TCS Layoff: ১২ হাজাৰ কৰ্মচাৰীক ছাটাই কৰিব TCS য়ে, কোনসকলে হেৰুৱাব চাকৰি ?

এই খবৰে তোলপাৰ লগাইছে সমগ্ৰ দেশত। খবৰ অনুসৰি, দেশৰ অন্যতম বৃহৎ তথ্য প্ৰযুক্তি কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছে(TCS) বৃহৎ সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিবলৈ ওলাইছে।

TCS Layoff: ১২ হাজাৰ কৰ্মচাৰীক ছাটাই কৰিব TCS য়ে, কোনসকলে হেৰুৱাব চাকৰি ?

কৰ্মচাৰী ছাটাই কৰিব টাটা কনছালটেন্সি চাৰ্ভিচেছে

Updated On: 

28 Jul 2025 | 12:18 PM

চাকৰি হেৰুৱাবলৈ গৈ আছে কৰ্পাৰেট খণ্ডত কৰ্মৰত কেইবাহাজাৰ কৰ্মচাৰীয়ে! ইতিমধ্যে এই খবৰে তোলপাৰ লগাইছে সমগ্ৰ দেশত। খবৰ অনুসৰি, দেশৰ অন্যতম বৃহৎ তথ্য প্ৰযুক্তি কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছে(TCS) বৃহৎ সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিবলৈ ওলাইছে। চলিত বিত্তীয় বৰ্ষত প্ৰায় ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব বুলি জনাইছে কোম্পানীটোৱে।

কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান আৰম্ভ হোৱাৰ পৰাই এইবাৰ সাধাৰণ মানুহে চাকৰি হেৰুৱাব বুলি আশংকা সৃষ্টি হৈছিল। এনে একাধিক খবৰ প্ৰকাশ পাইছে। এইবাৰ এআই আগ্ৰাসনত আক্ৰান্ত TCS কৰ্মচাৰীসকল। টিচিএছে জনাইছে যে, তেওঁলোকৰ কোম্পানীটোত কৰ্মৰত ২ শতাংশক কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰাৰ বাবে পৰিকল্পনা কৰিছে।

জুন মাহৰ পৰিসংখ্যা অনুসৰি, বিশ্বজুৰি টিচিএছত প্ৰায় ৬ লাখ ১৩ হাজাৰ কৰ্মচাৰী নিযুক্ত হৈ আছে। ইয়াৰ ২ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব, অৰ্থাৎ ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি। সূত্ৰ অনুসৰি, কনিষ্ঠ কৰ্মচাৰী নহয়, মূলতঃ মধ্যম আৰু জ্যেষ্ঠ পৰ্যায়ৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব।

কোম্পানীটোৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। বিভিন্ন স্তৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হৈছে। সেইবাবেই কৰ্মচাৰীৰ প্ৰয়োজনীয়তা হ্ৰাস পাবলৈ ধৰিছে। যদিও টাটা কনচালটেন্সি চাৰ্ভিচেছৰ চিইঅ’ কে কৃতিবাসনে এআইক সম্পূৰ্ণৰূপে দোষ দিব বিচৰা নাই, তেওঁ কয় যে, কৰ্মচাৰীসকলক ক্ৰমান্বয়ে চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব । যিসকলক চাকৰিৰ পৰা ছাটাই কৰা হ’ব তেওঁলোককো অন্য ঠাইত কৰ্মসংস্থাপন বিচাৰিবলৈ পৰ্যাপ্ত সুযোগ প্ৰদান কৰা হ’ব। HR নীতি অনুসৰণ কৰি এই কাম কৰা হ’ব বুলিও তেওঁ কয়।

যিসকল কৰ্মচাৰীয়ে কোম্পানী এৰি যাবলৈ বাধ্য হ’ব তেওঁলোকক উপযুক্ত সহায় আগবঢ়োৱা হ’ব। এই কৰ্মচাৰীসকলক বিভিন্ন কোম্পানীত আবেদন কৰাৰ সুযোগ দিয়া হ’ব। তেওঁলোকৰ বীমা কভাৰো যিমান পাৰি বৃদ্ধি কৰা হ’ব। প্ৰয়োজন হ’লে কাউন্সেলিঙৰ ব্যৱস্থা কৰা হ’ব।

লগতে পঢ়ক: ২০০০ টকাতকৈ অধিক UPI লেনদেনত GST দিব লাগিব নেকি? সংসদত কেন্দ্ৰৰ উত্তৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব