RBI New Note: শীঘ্ৰে হাতলৈ আহিব নতুন নোট, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঘোষণা

RBI: ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰিছে ডাঙৰ ঘোষণা। শীঘ্ৰে সাধাৰণ ৰাইজৰ হাতলৈ আহিব এই নতুন টকা। কিন্তু আপুনি জানেনে কিমান টকাৰ নোট আহি আছে?

RBI New Note: শীঘ্ৰে হাতলৈ আহিব নতুন নোট, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঘোষণা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঘোষণা

Published: 

18 May 2025 11:57 AM

বজাৰলৈ আহি আছে নতুন নোট।  এই ডাঙৰ ঘোষণা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । এই টকা অতি শীঘ্ৰে সাধাৰণ ৰাইজৰ হাতলৈ আহিব। কিন্তু আপুনি জানেনে কিমান টকাৰ নোট মুকলি কৰিব?

শনিবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰে যে শীঘ্ৰে বজাৰত নতুন ২০ টকীয়া নোট মুকলি কৰা হ’ব। মহাত্মা গান্ধী থকা এই নোটত স্বাক্ষৰ কৰিব আৰ বি আইৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই।

পুৰণি নোটতকৈ বেলেগ হ’ব নেকি?

RBI এ কয় যে, এই ২০ টকীয়া নতুন নোটৰ ডিজাইন হুবহু মহাত্মা গান্ধী ছিৰিজৰ পুৰণি নোটৰ দৰেই হ’ব। মাথোঁ সলনি হ’ব গৱৰ্ণৰৰ স্বাক্ষৰ। অৱশ্যে পূৰ্বৰ নোটৰ লগত ইয়াৰ মিল নাথাকিব। গ্ৰাহকসকলে নোটসমূহ চিনি পোৱা আৰু ব্যৱহাৰৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পুৰণি নোটবোৰ বাতিল কৰিব নেকি?

নতুন ২০ টকীয়া নোট প্ৰৱৰ্তন হ’লেও পুৰণি নোটসমূহ বাতিল কৰা নহয়। যিসকলৰ পুৰণি ২০ টকীয়া নোট আছে তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। এই নোটসমূহ চলি থাকিব আৰু ব্যৱহাৰত কোনো সমস্যা নহ’ব। বৰ্তমান ২০ টকীয়া নোটখনেই সৰ্বাধিক ব্যৱহৃত নোট।

আৰ বি আইয়ে জনাইছে যে, এইটো ষ্টেণ্ডাৰ্ড প্ৰট’কল। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সলনি হ’লে নোটবোৰৰ চহীও সলনি হয়। সঞ্জয় মালহোত্ৰাই যোৱা ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

দূৰ হ'ব আৰ্থিক সমস্যা! পাকধৰৰ পৰা আঁতৰ কৰক এই ৩ সামগ্ৰী...
বিৰল সংযোগ! আগষ্ট মাহত কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, জানক...
এইদৰে ব্যৱহাৰ কৰক পদূনাৰ পাত, ছালৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব আপোনাৰ শত্ৰুকো
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...