কঠোৰ ৰিজাৰ্ভ বেংক, দেশৰ তিনিটা বেংকক দিলে ব্যয়সায় বন্ধৰ নিৰ্দেশঃ তালিকাত গুৱাহাটীৰ এই বেংক

দেশৰ তিনিটা বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ৰিজাৰ্ভ বেংকে। গুৱাহাটীস্থিত এটা বেংকো এই তালিকাত আছে। এই বেংক তিনিটাক ৪ জুলাইৰ পৰা ব্যৱসায় বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

কঠোৰ ৰিজাৰ্ভ বেংক, দেশৰ তিনিটা বেংকক দিলে ব্যয়সায় বন্ধৰ নিৰ্দেশঃ তালিকাত গুৱাহাটীৰ এই বেংক

ৰিজাৰ্ভ বেংকৰ কঠোৰ পদক্ষেপ

Published: 

08 Jul 2025 | 01:00 PM

ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ দেশৰ তিনিটা বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ৰিজাৰ্ভ বেংকে গুৱাহাটীস্থিত এটা বেংকো এই তালিকাত আছে এই বেংক তিনিটাক ৪ জুলাইৰ পৰা ব্যৱসায় বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৩৫এ আৰু ৫৬ৰ অধীনত ৰিজাৰ্ভ বেংকে এই নিৰ্দেশ প্ৰদান কৰিছে। দেশৰ শীৰ্ষতম বেংকটোৰ এই নিৰ্দেশৰ ফলত এতিয়া গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

কিয়নো ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ পিছত দুটা বেংকৰ গ্ৰাহকে নিৰ্দিষ্ট পৰিমাণৰ ধন উলিয়াব পাৰিব যদিও এটা বেংকৰ ক্ষেত্ৰত গ্ৰাহকসকলে সেই সুযোগো লাভ নকৰিব সেইবাবেই এতিয়া বেংকটোৰ গ্ৰাহকসকল যথেষ্ট চিন্তিত হৈ পৰিছেজানিব পৰা মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে দিল্লীৰ ইনোভেটিভ ক’অপাৰেটিভ আৰ্বান বেংক লিমিটেড, গুৱাহাটীৰ দ্য ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংক লিমিটেড আৰু মুম্বাইৰ দ্য ভৱনী সহকাৰী বেংক লিমিটেডৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে।

অৱশ্যে এই বেংকসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নাই ৰিজাৰ্ভ বেংকে। বেংককেইটাৰ ওপৰত কেৱল মাত্ৰ ৬ মাহৰ বাবে অস্থায়ী নিষেধাজ্ঞাহে জাৰি কৰা হৈছে। এই নিৰ্দিষ্ট সময়ৰ পিছত পৰিস্থিতি উন্নত হ’লে ৰিজাৰ্ভ বেংকে বেংককেইটাৰ ওপৰত থকা এই নিষেধাজ্ঞা বাতিল কৰিব৷ এই বেংকসমূহে কেৱল দৰমহা, ভাড়া, বিদ্যুতৰ বিল পৰিশোধ আদি ক্ষেত্ৰতহে এতিয়া খৰচ কৰিব পাৰিব। ৰিজাৰ্ভ বেংকৰ নিষেধাজ্ঞাৰ পিছত এতিয়া বেংককেইটাই আন কোনো দিশতে খৰচ কৰিব নোৱাৰিব।

ইফালে গুৱাহাটীৰ দ্য ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংক লিমিটেডৰ গ্ৰাহকসকলে নিজৰ একাউণ্টৰ পৰা সৰ্বাধিক ৩৫ হাজাৰ টকা উলিয়াব পাৰিব বুলি ৰিজাৰ্ভ বেংকে উল্লেখ কৰিছে একেদৰে দিল্লীৰ ইনোভেটিভ ক’অপাৰেটিভ আৰ্বান বেংক লিমিটেডৰ গ্ৰাহকসকলেও এই সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংকে। কিন্তু মুম্বাইৰ দ্য ভৱনী সহকাৰী বেংক লিমিটেডৰ গ্ৰাহকসকলে এই সুবিধা লাভ নকৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...