Share Market Crashes After Budget 2024: বাজেট দাখিলৰ পাছতে শ্বেয়াৰ বজাৰত পতন! ১২০০ পইণ্ট হ্ৰাস পালে ছেনছেক্স, বিনিয়োগকাৰীয়ে হেৰুৱালে ১০ লাখ কোটি

Share Market Crashes : বম্বে ষ্টক এক্সচেঞ্জৰ ফ্লেগশ্বিপ ইণ্ডেক্স ছেনছেক্স প্ৰায় ১২০০ পইণ্ট হ্ৰাস হৈ ৭৯২২৪.৩২ পইণ্টলৈ নামি আহিছে। ৮০,৭২৪.৩০ পইণ্টত মুকলি হৈছিল ছেনছেক্স । আনহাতে নিফটীতো প্ৰায় এক শতাংশ হ্ৰাস দেখা গৈছে। নিফটী ২৩২.৬৫ পইণ্ট হ্ৰাস পাইছিল আৰু ২৪,২৭৬.৬০ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।

Share Market Crashes After Budget 2024: বাজেট দাখিলৰ পাছতে শ্বেয়াৰ বজাৰত পতন! ১২০০ পইণ্ট হ্ৰাস পালে ছেনছেক্স, বিনিয়োগকাৰীয়ে হেৰুৱালে ১০  লাখ কোটি

বাজেট দাখিলৰ পাছতে শ্বেয়াৰ বজাৰত পতন

Updated On: 

23 Jul 2024 | 01:32 PM

সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিলৰ পাছত শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছে। ছেনছেক্স ডেৰ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। আনহাতে ব্যৱসায়িক সময়ত নিফটী ১ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি থকা দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে, শ্বেয়াৰ বজাৰত আৰু অধিক হ্ৰাস হ’ব পাৰে। দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ ২ শতাংশতকৈও অধিক হ্ৰাস পাইছে। আনহাতে, এছ.বি.আই’ৰ শ্বেয়াৰ প্ৰায় দুই শতাংশ হ্ৰাস পাইছে আৰু এল এণ্ড টিৰ অংশ ৪ শতাংশতকৈ অধিক হ্ৰাস পাইছে।

বাজেট দাখিলৰ পাছত শ্বেয়াৰ বজাৰৰ দুয়োটা মুখ্য সূচক ছেনছেক্স আৰু নিফটিত এক ডাঙৰ হ্ৰাস দেখা গৈছিল। বম্বে ষ্টক এক্সচেঞ্জৰ ফ্লেগশ্বিপ ইণ্ডেক্স ছেনছেক্স প্ৰায় ১২০০ পইণ্ট হ্ৰাস হৈ ৭৯২২৪.৩২ পইণ্টলৈ নামি আহিছে।৮০,৭২৪.৩০ পইণ্টত মুকলি হৈছিল ছেনছেক্স । আনহাতে নিফটীতো প্ৰায় এক শতাংশ হ্ৰাস দেখা গৈছে। নিফটী ২৩২.৬৫ পইণ্ট হ্ৰাস পাইছিল আৰু ২৪,২৭৬.৬০ পইণ্টত ব্যৱসায় কৰা গৈছে। নিফটী ২৪,৫৬৮.৯০ পইণ্টত মুকলি হৈছিল।

বম্বে ষ্টক এক্সচেঞ্জত দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ প্ৰায় দুই শতাংশ হ্ৰাস পাইছে। যাৰ বাবে কোম্পানীটোৰ শ্বেয়াৰৰ দাম ২৯২৭.১০ টকাত উপনীত হৈছিল। আনহাতে, এল এণ্ড টিৰ ষ্টক ৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। অ’এনজিচি আৰু শ্ৰীৰাম ফাইনেন্সৰ শ্বেয়াৰ ৩ শতাংশতকৈও অধিক হ্ৰাস পাইছে। হিণ্ডালকো আৰু বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ২.৫০ শতাংশতকৈও অধিক হ্ৰাস পাইছে।

শ্বেয়াৰ বজাৰত এই হ্ৰাসৰ ফলত বিনিয়োগকাৰীসকলে কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ১০ লাখ কোটি টকা হেৰুৱাইছে। বিনিয়োগকাৰীসকলৰ লোকচান আৰু লাভ বিএছইৰ বজাৰ কেপৰ সৈতে সম্পৰ্কিত। বি.এছ.ই.-ৰ বজাৰ মূলধন এদিন আগতে ৪,৪৮,৩২,২২৭.৫০ কোটি টকা আছিল। যি ব্যৱসায়িক সময়ত ৪,৩৮,৩৬,৫৪০.৩২ কোটি টকালৈ হ্ৰাস পাইছিল। ইয়াৰ অৰ্থ হৈছে বিনিয়োগকাৰীসকলে প্ৰায় ১০ লাখ কোটি টকা হেৰুৱাইছে। বৰ্তমান বি.এছ.ই.-ৰ বজাৰ কেপ ৪,৪৩,২৮,৯০২.৬৩ কোটি টকা দেখা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...