ মৌলিক কৰ ৰেহাইৰ সুবিধা ল’বলৈ একোৱে নাথাকে। ফলত পৰিয়ালটোৰ ওপৰত হেঁচা বাঢ়ি যায়। এতিয়া সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এই যৌথ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰি।
এই ব্যৱস্থাৰ লাভ কি?
যদিহে যৌথ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়, তেন্তে যিবোৰ পৰিয়ালত মাত্ৰ এজন উপাৰ্জনকাৰী থাকে, সেইবোৰ পৰিয়ালে সৰ্বাধিক লাভৱান হ’ব। দুয়োজনৰ আয় একেলগে ল’লে কৰমুক্ত আয়ৰ সীমাত বৃদ্ধি পাব। হোম লোন, স্বাস্থ্য বীমাকে ধৰি বিভিন্ন কৰ কৰ্তনৰ ব্যৱহাৰ যৌথভাৱে কৰিব পাৰি। ইয়াৰ ফলত বছৰি যথেষ্ট পৰিমাণৰ কৰ ৰাহি হ’ব পাৰে। উচ্চ আয়ৰ ক্ষেত্ৰতো ছাৰচাৰ্জৰ (Surcharge) চাপ হ্ৰাস কৰিব পাৰি।
আমেৰিকা, জাৰ্মানী, স্পেইন, পৰ্তুগাল আদি দেশত দীৰ্ঘদিন ধৰি যৌথ কৰ ৰিটাৰ্ণ ব্যৱস্থা আছে। তাত এটা পৰিয়ালক একক অৰ্থনৈতিক ইউনিট হিচাপে দেখা যায়। এতিয়া ভাৰতেও একে পথেই ল’ব নেকি সেয়া হ’ব লক্ষণীয়?