বিপদত অনিল আম্বানী! ছেবিয়ে বিহিলে ২৫ কোটিৰ জৰিমণা,৫ বছৰৰ বাবে নিষেধাজ্ঞা

ছেবিৰ এই সিদ্ধান্তৰ পাছতেই অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স পাৱাৰ লোকচানৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে। দুপৰীতা ১২ বজাত ৰিলায়েন্স পাৱাৰৰ শ্বেয়াৰ ৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে।

বিপদত অনিল আম্বানী! ছেবিয়ে বিহিলে ২৫ কোটিৰ জৰিমণা,৫ বছৰৰ বাবে নিষেধাজ্ঞা

অনিল আম্বানী

Published: 

23 Aug 2024 | 01:01 PM

বিপদত পৰিছে দেশৰ অন্যতম উদ্যোগপতি অনিল আম্বানী। বজাৰ নিয়ন্ত্ৰক ছেবিয়ে ৫ বছৰৰ বাবে অনিল আম্বানীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। অনিল আম্বানীকে ধৰি ২৪ টা সংস্থা (Entities) ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। কেৱল ইমানেই নহয়, অনিল আম্বানীৰ ওপৰত ২৫ কোটি টকাৰ জৰিমণাও বিহিছে ছেবিয়ে। ছবিৰ এই কঠোৰ সিদ্ধান্তৰ পাছত এতিয়া অনিল আম্বানীয়ে ছিকিউৰিটি মাৰ্কেটত অংশগ্ৰহণ কৰিব নোৱাৰিব।

 

ছেবিয়ে অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স হোম ফাইনেন্সৰ ওপৰতো ৬ লাখ টকাৰ জৰিমনা বিহিছে আৰু এই কোম্পানীটো ৬ মাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। জানিব পৰা মতে কোম্পানীৰ পৰা ফাণ্ড ডাউভাৰশ্যনৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে ছেবিয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছেবিয়ে অনিল আম্বানীৰ ওপৰত ২৫ কোটি টকাৰ জৰিমণা বিহিছে। লগতে তেওঁক কোনো তালিকাভুক্ত কোম্পানী বা বজাৰ নিয়ন্ত্ৰকত পঞ্জীয়নভুক্ত কোনো মধ্যস্থতাকাৰী হিচাপে ছিকিউৰিটিজ বজাৰত ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।

ছেবিৰ এই সিদ্ধান্তৰ পাছতেই অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স পাৱাৰ লোকচানৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে। দুপৰীতা ১২ বজাত ৰিলায়েন্স পাৱাৰৰ শ্বেয়াৰ ৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যোৱা ৩ দিন ধৰি ৰিলায়েন্স পাৱাৰৰ শ্বেয়াৰ যথেষ্ঠ বৃদ্ধি পাইছিল। কিন্তু ছেবিৰ সিদ্ধান্ত পোহৰলৈ অহাৰ পাছতেই ইয়াৰ অৱনতি ঘটে।

ৰিলায়েন্স পাৱাৰ

উল্লেখ্য যে, ছেবিয়ে এই সন্দৰ্ভত ২২ পৃষ্ঠাৰ এক আদেশ জাৰি কৰিছে। য’ত কোৱা হৈছে, অনিল আম্বানীয়ে আৰ এইচ এফ এলৰ মূল পৰিচালনা কৰ্মীৰ সহায়ত আৰ এইচ এফ এলৰ পৰা ধন উলিওৱাৰ বাবে প্ৰৱঞ্চনামূলক ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল। এয়া তেওঁ নিজৰ সংস্থাৰ সৈতে জড়িত ঋণ হিচাপে লুকাই ৰাখিছিল। এনে ধৰণৰ ঋণ বন্ধ কৰিবলৈ আৰ এইচ এফ এলৰ পৰিচালনা সমিতিয়ে পূৰ্বতে নিৰ্দেশ জাৰি কৰিছিল যদিও কোম্পানীয়ে এই নিৰ্দেশনাক আওকান কৰি প্ৰৱঞ্চনা কৰাৰ চেষ্টা কৰিছিল। যাৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে ছেবিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব