JIO Recharge Plan:মাত্ৰ ১৯৫ টকাত ৯০ দিনৰ ৰিচাৰ্জ! জানক জিঅ’ৰ এই বিশেষ প্লেনৰ বিষয়ে…

JIO Offer: আপুনিও ৰিলায়েন্স জিঅ'ৰ গ্ৰাহক নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো ৰিলায়েন্স জিঅ'ই গ্ৰাহকৰ বাবে লৈ আনিছে সস্তীয়া ৰিচাৰ্জ প্লেন।

JIO Recharge Plan:মাত্ৰ ১৯৫ টকাত ৯০ দিনৰ ৰিচাৰ্জ! জানক জিঅৰ এই বিশেষ প্লেনৰ বিষয়ে...

ৰিলায়েন্স জিঅ’

Updated On: 

05 Mar 2025 12:57 PM

বৰ্তমান দেশত মূল্যবৃদ্ধিয়ে আকাশ চুইছে। প্ৰায় প্ৰতিটো বস্তু সামগ্ৰীৰ বৃদ্ধি হোৱা দামে চিন্তাত পেলাইছে সাধাৰণ জনতাক। সমান্তৰালভাৱে মোবাইল ৰিচাৰ্জো হৈ পৰিছে ব্যয়বহুল। যোৱা বছৰৰ মাজভাগত প্ৰায় সকলো টেলিকম কোম্পানীয়ে শুল্ক বৃদ্ধি কৰিছিল। যাৰ বাবে সাধাৰণ লোকৰ বাবে মোবাইল ৰিজাৰ্চ কৰা চিন্তাৰ কাৰণ হৈ পৰিছিল।

বিভিন্ন টেলিকম কোম্পানীৰ লগতে ৰিলায়েন্স জিঅ’ইও মূল্যবৃদ্ধি কৰিছিল। কিন্তু এতিয়া ৰিলায়েন্সে লৈ আহিছে এক ভাল খবৰ। কিয়নো গ্ৰাহকৰ বাবে সস্তীয় ৰিচাৰ্জ প্লেন লৈ আহিছে জিঅ’ই । যিয়ে গ্ৰাহকসকলক যথেষ্ঠ সকাহ প্ৰদান কৰিব পাৰে। ৰিলায়েন্স জিঅ’ই কেৱল এমাহৰ বাবে নহয়, ৩ মাহৰ বাবে ৰিচাৰ্জ প্লেন লৈ আহিছে। এই ৰিচাৰ্জ প্লেনৰ দাম মাত্ৰ ১৯৫ টকা। ইমান কম দামত ভাল ৰিচাৰ্জ প্লেন লাভ কৰাতো বিশ্বাস কৰিব নোৱাৰি যদিও এই ১৯৫ টকাতে আপুনি বহু সুবিধা লাভ কৰিব। এই প্লেনৰ বৈধতাও বহুত বেছি।

সুবিধাসমূহ

  • এই ৰিচাৰ্জ প্লেনত আপুনি ১৫ জিবি হাই-স্পীড ডাটা পাব।
  • ইয়াৰ লগতে ৰিলায়েন্স জিঅ’ই জিঅ’ হটষ্টাৰৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিব।
  • কেৱল জিঅ’ই মাত্ৰ ১৯৫ টকাত ৯০ দিনৰ ৰিচাৰ্জ ভেলিডিটি প্ৰদান কৰিব।
  • কিন্তু এয়া মাত্ৰ এক ডাটা প্লেন। ইয়াৰ অধীনত আপুনি বিনামূলীয়াকৈ কল বা এছএমএছৰ সুবিধা নাপাব।
  •  উল্লেখ কৰা প্ৰয়োজন যে,  এয়াৰটেলৰ ৰিচাৰ্জ প্লেন ১৮১ টকা, য’ত ১৫ জিবি ডাটা উপলব্ধ। আৰু ইয়াৰ বৈধতা মাত্ৰ ৩০ দিনৰ।
  • ইয়াৰ বিপৰীতে জিঅই এতিয়া ১৯৫ টকাত ৩ মাহৰ বৈধতা প্ৰদান কৰিব।
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ, এই ৰাশিৰ লোকসকল হ'ব লাগিব সাৱধান!
ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...