১ ফেব্ৰুৱাৰীৰ পৰা নতুন নিয়ম! চিগাৰেট, পান মছলা ক্ৰয়ৰ নামত ভৰিব লাগিব অধিক ধন…

GST: আপুনিও পান মছলা, ধঁপাতজাতীয় সামগ্ৰী খাই নেকি? যদি খাই আছে এক বেয়া খবৰ। কিয়নো শীঘ্ৰেই এইবোৰ বস্তু ক্ৰয় কৰাৰ বাবে আপুনি ভৰিব লাগিব অধিক দাম। ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী নতুন নিয়ম।

১ ফেব্ৰুৱাৰীৰ পৰা নতুন নিয়ম! চিগাৰেট, পান মছলা ক্ৰয়ৰ নামত ভৰিব লাগিব অধিক ধন...

প্ৰতীকী ফটো

Updated On: 

01 Jan 2026 13:45 PM

আপুনিও ধঁপাতজাতীয় সামগ্ৰী খাই নেকি? তেন্তে আছে এক বেয়া খবৰ। ১ ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক (Excise Duty) আৰু পান মছলাত হেলছ চেছ (Health Cess) প্ৰযোজ্য হ’ব। যাৰ বাবে ইয়াৰ দাম বৃদ্ধি হ’ব। যোৱা ডিচেম্বৰ মাহতে এই সন্দৰ্ভত সংসদত অনুমোদন লাভ কৰিছিল। তাৰ পাছতে এতিয়া অতিৰিক্ত কৰ আৰোপ হ’ব যাৰ ফলত এইবোৰ বস্তু ক্ৰয় কৰাৰ ফলত অধিক দাম ভৰিব লাগিব।চৰকাৰৰ তথ্য অনুসৰি, ধঁপাত আৰু পান মছালাৰ ওপৰত আৰোপ হোৱা নতুন কৰ, জি এছ টি (GST) অতিৰিক্ত হ’ব।

অহা ১ ফেব্ৰুৱাৰীৰ পৰা পান মছলা, চিগাৰেট, ধঁপাত আৰু অনুৰূপ সামগ্ৰীৰ ওপৰত ৪০ শতাংশ হাৰত জি এছ টি (GST)আৰোপ কৰা হ’ব, আনহাতে বিড়িৰ ওপৰত ১৮ শতাংশ সামগ্ৰী আৰু সেৱা কৰ (GST) আৰোপ কৰা হ’ব। ইয়াৰ লগতে পান মছলাৰ ওপৰত স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চেছ (Health Cess) আৰোপ কৰা হ’ব, আনহাতে ধঁপাত আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰা হ’ব।

ডিচেম্বৰ মাহত অনুমোদন

যোৱা ডিচেম্বৰ মাহত সংসদত দুখনকৈ বিধেয়ক অনুমোদন লাভ কৰিছিল। য’ত পান মছলা নিৰ্মাণৰ ওপৰত নতুন স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষা চেছ আৰু ধঁপাতৰ ওপৰত আবকাৰী শুল্ক আৰোপ কৰাৰ অনুমতি দিয়া হৈছে। এই সন্দৰ্ভত বুধবাৰে চৰকাৰে কয় যে, ১ ফেব্ৰুৱাৰীৰ পৰা এইসমূহ কাৰ্যকৰী হ’ব। বিভিন্ন দৰত আৰোপ কৰা বৰ্তমানৰ জি এছ টি ১ ফেব্ৰুৱাৰীৰ পৰা নোহোৱা হ’ব।

জি এছ টি ক্ষতিপূৰণৰ চেছ নিৰ্মূল

এই পৰিৱৰ্তনৰ অধীনত ১ ফেব্ৰুৱাৰীৰ পৰা ধঁপাত আৰু পান মছলাৰ ওপৰত বৰ্তমানৰ জি এছ টি ক্ষতিপূৰণৰ চেছ বাতিল কৰা হ’ব। এই ক্ষতিপূৰণ চেছ মূল ৰূপত জি এছ টি কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্যত হোৱা ৰাজহৰ ক্ষতিপূৰণৰ বাবে আৰম্ভ কৰা হৈছিল। চেছ আৰু আবকাৰী শুল্কৰ সংযোজন কেন্দ্ৰীয় চৰকাৰে ধঁপাত আৰু পান মছলাৰ কৰ গাঁথনি পুনৰ সংশোধন কৰি আছে, একে সময়তে জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত সামগ্ৰীৰ ওপৰত গধুৰ কৰ আৰোপ কৰিছে। গতিকে এই পৰিৱৰ্তনে নিৰ্মাতা, গ্ৰাহক আদি সকলোকে প্ৰভাৱিত কৰিব।

কোম্পানী শ্বেয়াৰ হ্ৰাস

গোল্ড ফ্লেক নিৰ্মাতা তথা বজাৰৰ সৰ্ববৃহৎ চিগাৰেট নিৰ্মাতা কোম্পানী আইটিচিৰ শ্বেয়াৰ প্ৰায় ১০ শতাংশ হ্ৰাস পাইছে। এনে অৱস্থাত কোম্পানীটোৰ ষ্টকৰ মূল্য ৩৬৫ টকা হৈছে। অৰ্থাৎ প্ৰায় ১৮ মাহ পাছত কোম্পানীটোৰ ষ্টকে সৰ্বনিম্ন স্তৰত উপনীত বৈছে। আনহাতে মাৰ্লব’ৰ’ৰ বিতৰক গডফ্ৰে ফিলিপছ ইণ্ডিয়াৰ শ্বেয়াৰ ১৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যাৰ বাবে কোম্পানীটোৰ ষ্টক ২,৩৩৫ টকা পাইছ, যি বুধবাৰে ২,৭৬১.৫৫ টকা আছিল।

 

অন্য খবৰ পঢ়কঃ চিলিণ্ডাৰৰ পৰা বেংকলৈ, ১ জানুৱাৰীৰ পৰা সলনি এইসমূহ নিয়ম…

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?