Donald Trump: প্ৰথমে ১৫০, তাৰ পিছত ২৫০ শতাংশ ! ট্ৰাম্পৰ এই সিদ্ধান্তই ৰোগীৰ জীৱনক আৰু জটিল কৰিব, ফল ভুগিব ভাৰতে…
ট্ৰাম্পে লগতে কয় যে, সকলো ঔষধ আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত ১৫০ শতাংশ, তাৰ পিছত ২৫০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। ট্ৰাম্পৰ এই সিদ্ধান্তই সাধাৰণ মানুহৰ ওপৰত কি প্ৰভাৱে পেলাব? কি প্ৰভাৱ পৰিব ভাৰতত ওপৰত?

ড’নাল্ড ট্ৰাম্প
ট্ৰাম্পৰ শুক্লৰ টাৰ্গেটত এইবাৰ ঔষধ। মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চিএনবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে ডাঙৰ মন্তব্য প্ৰকাশ কৰে। যিটো মন্তব্যই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। তেওঁ কয় যে, আমি এতিয়াৰ বাবে ঔষধৰ ওপৰত সৰু শুল্ক আৰোপ কৰিছো। কিন্তু এই সমীকৰণ এবছৰৰ পৰা ডেৰ বছৰৰ পিছত সলনি হ’ব।
ট্ৰাম্পে লগতে কয় যে, “সকলো ঔষধ আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত ১৫০ শতাংশ, তাৰ পিছত ২৫০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।” ট্ৰাম্পৰ এই সিদ্ধান্তই সাধাৰণ মানুহৰ ওপৰত কি প্ৰভাৱে পেলাব? কি প্ৰভাৱ পৰিব ভাৰতত ওপৰত? কোৱা হৈছে যে,ইয়াৰ ফলস্বৰূপে আমেৰিকাৰ নাগৰিক সৰ্বাধিক প্ৰভাৱিত হ’ব। দেশখনত চিকিৎসাৰ খৰচ আকাশলংঘী হৈছে। ইয়াৰ ভিতৰত ঔষধৰ অতিৰিক্ত শুল্কই ৰোগীৰ পৰিয়ালক বিপদত পেলোৱা সম্ভাৱনা আছে।
অৱশ্যে ট্ৰাম্পে যুক্তি দিছে যে,দেশত ঔষধ প্ৰস্তুতৰ নিৰ্মাণৰ পৰিমাণ বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে কেইবাটাও বিশ্বমানৰ ঔষধ কোম্পানীক আমেৰিকালৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ আদেশ পালন নকৰিলে জৰিমনা বিহিব বুলিও তেওঁ সকীয়াই দিছিল । হয়তো সেই সময় আহি পৰিছে। ইয়াৰ উপৰিও ট্ৰাম্পে অহা সপ্তাহত অৰ্ধপৰিবাহী আৰু চিপৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰা ট্ৰাম্পে নিজে দেশতে ঔষধ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিছে। তাৰ বাবে শুক্ল আৰোপৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিদেশৰ পৰা আমদানি বন্ধ কৰি ঔষধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমেৰিকাক আত্মনিৰ্ভৰশীল কৰাৰ ওপৰত গুৰুত্ব দিছে ট্ৰাম্পে।
যদিহে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এইবাৰ সঁচাকৈ ২৫০ শতাংশ পৰ্যন্ত শুল্ক বৃদ্ধি কৰে তেন্তে ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব। ভাৰতীয় ঔষধ আৰু আনুষংগিক সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকা দ্বিতীয় বৃহত্তম বজাৰ। ফলত হোৱাইট হাউছৰ সিদ্ধান্তই ভাৰতৰ বাণিজ্যত প্ৰভাৱ পেলাব।
এক পৰিসংখ্যা অনুসৰি যোৱা বিত্তীয় বৰ্ষত ভাৰতে ২৭ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ঔষধ বিশ্বলৈ ৰপ্তানি কৰিছিল। ইয়াৰে ৩১ শতাংশ আমেৰিকালৈ গৈছিল। যাৰ বজাৰ মূল্য সেই সময়ত আছিল ৮ বিলিয়ন মাৰ্কিন ডলাৰতকৈও অধিক।