আপোনাৰ কেনেকুৱা ধৰণৰ বিত্তীয় লেনদেনে CIBIL স্ক’ৰত প্ৰভাৱ পেলাব পাৰে? জানক…
যেতিয়াই আপুনি যিকোনো বেংক বা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলৈ যায় তেতিয়াই প্ৰথমে আপোনাৰ CIBIL নম্বৰ পৰীক্ষা কৰা হয়। যদি আপোনাৰ CIBIL স্ক’ৰ ঋণাত্মক হয় তেন্তে কোনো বেংকে আপোনাৰ ঋণৰ আবেদন অনুমোদন নকৰে।

CIBIL স্ক'ৰ
CIBIL স্ক’ৰে প্ৰতিজন লোকৰে আৰ্থিক অৱস্থাৰ বিষয়ে তথ্য প্ৰদান কৰে । যেতিয়াই আপুনি যিকোনো বেংক বা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলৈ যায় তেতিয়াই প্ৰথমে আপোনাৰ CIBIL নম্বৰ পৰীক্ষা কৰা হয়। যদি আপোনাৰ CIBIL স্ক’ৰ ঋণাত্মক হয় তেন্তে কোনো বেংকে আপোনাৰ ঋণৰ আবেদন অনুমোদন নকৰে। এনে পৰিস্থিতিত আপুনি বাহিৰৰ পৰা অধিক সুতৰ হাৰত ঋণ ল’বলগীয়া হ’ব পাৰে । ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত অধিক নেতিবাচক প্ৰভাৱ পৰিব পাৰে ।
CIBIL স্ক’ৰ কি আৰু ই কিয় গুৰুত্বপূৰ্ণ ?
CIBIL স্ক’ৰত তিনিটা সংখ্যা থাকে । এই তিনিটা সংখ্যাই আপোনাৰ ক্ৰেডিট ইতিহাসৰ সাৰাংশ দিয়ে । এজন লোকৰ CIBIL স্ক’ৰ ৩০০ৰ পৰা ৯০০ৰ ভিতৰত থাকে। ইয়াৰ উচ্চ নম্বৰে উন্নত ক্ৰেডিট যোগ্যতাক সূচায়। যদি আপোনাৰ CIBIL স্ক’ৰ ৩০০ হয় তেতিয়া হ’লে আপোনাৰ ঋণ লোৱাৰ যোগ্যতা একেবাৰে নাই বুলি ধৰিব ঋণদাতাসকলে । CIBIL স্ক’ৰ ঋণ প্ৰদান কৰা সময়ত ঋণদাতাসকলে পৰ্যালোচনা কৰে । যদি আপোনাৰ CIBIL স্ক’ৰ ৯০০ হয় তেন্তে আপোনাৰ ক্ৰেডিট যোগ্যতা অধিক আৰু আপুনি সহজে ঋণ লাভ কৰাত সফল হ’ব ।
এই CIBIL স্ক’ৰে ঋণদাতাসকলক আপোনাৰ ক্ৰেডিট যোগ্যতা মূল্যায়ন কৰাত সহায় কৰে । এটা ভাল CIBIL স্ক’ৰে আপোনাক ঋণ আৰু ক্ৰেডিট কাৰ্ডৰ বাবে দ্ৰুতভাৱে আৰু উন্নত হাৰত অনুমোদন লাভ কৰাত সহায় কৰিব পাৰে। উল্লেখ্য যে, ঋণদাতাসকলে উচ্চ ক্ৰেডিট স্ক’ৰ থকা লোকসকলক কম বিপদজনক বুলি ভাবে। ঋণদাতাসকলে এজন লোকৰ ঋণ লোৱা যোগ্যতা নিশ্চিত কৰিবলৈ CIBIL স্ক’ৰৰ সহায় লয় ।
ঋণ পৰিশোধ
যদি আপুনি ই-কমাৰ্চ চাইট বা আন যিকোনো ঠাইৰ পৰা ক্ৰেডিট কাৰ্ডৰ সহায়ত ইএমআইত যিকোনো সামগ্ৰী ক্ৰয় কৰে আৰু যদি আপুনি যিকোনো ইএমআই মিছ কৰে বা সময়মতে ইএমআই পৰিশোধ নকৰে তেন্তে আপোনাৰ ঋণ পৰিশোধৰ হিষ্ট্ৰিয়ে CIBIL স্ক’ৰত ঋণাত্মক প্ৰভাৱ পেলায় । একে সময়তে কেতিয়াবা ঋণ আগতীয়াকৈ পৰিশোধ কৰিলেও ঋণ পৰিশোধৰ হিষ্ট্ৰিত নেতিবাচক প্ৰভাৱ পৰে।
ক্ৰেডিট কাৰ্ডৰ লিমিট
বৰ্তমান সময়ত সকলোৰে হাতত ক্ৰেডিট কাৰ্ড আছে। এনে পৰিস্থিতিত CIBIL স্ক’ৰ পৰীক্ষা কৰাৰ সময়ত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰেচিঅ’ও পৰীক্ষা কৰা হয়। উদাহৰণস্বৰূপে, ধৰি লওক আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিট ১ লাখ টকা আৰু আপুনি ৩০ হাজাৰতকৈ অধিক টকা ব্যয় কৰিছে । তেতিয়া আপোনাৰ ক্ৰেডিট ৰেচিঅ’ বেয়া বুলি গণ্য কৰা হ’ব। বিশেষজ্ঞসকলৰ মতে ক্ৰেডিট কাৰ্ডৰ লিমিটৰ সৰ্বাধিক ৩০ শতাংশহে ব্যয় কৰিব লাগে।
ক্ৰেডিট মিছ ৰিপৰ্ট
ঋণ পৰিশোধৰ ওপৰত ‘ক্ৰেডিট মিছ ৰিপ’ৰ্ট’ প্ৰস্তুত কৰা হয় । ‘ক্ৰেডিট মিছ ৰিপ’ৰ্ট’ হৈছে এনে এখন নথি য’ত লিখা থাকে সময়মতে ঋণ পৰিশোধ কৰা নাই। এই প্ৰতিবেদন ক্ৰেডিট ব্যুৰোৱে প্ৰস্তুত কৰিব পাৰে । যদি আপোনাৰ ক্ৰেডিট মিছ ৰিপৰ্ট বেয়া হয় তেন্তে আপুনি তৎক্ষণাত বাকী থকা ঋণ সময়মতে পৰিশোধ কৰিব লাগে।