ক্ষুদ্ৰ বিনিয়োগ কৰি সহজতে হৈ পৰক কোটিপতি, ব্যৱহাৰ কৰক এই সূত্ৰ

এনে নহয় যে আপুনি বৃহৎ পৰিমাণৰ ধন বিনিয়োগে কৰিব লাগিব। কম ধন বিনিয়োগেও আপোনাক দীৰ্ঘম্যাদী সময়ত লাখপতি বা কোটিপতি বনাব পাৰে। ইয়াৰ বাবে, ইকুইটি মিউচুৱেল ফাণ্ডৰ প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা অতি কাৰ্যকৰী হিচাপে প্ৰমাণিত হৈছে।

ক্ষুদ্ৰ বিনিয়োগ কৰি সহজতে হৈ পৰক কোটিপতি, ব্যৱহাৰ কৰক এই সূত্ৰ

আপোনাৰ ঘৰৰ ‘লক্ষ্মী’ৰ বাবে আৰম্ভ কৰক এই বিনিয়োগ

Updated On: 

30 Nov 2024 16:35 PM

কেৱল বৃহৎ পৰিমাণৰ ধন নহয়, ক্ষুদ্ৰ সঞ্চয় কৰি, আপুনি দীৰ্ঘম্যাদী সময়ত সহজে কোটিপতি হ’ব পাৰে। যিয়ে কম্পাউণ্ডিং বা চক্ৰবৃদ্ধি যাদুৰ দৰে কাম কৰে। এনে নহয় যে এনে নহয় যে আপুনি বৃহৎ পৰিমাণৰ ধন বিনিয়োগে কৰিব লাগিব। কম ধন বিনিয়োগেও আপোনাক দীৰ্ঘম্যাদী সময়ত লাখপতি বা কোটিপতি বনাব পাৰে। ইয়াৰ বাবে, ইকুইটি মিউচুৱেল ফাণ্ডৰ প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা অতি কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে। দীৰ্ঘম্যাদী সময়ত সম্পদ শ্ৰেণী হিচাপে এই ইকুইটিয়ে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে। যদি আপুনি প্ৰতি মাহে ১০ হাজাৰ ৰাহি কৰে, আপুনি ১৫ বছৰত সহজে কোটিপতি হৈ পৰিব পাৰে। ইয়াৰ বাবে কি কৰিব লাগে জানো আহক।

যিকোনো বিনিয়োগকাৰীৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল তেওঁ বিনিয়োগৰ পৰা কিমান লাভ পাব? যদি আমি ধৰি লও যে আপুনি বাৰ্ষিক গড় হিচাপত ১০% ৰিটাৰ্ণ পাই, তেন্তে আপুনি ১৫ বছৰত ১ কোটি টকা উপাৰ্জন কৰিবলৈ প্ৰায় ১৮ লাখ টকা বিনিয়োগ কৰিব লাগিব।

এই কথাবোৰ মনত ৰাখিব

বিনিয়োগ কৰোঁতে, বজাৰ কেতিয়াও স্থিৰ নহয় এই কথাটো মনত ৰখাটো দৰকাৰ। কেতিয়াবা ই ওপৰলৈ উঠে আৰু কেতিয়াবা তললৈ নামে। লগতে, মিড-কেপ আৰু স্মল-কেপ ফাণ্ডে অধিক ৰিটাৰ্ণ দিব পাৰে, কিন্তু সেইবোৰৰ বিপদাশংকাও অধিক। একে সময়তে, লাৰ্জ-কেপ ফাণ্ডৰ অস্থিৰতা তুলনামূলকভাৱে কম। কিন্তু সেইবোৰৰ ৰিটাৰ্ণো কম। যদি অপুনি কম বিনিয়োগত অধিক লাভ পাব বিচাৰে , আপুনি বেলেগ বেলগ পৰ্টফলিঅ’ সৃষ্টি কৰিব লাগে অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ ফাণ্ডত বিনিয়োগ কৰিব লাগে।

কেনেদৰে বিনিয়োগ কৰিব?

লাৰ্জ-কেপ ফাণ্ড: এইবোৰে ডাঙৰ কোম্পানীবোৰৰ ষ্টকত বিনিয়োগ কৰে, যিবোৰ সুৰক্ষিত আৰু অধিক স্থিৰতা থাকে।
মিড-কেপ ফাণ্ড: এইবোৰে মিড-কেপ কোম্পানীবোৰত বিনিয়োগ কৰে। যি বৃদ্ধি হ’ব পাৰে, কিন্তু অলপ বেছি বিপদাশংকা আছে।
স্মল-কেপ ফাণ্ড: এইবোৰে সৰু, উদীয়মান কোম্পানীবোৰত বিনিয়োগ কৰে। যিয়ে ভাল ৰিটাৰ্ণ দিব পাৰে, কিন্তু সেইবোৰৰ অধিক বিপদাশংকা আছে।
ডেবিট ফাণ্ড: এয়া ইকুইটি বিনিয়োগতকৈ অলপ পৃথক। ই নিম্ন বিপদাশংকা বহন কৰে আৰু স্থিৰ ৰিটাৰ্ণ প্ৰদান কৰে, যেনে বণ্ডত বিনিয়োগ কৰা।

ইয়াৰ লগতে সময়ে সময়ে আপোনাৰ পৰ্টফলিঅ’ৰ পুনৰ সন্তুলন কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে যে বজাৰ ওপৰলৈ আৰু তললৈ যোৱাৰ লগে লগে, আপোনাৰ বিভিন্ন বিনিয়োগৰ অংশ সলনি হ’ব পাৰে। যদি কোনো এটা ফাণ্ডৰ মূল্য বৃদ্ধি হয়, ই আপোনাৰ পৰ্টফলিঅ’ক ভাৰসাম্যহীন কৰিব পাৰে। ইয়াক সঠিক স্থিতিত পাবলৈ পুনৰ সন্তুলিত কৰিব লাগিব।

এয়াও বুজি লওক

আপুনি প্ৰতি মাহে ১০,০০০ অৰ্থাৎ এবছৰত ১,২০,০০০ টকা জমা কৰিব। ১৫ বছৰত আপুনি মুঠ ১৮ লাখ টকা বিনিয়োগ কৰিব। যদি আপুনি এই বিনিয়োগৰ ওপৰত বছৰি ১০% ৰিটাৰ্ণ লাভ কৰে, তেনেহ’লে বিনিয়োগ কৰা পৰিমাণ ক্ৰমান্বয়ে ১ কোটি টকা বা অধিক লৈ বৃদ্ধি হ’ব পাৰে। মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ বাৰ্ষিক ভিত্তিত অলপ বেছি বা কম হ’ব পাৰে। এনেদৰে, আপুনি এছআইপিৰ জৰিয়তে নিয়মীয়া বিনিয়োগ কৰি লাখপতি বা কোটিপতি হ’ব পাৰে।

 

 

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...