এছিয়াৰ ভিতৰত দুৰ্বল ভাৰতীয় টকাৰ মূল্য! কি প্ৰভাৱ পৰিব জনতাৰ ওপৰত…

Rupee VS US Dollar: দিনক দিনে অৱনতি ঘটিছে টকাৰ মূল্যত। শেহতীয়াকৈ ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯১ হৈছেগৈ। নিসন্দেহে এই কাৰ্যই জনতাৰ পকেটৰ ওপৰতো প্ৰভাৱ পেলাব। আমেৰিকাৰ শুল্ক আৰোপৰ পাছতে এই অৱনতি ঘটিছে।

এছিয়াৰ ভিতৰত দুৰ্বল ভাৰতীয় টকাৰ মূল্য! কি প্ৰভাৱ পৰিব জনতাৰ ওপৰত...

ভাৰতীয় টকাৰ মূল্য হ্ৰাস

Published: 

25 Dec 2025 | 12:21 PM

দিনক দিনে অৱনতি ঘটিছে টকাৰ মূল্যত! বছৰৰ আৰম্ভণিত ডলাৰৰ মূল্য আছিল ৮৫ টকা। কিন্তু ডিচেম্বৰৰ শেষলৈ স্পষ্ট হৈ পৰিছে যে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ অৱস্থা যথেষ্ঠ বেয়া। বুধবাৰ (২৫ডিচেম্বৰ)য়ে ডলাৰৰ মূল্যই ৯১ টকা স্পৰ্শ কৰিছিল। ইয়াৰ ফলত টকা বৰ্তমান সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ দুৰ্বল মুদ্ৰা ৰূপে পৰিগণিত হৈছে। পিছে প্ৰশ্ন হয়, কিয় ইমান মূল্যৰ অৱনতি ঘটিছে? ইয়াৰ ফলত সাধাৰণ মানুহ বিপদত পৰিব নেকি?

ইয়াৰ কাৰণ হ’ল আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনৰ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ। ২৭ আগষ্টৰ পৰা আমেৰিকাই ভাৰতৰ পৰা যোৱা বেছিভাগ সামগ্ৰীৰ ওপৰত এই অতিৰিক্ত শুল্ক আৰোপ কৰিছে। এনে অৱস্থাত  কাপোৰ, গহনা, চামৰাৰ বস্তু আদি আমেৰিকাৰ বজাৰত অধিক দামী হৈ পৰিছে। এনে অৱস্থাত বিক্ৰী হ্ৰাস পাইছে , সমান্তৰালকৈ হ্ৰাস পাইছে ভাৰতৰ পৰা ৰপ্তানি। এক কথাত ট্ৰাম্পৰ শুল্কই ভাৰতৰ অৰ্থনীতিক প্ৰভাৱ পেলাইছে আৰু যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈছে।

ইয়াৰ প্ৰভাৱ ভাৰতৰ বিভিন্ন অংশত পৰা দেখা যায়। পশ্চিম বংগৰ কথা ক’বলৈ হ’লে, বন্তলা চামৰা কমপ্লেক্স নামৰ উদ্যোগটিয়ে ৫ লাখ শ্ৰমিকক জীৱিকা প্ৰদান কৰে। কিন্তু ৰপ্তানি হ্ৰাস পোৱাৰ লগে লগে তেওঁলোকৰ চাকৰি যোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰোপৰি বংগৰ পৰা সাগৰীয় মাছ ৰপ্তানি কৰা হয়। কিন্তু মূল্য বৃদ্ধি পোৱাৰ লগে লগে প্ৰায় ৬ হাজাৰ কোটি টকাৰ সাগৰীয় খাদ্য ৰপ্তানিৰ ক্ষেত্ৰখন প্ৰভাৱিত হৈছে।

নোমুৰাৰ দৰে কোম্পানীয়ে কয় যে অহা মাৰ্চ মাহৰ ভিতৰত টকাৰ মূল্য ৯২ হ’ব পাৰে। উল্লেখ্য যে, টকা দুৰ্বল হৈ পৰাৰ লগে লগে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ১৮ বিলিয়ন ডলাৰ উলিয়াইছে। এই ঘাটিয়ে টকা আৰু অধিক দুৰ্বল কৰি পেলোৱা পৰিলক্ষিত হয়।

কি হ’ব পাৰে ভৱিষ্যতে?

বাণিজ্য সচিব ৰাজেশ আগৰৱালে অৱশ্যে কয় যে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি এতিয়া ‘উন্নত পৰ্যায়’ত আছে। একে সময়তে ৰিজাৰ্ভ বেংকেও বজাৰ পৰিচালনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু চুক্তিখন চূড়ান্ত নোহোৱালৈকে জনতাৰ আমদানিকৃত ইলেক্ট্ৰনিকছ সামগ্ৰীৰ খৰচ বা বিদেশত পঢ়া-শুনা – সকলো বৃদ্ধি হ’ব পাৰে। গতিকে পৰৱৰ্তী তিনিমাহ ভাৰতীয় ব্যৱসায়ী আৰু জনতাৰ আৰ্থিক দিশটো অতিকে গুৰুত্বপূৰ্ণ।

 

অন্য খবৰ পঢ়কঃ Gold Price Today: বৃদ্ধি পালে নে হ্ৰাস? আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...