Indian Railway: ৰে’লকৰ্মীৰ ৰক্ষক SBI, প্ৰতিটো পৰিয়ালে পাব ১ কোটি টকা

Indian Railway: কাম কৰি থকা অৱস্থাত যদি কৰ্মচাৰী সকলৰ মৃত্যু হয় তেন্তে তেওঁলোকৰ পৰিয়ালক এছ বি আই আৰু ৰে'লৱেই দিব ১০ লাখ টকা। এতিয়া জীৱন বীমাত এক কোটি টকাৰ দুৰ্ঘটনা বীমা সংযোজন কৰা হৈছে।

Indian Railway: ৰেলকৰ্মীৰ ৰক্ষক SBI, প্ৰতিটো পৰিয়ালে পাব ১ কোটি টকা

ৰে'লকৰ্মীৰ ৰক্ষক SBI

Published: 

03 Sep 2025 | 12:03 PM

এতিয়া আৰু চিন্তা কৰিব নালাগে ৰে’লৱেৰ কৰ্মচাৰীয়ে। ভাৰতীয় ৰে’লৱেই প্ৰতিজন কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক কোটি টকাৰ ব্যৱস্থা কৰিছে। এই কামত অংশীদাৰ হৈ পৰিছে ভাৰতীয় ষ্টেট বেংক। নতুন দিল্লীৰ সূত্ৰ অনুসৰি, সোমবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত দেশৰ এটা চৰকাৰী বেংকৰ সৈতে বুজাবুজি চুক্তি চুক্তি স্বাক্ষৰ কৰে।

কি কি সুবিধা লাভ কৰিব ৰে’লকৰ্মীয়ে?

জানিব পৰা মতে, এই বুজাবুজি চুক্তি অনুসৰি এছ বি আইত দৰমহা একাউণ্ট থকা সকলো ৰে’ল কৰ্মচাৰীয়ে দুৰ্ঘটনা বীমাৰ বাবে এক কোটি টকা পৰ্যন্ত লাভ কৰিব। কেৱল দুৰ্ঘটনা বীমাই নহয়, এই এক কোটি টকাত আন কেইবাটাও সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বৰ্তমান ৭ লাখ ৰে’ল কৰ্মচাৰীৰ দৰমহাৰ একাউণ্ট এছবিআইত আছে। যাৰ বাবে কোনো প্ৰিমিয়াম নোহোৱাকৈ ১০ লাখ টকাৰ জীৱন বীমা সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ কাম কৰি থকা অৱস্থাত যদি সেই কৰ্মচাৰীসকলৰ মৃত্যু হয়, তেন্তে তেওঁলোকৰ পৰিয়ালক এছ বি আই আৰু ৰে’লৱেই দিব ১০ লাখ টকা। এতিয়া সেই জীৱন বীমাত এক কোটি টকাৰ দুৰ্ঘটনা বীমাও সংযোজন কৰা হৈছে।

ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুনকৈ স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি যদি কোনো ৰে’ল কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালক মুঠ ১.৬ কোটি টকা ক্ষতিপূৰণ দিয়া হ’ব। অন্য কোনো দুৰ্ঘটনাৰ ফলত মৃত্যু হ’লে ১ কোটি টকা দিয়া হ’ব। দুৰ্ঘটনাৰ বাবে কৰ্মচাৰীজন যদি শাৰীৰিকভাৱে অক্ষম হৈ পৰে, তেন্তে ৮০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব।

ৰে’ল মন্ত্ৰালয়েও কয় যে, গ্ৰুপ চিৰ কৰ্মচাৰীসকলক মনত ৰাখি এই দুৰ্ঘটনা বীমা কৰা হৈছে। অৰ্থাৎ ৰে’ল চালক, গাৰ্ড, পইণ্টাৰৰ দৰে একাধিক পদ। যিসকলে গ্ৰাউণ্ডত কাম কৰে, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বেছি। সেয়েহে তেওঁলোকক মনত ৰাখি এই ডাঙৰ পদক্ষেপ হাতত লৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...