Tata Semiconductor: ছেমিকণ্ডাক্টৰ প্ৰকল্পকলৈ বিশ্বৰ দুটা বৃহৎ কোম্পানীৰে আলোচনা টাটাৰ

টাটা ইলেক্ট্ৰনিকছে গুজৰাট আৰু অসমত তেওঁলোকৰ নতুন ছেমিকণ্ডাক্টৰ হাবসমূহৰ বাবে এক শক্তিশালী যোগান শৃংখল গঢ়ি তোলাৰ বাবে আলোচনা আৰম্ভ কৰিছে। আৰু এই যোগান শৃংখলৰ বাবে প্ৰস্তুত কৰা তালিকাত বিশ্বৰ কিছুমান শীৰ্ষ কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে।

Tata Semiconductor: ছেমিকণ্ডাক্টৰ প্ৰকল্পকলৈ বিশ্বৰ দুটা বৃহৎ কোম্পানীৰে আলোচনা টাটাৰ
Published: 

27 Sep 2025 | 01:07 PM

ভাৰতত ছেমিকণ্ডাক্টৰ ইকোচিষ্টেম তৈয়াৰ কৰাৰ বাবে খোজ দিছে টাটা ইলেক্ট্ৰনিকছে। টাটা ইলেক্ট্ৰনিকছে গুজৰাট আৰু অসমত তেওঁলোকৰ নতুন ছেমিকণ্ডাক্টৰ হাবসমূহৰ বাবে এক শক্তিশালী যোগান শৃংখল গঢ়ি তোলাৰ বাবে আলোচনা আৰম্ভ কৰিছে। আৰু এই যোগান শৃংখলৰ বাবে প্ৰস্তুত কৰা তালিকাত বিশ্বৰ কিছুমান শীৰ্ষ কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ASML আৰু JT Corp উল্লেখযোগ্য।

আচলতে টাটাৰ লক্ষ্য কেৱল ছেমিকণ্ডাক্টৰ হাব সৃষ্টি কৰাই নহয়, বৰঞ্চ দেশত চিপ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় সকলো উপাদান বা প্ৰযুক্তি ভাৰততে প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিছে। আৰু ইয়াৰ বাবে টাটাই এই কোম্পানীসমূহৰ সৈতে হাত মিলাইছে।

উল্লেখ্য যে, ASML য়ে চিপ প্ৰস্তুত কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লিথ’গ্ৰাফী মেচিন নিৰ্মাণ কৰে। আৰু টাটাই এতিয়াৰ বাবে তেওঁলোকৰ পৰা সেই প্ৰযুক্তিৰ মেচিন ক্ৰয় কৰিব।

JT Corp নামৰ কোম্পানীৰ ‘বাৰ্ন-ইন ছৰ্টিং চিষ্টেম’ চিপৰ গুণগত পৰীক্ষণৰ বাবে অতি প্ৰয়োজনীয়। ফলত এই প্ৰযুক্তিয়ে আৰম্ভণিতে বেয়া চিপ আঁতৰোৱাত সহায় কৰে।

গুজৰাট আৰু অসমত টাটাই নিজৰ ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ কাম চলাই আছে। কিন্তু ইয়াৰ সম্পূৰ্ণ ইকোচিষ্টেম সৃষ্টি কৰিবলৈ অসংখ্য সৰু আৰু মজলীয়া সহযোগী সংস্থাৰ প্ৰয়োজন। উদ্যোগৰ সূত্ৰই জনোৱা মতে, দেশত দক্ষ শ্ৰমিকৰ অভাৱ নাই। ফলত এই সকলো ঠাইতে সহযোগী সংস্থাই কাম কৰিব পাৰিব।

অৱশ্যে টাটাৰ এই পদক্ষেপে বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত এক নতুন অধ্যায় আৰম্ভ কৰিছে। ইয়াৰ ফলত ভৱিষ্যতে ভাৰতে কিমান দূৰ আগুৱাব পাৰে সেয়া হ’ব লক্ষ্যণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...