বন্ধ হ’বলৈ গৈ আছে TCS ৰ কাৰ্যালয় ! অনিশ্চিয়তাৰ দিশে কৰ্মচাৰীৰ ভৱিষ্যত…
জানিব পৰা মতে, চলিত বৰ্ষৰ জুন মাহৰ পৰা ভূপালৰ কাৰ্যালয়ত কাম বন্ধ হৈ আছে। ইতিমধ্যে কার্যালয়ৰ সা-সামগ্রী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে ৷

বন্ধ হ'ব TCS ৰ কাৰ্যালয় !
ৰতন টাটাৰ মৃত্যুৰ পাছত এতিয়া বন্ধ হ’বলৈ গৈ আছে কাৰ্যালয়। এবছৰৰ পূৰ্বে দেহাৱসান ঘটিছিল ৰতন টাটাৰ। এতিয়া তেওঁৰ টাটা ‘সাম্ৰাজ্য’ৰ এটা কাৰ্যালয় বন্ধ হ’বলৈ গৈ আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি টাটা কনছালটেন্সি চাৰ্ভিচেছ (TCS)ৰ মধ্যপ্ৰদেশৰ ভূপালত থকা শাখা বন্ধ কৰিবলৈ গৈ আছে। ১৩ বছৰৰ পাছত বন্ধ হ’ব এই কাৰ্যালয়টো। যাৰ ফলত প্ৰায় এহেজাৰ কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিয়তাৰ দিশে গতি কৰিব। এই সিদ্ধান্তৰ ফলত কৰ্মচাৰীয়ে চাকৰি হেৰুৱাৰ লগতে কাৰ্যালয় বন্ধ হ’লে ৰাজ্যৰ ৰাজহ সংগ্ৰহতো আঘাত হানিব।
জানিব পৰা মতে, চলিত বৰ্ষৰ জুন মাহৰ পৰা ভূপালৰ কাৰ্যালয়ত কাম বন্ধ হৈ আছে। ইতিমধ্যে কার্যালয়ৰ সা-সামগ্রী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে ৷ কৰ্মচাৰীসকলে মধ্য প্ৰদেশৰ বিত্তমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী জগদীশ দেওৰাক সাক্ষাৎ কৰাৰ পিছতে এই বিষয়টো পোহৰলৈ আহে। TCS ৰ ভূপাল শাখা বন্ধ হ’লে ইয়াৰ প্ৰভাৱ পৰিব মহানগৰীৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনত। TCS য়ে এই শাখাৰ পৰা বছৰি প্ৰায় ৫০০ কোটি টকাৰ ব্যৱসায় কৰে। এই শাখাটো বন্ধ হ’লে প্ৰায় ১০০০ কৰ্মচাৰীৰ চাকৰি বিপদত পৰিব। সেয়ে ৰাজ্য চৰকাৰে শাখাটো খোলা ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও খবৰ প্ৰকাশ পাইছে।
মধ্যপ্ৰদেশত কিয় বন্ধ কৰিছে টিচিএছৰ কাৰ্যালয়?
TCSৰ ভূপাল শাখা বন্ধ কৰাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে কৰ্মচাৰীসকলক আন এটা শাখালৈ পঠোৱাৰ কথা অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্মচাৰীসকলে। জানিব পৰা মতে মধ্যপ্ৰদেশৰ বিত্তমন্ত্ৰী জগদীশ দেওৰাই TCSৰ CEO কে কৃতিবাসনলৈ এখন পত্ৰ লিখিছে। তেওঁ তাত লিখিছে যে, ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত TCS য়ে ভূপাল শাখা বন্ধ কৰাৰ কথা জানিব পাৰিছে। চিঠিখনত তেওঁ লিখিছে যে, ৰাজ্য চৰকাৰে বিচাৰে টিচিএছৰ ভূপাল শাখাটো খোলা ৰাখিব লাগে। যেনেকৈ আহমেদাবাদ, পাটনা, লক্ষ্ণৌ, ভুৱনেশ্বৰ আৰু কোচিত তেওঁলোকৰ শাখা খোলা ৰাখিছে। তেওঁ কয় যে, টিচিএছৰ এই শাখাটো বন্ধ হ’লে ৰাজ্যৰ ৰাজহত কোটি কোটি টকাৰ ক্ষতি হ’ব৷ আৰু হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱাব পাৰে।
মধ্যপ্ৰদেশৰ কি ক্ষতি হ’ব পাৰে?
যদিহে ভূপালত থকা টিচিএছৰ কাৰ্যালয় বন্ধ হয় তেন্তে ইয়াৰ প্ৰভাৱ কেৱল চাকৰিৰ ক্ষেত্ৰতেই নহয়। ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতিতো প্ৰভাৱ পৰিব। মধ্যপ্ৰদেশৰ উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত টিচিএছৰ কাৰ্যালয়ৰ যথেষ্ট প্ৰভাৱ আছে। টিচিএছৰ ৫০০ কোটি টকাৰ ব্যৱসায়ে ৰাজ্য চৰকাৰৰ তহবিললৈ বৃহৎ ৰাজহ কঢ়িয়াই আনে। ভূপালৰ কাৰ্যালয়ত প্ৰায় ১০০০ কৰ্মচাৰীয়ে কাম কৰে। কাৰ্যালয় বন্ধ হ’লে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত অনিশ্চিয়তাই দেখা দিব। যদি TCS য়ে এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে বন্ধ কৰে তেন্তে এই কৰ্মচাৰীসকলে নতুন চাকৰি বিচাৰিব লাগিব। ইয়াৰ ফলত অৰ্থনৈতিক সংকটৰ সৃষ্টি হ’ব পাৰে।