ব্যৱসায়ত নাই মন! মুম্বাইৰ এটা সৰু ঘৰত বাস কৰে ৰতন টাটাৰ নিজৰ ভাতৃ…
সংবাদ মাধ্যম আৰু লাইমলাইটৰ পৰা আঁতৰি থাকে ৰতন টাটাৰ ভাতৃ জিমি টাটা। ২০২৩ চনৰ জুন মাহত ৰতন টাটাই জিমিৰ সৈতে নিজৰ শৈশৱৰ ছবি এখন পোষ্ট কৰিছিল।

ৰতন টাটা
বিশ্বৰ এটি সুপৰিচিত নাম ৰতন টাটা। কোটি কোটি টকাৰ মালিক হৈও কেনেকৈ সাধাৰণ জীৱন যাপন কৰিব পাৰি তাৰ সৰ্বোত্তম উদাহৰণ আছিল টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটা। মৃত্যুৰ পিছত ৰতন টাটাৰ সতীয়া ভাতৃ নোৱেল টাটাই টাটা গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু ৰতন টাটাৰ আন এজন ভাতৃ আছে, যি তেওঁৰ একেবাৰে নিজৰ ভায়েক। তেওঁৰ কথা সম্ভৱত বহুতে নাজানে ।
সংবাদ মাধ্যম আৰু লাইমলাইটৰ পৰা আঁতৰি থাকে ৰতন টাটাৰ ভাতৃ জিমি টাটা। ২০২৩ চনৰ জুন মাহত ৰতন টাটাই জিমিৰ সৈতে নিজৰ শৈশৱৰ ছবি এখন পোষ্ট কৰিছিল। আৰু তেতিয়াই নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছিল জিমিয়ে।
ৰতন টাটাই সহজ-সৰল জীৱন যাপন কৰিছিল। তেওঁৰ কান্ধত টাটাৰ বিশাল সাম্ৰাজ্যৰ ভৰ আছিল, কিন্তু তাৰ পাছতো তেওঁ পৰিচিত আছিল দায়ালু তথা মৰমিয়াল আৰু আনৰ সহায় কৰা এজন লোক হিচাপে। আনহাতে, তেওঁৰ ভাতৃ জিমি পৰিয়ালৰ ব্যৱসায়ৰ পৰা আঁতৰি আছে । তেওঁ এজন স্বাভাৱিক মানুহৰ দৰে জীয়াই আছে। বৰ্তমান জিমি টাটা মটৰ্ছ, টাটা ষ্টীল, টাটা সন্স, টিচিএছ, টাটা পাৱাৰ, ইণ্ডিয়ান হোটেল আৰু টাটা কেমিকেলছৰ শ্বেয়াৰহোল্ডাৰ।
Did you know of Ratan Tata's younger brother Jimmy Tata who lives a quiet reticent life in a humble 2 bhk flat in Colaba, Mumbai! Never interested in business, he was a very good squash player and would beat me every time.
Low profile like the Tata group! pic.twitter.com/hkp2sHQVKq— Harsh Goenka (@hvgoenka) January 19, 2022
ইমান ধন-সম্পত্তি থকাৰ পিছতো জিমি মুম্বাইৰ কোলাবাত থকা ২ বি এইচ কে ফ্লেটত থাকে। তেওঁৰ বিয়া হোৱা নাই। খবৰ অনুসৰি তেওঁ মোবাইল ফোনো ব্যৱহাৰ নকৰে। শেহতীয়াকৈ ৰামপ্ৰসাদ গোৱেংকাৰ পুত্ৰ হৰ্ষবৰ্ধন গোৱেংকাই তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্ট দিছিল। এই পোষ্টটোত তেওঁ জিমি টাটাৰ বিষয়ে লিখিছে। ইয়াৰোপৰি হৰ্ষবৰ্ধনে জিমি টাটা এজন ডাঙৰ স্কোয়াছ খেলুৱৈ বুলিও উল্লেখ কৰিছে। তেওঁ সেই পোষ্টটোতেই লিখিছে যে অজস্ৰ সম্পত্তিৰ মালিক হোৱাৰ পাছতো কেনেকৈ ৰতন টাটাৰ ভাতৃয়ে এটা সাধাৰণ জীৱন যাপন কৰি আছে।
অন্য খবৰ পঢ়কঃ বয়স বিৰোধী ঔষধ! বুঢ়া নহ’বলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে? জানিলে হ’ব আচৰিত…