সঞ্জয় মালহোত্ৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ, ১১ ডিচেম্বৰত RBIৰ গৱৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰিব

RBI Governor IAS Sanjay Malhotra: সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি ​। তিনি বছৰৰ বাবে RBIৰ গৱৰ্ণৰ হিচাপে নিযুক্তি মালহোত্ৰাক। আই আই টি কানপুৰৰ পৰা B.Tech কৰি তাৰ পিছত আমেৰিকাতো কৰিছিল পঢ়া-শুনা। আই এ এছ বিষয়া হিচাপে তেওঁৰ ৩৩ বছৰতকৈও অধিক আছে অভিজ্ঞতা।

সঞ্জয় মালহোত্ৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ,  ১১ ডিচেম্বৰত RBIৰ গৱৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰিব

RBI ৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা

Updated On: 

09 Dec 2024 | 09:03 PM

ৰাজস্থানৰ কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ আৰ বি আইৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ নিযুক্তিৰ তিনি বছৰ বাবে হৈছে। ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা তেওঁ নিজৰ পদ গ্ৰহণ কৰিব। বৰ্তমান তেওঁ ভাৰতৰ বিত্ত মন্ত্ৰালয়ত সচিব (ৰাজহ) হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বে তেওঁ বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্তীয় সেৱা বিভাগত সচিব হিচাপে কাম কৰিছিল। ৰাজ্যৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈকে বিত্ত আৰু কৰৰ ক্ষেত্ৰত তেওঁৰ বহু অভিজ্ঞতা আছে।

কিমান শিক্ষিত?

সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেচৰ আই এ এছ বিষয়া। তেওঁৰ গণনা দেশৰ শিক্ষিত বিষয়াসকলৰ ভিতৰত ধৰা হয়। তেওঁ কেৱল ভাৰতৰ পৰাই নহয়, আমেৰিকাৰ পৰাও অধ্যয়ন কৰিছিল। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ আই আই টি কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত অভিযান্ত্ৰিক স্নাতক। ১৯৮৯ চনত তেওঁ বি.টেক সম্পূৰ্ণ কৰে।

B.Tech ৰ পিছতে UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম চেষ্টাতে UPSC পাছ কৰি IAS বিষয়া হয়। সঞ্জয় মালহোত্ৰাই আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰাও পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

ক’ত কৰিছে কাম?

আৰ বি আইৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ ৩৩ বছৰতকৈও অধিক অভিজ্ঞতা আছে। তেওঁৰ নেতৃত্বৰ ক্ষমতা আচৰিত। তেওঁ চৰকাৰী কোম্পানী আৰ ই চি লিমিটেডৰ অধ্যক্ষ আৰু এম ডি হিচাপে কাম কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ বিদ্যুৎ বিভাগৰ পৰা আৰম্ভ কৰি তথ্য প্ৰযুক্তি আৰু খননলৈকে বহু ক্ষেত্ৰত কাম কৰি আহিছে। তেওঁ ৰাজস্থানৰ শক্তি বিভাগৰ প্ৰধান সচিব প্ৰভাৰী হিচাপে কাম কৰি আহিছে।

দেশৰ বাজেট প্রস্তুত কৰাত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৷ ৰাজহ বিভাগৰ শীৰ্ষ বিষয়া হিচাপে তেওঁ কেন্দ্ৰীয় বাজেট ২০২৩-২৪ৰ সৈতে জড়িত সকলো কৰ সম্পৰ্কীয় বিষয় চূড়ান্ত কৰাত ভূমিকা পালন কৰিছিল।

এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে