SBI ৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ, প্ৰতিদিনে হ’ব Net Banking ৰ সমস্যা! দিলে এই নিৰ্দেশনা

দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক এছ বি আইৰ গ্ৰাহকসকলৰ বাবে নিৰ্দেশ জাৰি কৰিছে। প্ৰতিদিনে কিছু সময়ৰ বাবে নেট বেংকিং ব্যাহত হ’ব পাৰে বুলি উল্লেখ কৰে।

SBI ৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ, প্ৰতিদিনে হব Net Banking ৰ সমস্যা! দিলে এই নিৰ্দেশনা

SBI ৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ!

Updated On: 

24 Jun 2025 | 08:10 PM

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহক সকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। য’ত কোৱা হৈছে যে, বেংকিং সুবিধা প্ৰতিদিনে ২৪ ঘণ্টাৰ ভিতৰত কিছু সময়ৰ বাবে ব্যাহত হ’ব পাৰে। যদি আপুনিও ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক, তেন্তে আপুনি এই বিষয়ে জনাটো দৰকাৰ। গতিকে জানক কেতিয়া ব্যাহত হ’ব নেট বেংকিং?

কেতিয়া হ’ব?

দৈনিক পুৱা ৪:৪৫ বজাৰ পৰা ৫:৪৫ বজাৰ ভিতৰত যিকোনো সময়তে সেৱা ব্যাহত হ’ব পাৰে বুলি SBI য়ে জনাইছে। এই সমস্যা ৩ৰ পৰা ৪ মিনিটৰ বাবে নেট বেংকিং ব্যৱহাৰ কৰা গ্ৰাহকে অনুভৱ কৰিব। ইয়াৰ সমান্তৰালকৈ এছ বি আইয়ে কয় যে ৩ৰ পৰা ৪ মিনিটৰ পাছত নেট বেংকিং আগৰ দৰে সুকলমে কাম কৰিব।

এছ বি আইৰ ৱেবছাইটত কি লিখিছে?

SBI ৰ ৱেবছাইটত লিখিছে, ‘প্ৰিয় গ্ৰাহক, আমাৰ দৈনিক maintenance ৰ কামৰ বাবে প্ৰতিদিনে পুৱা ৪:৪৫ বজাৰ পৰা ৫:৪৫ বজাৰ ভিতৰত ৩ৰ পৰা ৪ মিনিটৰ বাবে নেট বেংকিং সেৱাত সামান্য ব্যাঘাত জন্মিব পাৰে। ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ।’ এছ বি আইৰ দৰে আন বৃহৎ বেংকসমূহেও সময়ে সময়ে কাৰিকৰী উন্নতি সাধন কৰি ব্যৱস্থাটো আপডেট কৰি সুৰক্ষা বৃদ্ধি কৰে। এই আপডেটসমূহ অফ-পিক সময়ত (কম লেনদেনৰ সময়ত) কৰা হয় যাতে গ্ৰাহকে কম অসুবিধাৰ সন্মুখীন হয় আৰু গোটেই দিনটো স্বাভাৱিক হৈ থাকে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...