SBI ৰ নতুন আঁচনিঃ প্ৰতিমাহে ৫৯১ টকা জমা কৰি লাভ কৰিব লাখ টকা, জানক সবিশেষ

SBI য়ে গ্ৰাহকৰ বাবে লৈ আহিছে দুখন নতুন আঁচনি। মধ্যবিত্ত আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি অনা হৈছে। এই আঁচনিৰ দ্বাৰা মধ্যবিত্তসকলৰ লাভ হ'ব বুলি ধৰা হৈছে।

SBI ৰ নতুন আঁচনিঃ প্ৰতিমাহে ৫৯১ টকা জমা কৰি লাভ কৰিব লাখ টকা, জানক সবিশেষ

এছ বি আই

Published: 

05 Jan 2025 21:13 PM

নতুন বছৰত বেংকে গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ নতুন নতুন আঁচনি লৈ আহে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)। নতুনকৈ SBI য়ে আৰম্ভ কৰিছে নতুন দুখন আঁচনি। এই আঁচনি দুটাৰ নাম ‘হৰ ঘৰ লাখপতি আঁচনি’ আৰু ‘এছ বি আই পেন্ট্ৰেন্স এফডি’ আঁচনি। এই দুয়োটা আঁচনিৰ জৰিয়তে বিনিয়োগকাৰীয়ে যথেষ্ঠ লাভ অৰ্জন কৰিব পাৰে। হৰ ঘৰ লাখপতি আঁচনি হৈছে এটা ৰেকাৰিং ডিপোজিট (RD) স্কিম, , য’ত বিনিয়োগকাৰীয়ে ১ লাখ টকা পৰ্যন্ত পাব পাৰে। আনহাতে, এছ বি আই পেট্ৰনছ হৈছে ফিক্সড ডিপ’জিট আঁচনি। যিটো ৮০ বছৰীয়া আৰু ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে আৰম্ভ কৰা হৈছে।

এই আঁচনিৰ সুবিধা কেনেদৰে ল’ব পাৰি আৰু এই আঁচনিখন কেনেদৰে কাম কৰিব এই বিষয়ে এই লেখাটোত উল্লেখ কৰা হৈছে। এই আঁচনি আৰম্ভ কৰাৰ উদ্দেশ্য হৈছে বেংকৰ মাৰ্কেটত নিজৰ নেতৃত্ব বজাই ৰখা। ষ্টেট বেংকৰ অধ্যক্ষ অধ্যক্ষ চি এছ শ্বেট্টিয়ে কয় যে, আমাৰ উদ্দেশ্য হৈছে লক্ষ্যভিত্তিত ফাইনেন্সিয়েল প্ৰডাক্ট প্ৰস্তুত কৰা। যিয়ে আৰ্থিক লাভ বৃদ্ধি কৰাৰ লগতে গ্ৰাহকৰ সপোনকো সম্প্ৰসাৰিত কৰে।

নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে লাভৱান হ’ব

দাবী অনুসৰি এই আঁচনিয়ে মধ্যবিত্ত পৰিয়ালক যথেষ্ঠ সকাহ দিব। ই মধ্যবিত্তৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিব। বিশেষকৈ মধ্যবিত্তসকলৰ প্ৰতি লক্ষ্য ৰাখি লাখপতি আঁচনি অনা হৈছে। হৰ ঘৰ লাখপতি আঁচনিৰ অধীনত গ্ৰাহকে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰি এক নিৰ্দিষ্ট সময়ত ( সময় ধৰা থাকিব)  ১ লাখ টকা বা ইয়াতকৈ বেছি ধন লাভ কৰিবল সক্ষম হ’ব। এই আঁচনি শিশুৰ বাবে অতি উপকাৰী। সন্তানৰ পঢ়া শুনা বা অন্যান্য আৱশ্যকতাৰ বাবে পিতৃ-মাতৃয়ে বিভিন্ন দিশৰ পৰা টকা ধাৰলৈ ল’ব লগা হয়। এনেবোৰ কথা গুৰুত্ব দি এই আঁচনি লৈ আনিছে এছ বি আইয়ে।

কেনেকৈ জমা কৰিব

হৰ ঘৰ লাখপতি আঁচনিত গ্ৰাহকে ৩ ৰ পৰা ১০ বছৰলৈ ধন জমা কৰিব পাৰে। ইয়াৰ অধীনত প্ৰতিমাহে কম টকা জমা কৰি এক লাখতকৈ অধিক টকা উপাৰ্জন কৰিব পৰা যায়। বৰ্তমানৰ সুতৰ হাৰ অনুসৰি প্ৰতিমাহে ৫৯১ টকা সঞ্চয় কৰিলে ১০ বছৰত ১ লাখ টকা জমা সৃষ্টি কৰিব পাৰিব। একে সময়তে জ্যেষ্ঠ নাগৰিকে ৫৭৪ টকা সঞ্চয় কৰি একে সময়তে এক লাখ টকা উপাৰ্জন কৰিব পাৰে।

অৱশ্যে প্ৰতিমাহে ধন জমা নকৰিলে গ্ৰাহকে জৰিমণা ভৰিব লাগিব। ইয়াৰোপৰি ৫ বছৰ বা তাতকৈ কম সময়ৰ পৰা আৰ ডি থকাসকলে প্ৰতিমাহে ৯ টকাকৈ জৰিমণা ভৰিব লাগিব। পাঁচ বছৰতকৈ অধিক সময়ৰ আৰ ডি পিৰিয়ডৰ বাবে প্ৰতিমাহে প্ৰায় ১২ টকা জৰিমনা ভৰিব লাগিব পাৰে। ইয়াৰ লগতে ৬ মাহ ধৰি অবিৰতভাৱে ধন জমা নকৰিলে বেংকে আপোনাৰ একাউণ্ট বন্ধ কৰি জমা কৰা ধন আপোনাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব।

বয়োজ্যেষ্ঠ লোকৰ বাবে

ইয়াৰোপৰি ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এছ বি আইয়ে আৰম্ভ কৰিছে পেট্ৰন এফ ডি আঁচনি। এই ফিক্সড আঁচিন বেংকে নতুন আৰু পুৰণি গ্ৰাহকৰ কথা চিন্তা কৰি উলিয়াইছে। এই আঁচনিখনত আপুনি নূন্যতম ১ হাজাৰ টকা আৰু সৰ্বাধিক ৩ কোটি টকা জমা কৰিব পাৰিব।

এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…