আপোনাৰো আছে নেকি বেংকৰ লোণ? বিশেষ সুবিধাৰে ৰিজাৰ্ভ বেংকে আনিছে নতুন আইন

বেংক বা আন যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ যদি নিৰ্ধাৰিত সময়সীমাতকৈ পূৰ্বে পৰিশোধ কৰিব বিচাৰে, তেতিয়া গ্ৰাহকৰ পৰা ফ’ৰক্ল’জাৰ চাৰ্জ বা প্ৰি-পেমেণ্ট চাৰ্জ লোৱা হয়। পিছে এই চাৰ্জৰ পৰা এতিয়া ৰেহাই পাব সকলোৱে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এখন নতুন আইন প্ৰণয়নৰ বাবে সাজু হৈছে।

আপোনাৰো আছে নেকি বেংকৰ লোণ? বিশেষ সুবিধাৰে ৰিজাৰ্ভ বেংকে আনিছে নতুন আইন

ৰিজাৰ্ভ বেংকে আনিব নতুন আইন

Published: 

23 Feb 2025 | 04:24 PM

বিভিন্ন প্ৰয়োজনীয় কাৰণত সাধাৰণতে মানুহে বেংক বা আন যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোণ লয়। সেই ঋণ যদি নিৰ্ধাৰিত সময়সীমাতকৈ পূৰ্বে পৰিশোধ কৰিব বিচাৰে, তেতিয়া গ্ৰাহকৰ পৰা ফ’ৰক্ল’জাৰ চাৰ্জ বা প্ৰি-পেমেণ্ট চাৰ্জ লোৱা হয়। পৰিশোধ কৰিবলগীয়া লোণৰ বাকী অংশ আৰু বাকী থকা সময়ৰ ভিত্তিত এই চাৰ্জ নিৰ্ধাৰণ কৰা হয়। পিছে এই চাৰ্জৰ পৰা এতিয়া ৰেহাই পাব সকলোৱে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এখন নতুন আইন প্ৰণয়নৰ বাবে সাজু হৈছে। এই আইনৰ জৰিয়তে এতিয়া উপকৃত হ’ব দেশবাসী।

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ফ’ৰক্ল’জাৰ চাৰ্জ বা প্ৰি-পেমেণ্ট চাৰ্জ বাদ দিয়াৰ কথা পৰিকল্পনা কৰিছিল। সেই উদ্দেশ্যে যোৱা ২১ ফেব্ৰুৱাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক প্ৰস্তাৱ দাখিল কৰে। সেই প্ৰস্তাৱ সন্দৰ্ভত অংশীদাৰসকলৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৰিজাৰ্ভ বেংকে। এম এছ ই কোম্পানীসমূহৰ ক্ষেত্ৰতো এই নতুন নিয়ম প্ৰযোজ্য হ’ব।

খচৰা প্ৰতিবেদন অনুসৰি, ঋণৰ বাবে কোনো লোকে যাতে বেংকৰ বাহিৰে আন কোনো প্ৰতিষ্ঠানৰ কাষ চাপিব নালাগে সেই উদ্দেশ্যে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে বেংক আৰু আন সকলো বিত্তীয় প্ৰতিষ্ঠানে সকলো গ্ৰাহকক কোনো ধৰণৰ লক-ইন পিৰিয়ড নোহোৱাকৈ ঋণ ফোৰক্ল’জৰ অনুমতি দিব লাগে। এই ফ’ৰক্ল’জৰ বাবে কোনো বিত্তীয় প্ৰতিষ্ঠান বা বেংকে অতিৰিক্ত ধন ল’ব নোৱাৰিব।

এই নিয়মৰ বিষয়ে সকলো গ্ৰাহকক আগতীয়াকৈ অৱগত কৰিবলৈও ৰিজাৰ্ভ বেংকে লগতে নিৰ্দেশ দিয়ে। বৰ্তমানৰ নিয়ম অনুসৰি কেইবাটাও প্ৰতিষ্ঠান বা সংস্থাই ফ্লটিং ৰেট টাৰ্ম লোন প্ৰিপেমেণ্টৰ বাবে অতিৰিক্ত চাৰ্জ ল’ব নোৱাৰে। ব্যৱসায়ৰ বাহিৰে আন কোনো খণ্ডত ঋণ ল’লে প্ৰিপেমেণ্টৰ বাবে ৰিজাৰ্ভ বেংকৰ আধাৰত কোনো ধৰণৰ চাৰ্জ লোৱাৰ নিয়ম নাই।

প্ৰস্তাৱটোৰ মূল দিশসমূহ হৈছে-

১/ কোনো ধৰণৰ ফ’ৰক্ল’জাৰ চাৰ্জ নাথাকিবঃ ব্যক্তি আৰু এমএছইৰ বাবে ফ্লটিং ৰেট ঋণৰ ওপৰত কোনো ধৰণৰ ফ’ৰক্ল’জাৰ চাৰ্জ বা প্ৰি-পেমেণ্ট পেনাল্টি আৰোপ কৰা নহ’ব।

২/ ঋণৰ পৰিমাণঃ এমএছইৰ বাবে ৭.৫০ কোটি টকা পৰ্যন্ত ঋণৰ ক্ষেত্ৰত এই প্ৰস্তাৱ প্ৰযোজ্য হ’ব।

৩/ অংশীদাৰসকলৰ পৰামৰ্শঃ ৰিজাৰ্ভ বেংকে এই প্ৰস্তাৱৰ ওপৰত অংশীদাৰসকলক এই বিষয়ত মতামত প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে আৰু ইয়াৰ বাবে অহা ২১ মাৰ্চ সময়সীমা নিৰ্ধাৰণ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...