EPFO-এ কৰিলে ৫টা বৃহৎ পৰিৱৰ্তন, প্ৰভাৱ পৰিব আপোনাৰ সঞ্চয়ত…

কৰ্মচাৰীৰ সুবিধাৰ বাবে  কেইবাটাও পৰিৱৰ্তন কৰিছে EPFO-এ, যিয়ে আপোনাৰ সঞ্চয়ত প্ৰভাৱ পেলাব পাৰে। ২০২৫ চনত ঘটা এনে ৫টা পৰিৱৰ্তনৰ বিষয়ে জানো আহক।

EPFO-এ কৰিলে ৫টা বৃহৎ পৰিৱৰ্তন, প্ৰভাৱ পৰিব আপোনাৰ সঞ্চয়ত...

EPFO

Published: 

19 May 2025 13:03 PM

কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন (EPFO)-এ ২০২৫ চনত সদস্যসকলৰ বাবে বহু ডাঙৰ পৰিৱৰ্তন কৰিছে। যাৰ লক্ষ্য হৈছে প্ৰক্ৰিয়াসমূহ সহজ, ডিজিটেল আৰু স্বচ্ছ কৰি তোলা। এই পৰিৱৰ্তনসমূহ কেৱল কৰ্মচাৰীসকলৰ বাবেই সুবিধাৰ বাবেই নহয়,  তেওঁলোকৰ সঞ্চয় আৰু পেঞ্চন সম্পৰ্কীয় বিষয়তো প্ৰভাৱ পৰিব পাৰে। এই পাঁচটা ডাঙৰ পৰিৱৰ্তন বুজি চাও আহক।

প্ৰফাইল আপডেট সহজ

এতিয়া EPFOত গ্ৰাহকসকলে প্ৰফাইল আপডেট কৰাটো অতি সহজ হৈ পৰিছে। যদি আপোনাৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (UAN) আধাৰৰ সৈতে সংযুক্ত হয় তেন্তে কোনো নথি-পত্ৰ অবিহনে আপোনাৰ নাম, জন্ম তাৰিখ, লিংগ, জাতীয়তা, পিতৃ-মাতৃৰ নাম, বৈবাহিক অৱস্থা, পত্নীৰ নাম আৰু চাকৰি আৰম্ভ হোৱাৰ তাৰিখৰ দৰে সবিশেষ তথ্য অনলাইনত আপডেট কৰিব পাৰিব। কিন্তু ২০১৭ চনৰ ১ অক্টোবৰৰ আগতে যিসকলৰ UAN বনোৱা হৈছিল, তেওঁলোকে কিছুমান ক্ষেত্ৰত কোম্পানীটোৰ পৰা অনুমোদন ল’ব লাগিব। এই পৰিৱৰ্তনে কৰ্মচাৰীসকলক সময় আৰু কষ্ট ৰাহি কৰাত সহায় কৰিব।

PF স্থানান্তৰ প্ৰক্ৰিয়া দ্ৰুত হৈ পৰিল

পূৰ্বে চাকৰি সলনি কৰাৰ সময়ত PF বদলি কৰাটো এটা জটিল আৰু সময়সাপেক্ষ প্ৰক্ৰিয়া আছিল যাৰ বাবে কোম্পানীটোৰ অনুমোদনৰ প্ৰয়োজন হৈছিল। কিন্তু ২০২৫ চনৰ ১৫ জানুৱাৰীৰ পৰা ইপিএফঅ’ই ইয়াক সহজ কৰি তুলিছে। এতিয়া বেছিভাগ ক্ষেত্ৰতে পুৰণি বা নতুন কোম্পানীটোৰ অনুমোদনৰ প্ৰয়োজন নহ’ব। যদি আপোনাৰ ইউএএন আধাৰৰ সৈতে সংযুক্ত হৈ আছে আৰু সবিশেষ (নাম, জন্ম তাৰিখ, লিংগ) মিল খায়, তেন্তে পিএফ ট্ৰেন্সফাৰ দ্ৰুত হ’ব। ইয়াৰ ফলত আপোনাৰ সঞ্চয়ৰ পৰিচালনা আৰু ধাৰাবাহিকতা নিশ্চিত হ’ব।

কেন্দ্ৰীভূত পেঞ্চন পেমেন্ট ব্যৱস্থা (CPPS)

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ইপিএফঅ’ই কেন্দ্ৰীভূত পেঞ্চন পেমেণ্ট ব্যৱস্থা আৰম্ভ কৰিছে। এতিয়া NPCI প্লেটফৰ্মৰ জৰিয়তে যিকোনো বেংক একাউণ্টলৈ পোনপটীয়াকৈ পেঞ্চন প্ৰেৰণ কৰা হ’ব। ইয়াৰ পূৰ্বে পেঞ্চন পৰিশোধৰ বাবে পেঞ্চন পেমেণ্ট অৰ্ডাৰ (PPO) এটা আঞ্চলিক কাৰ্যালয়ৰ পৰা আন এটা কাৰ্যালয়লৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল, যাৰ বাবে পলম হৈছিল। এতিয়া এই প্ৰক্ৰিয়া শেষ। লগতে নতুন PPOক UANৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক হ’ব যাতে পেঞ্চনাৰসকলে সহজে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিব পাৰে।

অধিক দৰমহাত পেঞ্চনৰ বাবে স্পষ্ট নিয়ম

যিসকল কৰ্মচাৰীয়ে নিজৰ অধিক দৰমহাৰ ভিত্তিত পেঞ্চন ল’ব বিচাৰে তেওঁলোকৰ পেঞ্চনৰ নিয়ম স্পষ্ট কৰিছে EPFO-S। এতিয়া সকলোৰে বাবে একে প্ৰক্ৰিয়া মানি চলা হ’ব। যদি কৰ্মচাৰীজনৰ দৰমহা নিৰ্ধাৰিত সীমাতকৈ অধিক হয় আৰু তেওঁ অতিৰিক্ত বৰঙণি আগবঢ়ায় তেন্তে তেওঁ অধিক দৰমহাত পেঞ্চন লাভ কৰিব পাৰে। ব্যক্তিগত ট্ৰাষ্ট চলোৱা কোম্পানীসমূহেও ইপিএফঅ’ৰ নিয়ম মানি চলিব লাগিব। এই নিয়মে পেঞ্চনৰ পৰিমাণ বৃদ্ধিত সহায় কৰিব।

যৌথ ঘোষণা প্ৰক্ৰিয়া সৰল কৰা হৈছে

২০২৫ চনৰ ১৬ জানুৱাৰীত ইপিএফঅ’ই যৌথ ঘোষণা (JD)ৰ প্ৰক্ৰিয়া সৰল কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰে। এতিয়া ভুল বা অসম্পূৰ্ণ তথ্য শুধৰোৱাটো সহজ হৈ পৰিব, যাৰ ফলত দাবী প্ৰক্ৰিয়া দ্ৰুত আৰু স্বচ্ছ হ’ব। এই পৰিৱৰ্তনে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ইপিএফঅ’ সেৱাৰ অধিক উন্নতি সাধন কৰিব।

বিলাহীত মিহলোৱা আছে নেকি কোনো ৰাসায়নিক পদাৰ্থ! কিদৰে কৰিব চিনাক্ত, চাওক…
বৰ্তমান বজাৰত উভৈনদী কাজিনেমু, গৰম দিনত ইয়াৰ ৰস কিয় খাব লাগে ? জানেনে
আপোনাৰ চুলি দ্ৰুতগতিত সৰিছে নেকি ? কি ভিটামিনৰ অভাৱত এই সমস্যা হয়? জানক
প্ৰীতি জিণ্টাৰ এটা ভুল পঞ্জাৱ কিংছৰ বাবে হ’ল আশীৰ্বাদ, লাভ কৰিছে সুফল….