Savings Bank Account: নূন্যতম বেলেঞ্চৰ ৰখাৰ নিয়ম শেষ, আপোনাৰ কিমান টকা ৰাহি কৰিব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই?

Reserve Bank Of India, Savings Bank Account: ৰিজাৰ্ভ বেংকৰ এই সংস্কাৰৰ উদ্দেশ্য হৈছে বেংকিং ব্যৱস্থাৰ সৈতে অধিক লোকক সংযোগ কৰা। এতিয়াৰে পৰা সাধাৰণ চেভিংছ বেংক একাউণ্টৰ বাবে কোনো বিশেষ শ্ৰেণী নাথাকিব। ফলত এতিয়াৰ পৰা সকলো চেভিংছ একাউণ্টতে শূন্য বেলেঞ্চ একাউণ্টৰ সুবিধা লাভ কৰিব।

Savings Bank Account: নূন্যতম বেলেঞ্চৰ ৰখাৰ নিয়ম শেষ, আপোনাৰ কিমান টকা ৰাহি কৰিব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই?
Published: 

07 Dec 2025 | 02:16 PM

দেশৰ বেংকিং ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেচিক ছেভিংছ বেংক ডিপ’জিট একাউণ্টৰ নিয়মৰ বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। তথ্যনুসৰি এই নতুন নিয়ম ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। ফলত সাধাৰণ মানুহৰ বাবে শূন্য বেলেঞ্চ একাউণ্ট ৰখাটো সহজ হৈ পৰিব।

ৰিজাৰ্ভ বেংকৰ এই সংস্কাৰৰ উদ্দেশ্য হৈছে অধিক লোকক বেংক ব্যৱস্থালৈ অনা। এতিয়াৰে পৰা সাধাৰণ চেভিংছ বেংক একাউণ্টৰ বাবে বিশেষ শ্ৰেণী নাথাকিব। ফলত এতিয়াৰ পৰা সকলো চেভিংছ একাউণ্টতে শূন্য বেলেঞ্চ একাউণ্টৰ সুবিধা লাভ কৰিব। কোনো বেংকে আপোনাক কোনো ধৰণৰ জৰিমনা দিবলৈ বাধ্য কৰাব নোৱাৰিব।

নতুন নিয়ম অনুসৰি গ্ৰাহকে প্ৰতি বছৰে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ডেবিট কাৰ্ড আৰু ২৫ পৃষ্ঠাৰ চেক বুক। এই কাৰ্ডৰ বাবে কোনো বাৰ্ষিক মাচুল দিব নালাগে। ইয়াৰ সমান্তৰালকৈ ডিজিটেল লেনদেনত আটাইতকৈ ডাঙৰ সকাহ পোৱা গৈছে। এতিয়াৰ পৰা ইউ পি আই, এন ই এফ টি, আৰ টি জি এছ বা আই এম পি এছৰ লেনদেন প্ৰতিমাহে ৪বাৰৰ ফ্ৰী উইথড্ৰেল গণনা কৰা নহয়। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ ফলত গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত ডিজিটেল পেমেণ্টৰ বহুগুণৰ ব্যৱহাৰ বৃদ্ধি পাব।

যদি আপোনাৰ আন কোনো চেভিংছ একাউণ্ট আছে আৰু আপুনি সেইটো সাধাৰণ বেংক একাউণ্টলৈ ৰূপান্তৰিত কৰিব বিচাৰে তেন্তে ৭ দিনৰ ভিতৰত আপোনাৰ বেংকে কৰিব লাগিব। অৱশ্যে এই কথাও সত্য যে প্ৰতিজন গ্ৰাহকৰ হাতত মাত্ৰ এটা সাধাৰণ বেংক একাউণ্ট থাকিব পাৰে। ইয়াৰ বাহিৰেও ভাৰতীয় ৰিজাৰ্ভ বেংকে স্পষ্টকৈ কৈছে যে এই নিয়ম কোনো ধৰণে লৰচৰ নহয়। এই পদক্ষেপৰ জৰিয়তে দেশৰ বহু লোক বেংকিং সেৱাৰ অধীনলৈ আহিব বুলি চৰকাৰে আশা কৰিছে।

এই নতুন নিয়ম কাৰ্যকৰী হ’লেই দেশৰ বহু লোক অতিৰিক্ত খৰচৰ পৰা ৰেহাই পাব। ভৱিষ্যতে বেংকসমূহে এই পৰিৱৰ্তন কেনেদৰে কাৰ্যকৰী কৰে সেয়া লক্ষ্যণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...