শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টাটাই ভাৰতত নিৰ্মাণ কৰিব ৰাফেল! ১১৪ খন নতুন ৰাফেলে শক্তি বঢ়াব বায়ুসেনাৰ

Rafale Fighter Jet: ১১৪খন নতুন ৰাফেল লাভ কৰাৰ পাছত ভাৰতীয় বায়ুসেনাৰ হাতত মুঠ ৰাফেলৰ সংখ্যা ১৭৬ খন হ’ব। ইতিমধ্যে ৩৬খন ৰাফেল বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ভাৰতীয় নৌসেনাৰ বাবে আৰু ২৬খন ৰাফেলৰ অৰ্ডাৰ দিয়া হৈছে।

টাটাই ভাৰতত নিৰ্মাণ কৰিব ৰাফেল! ১১৪ খন নতুন ৰাফেলে শক্তি বঢ়াব বায়ুসেনাৰ
ৰাফেল যুদ্ধ বিমানImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 17 Sep 2025 15:46 PM

ৰাফেল, ভাৰতীয় বায়ুসেনাৰ এক দুৰ্দান্ত শক্তি। বৰ্তমান ভাৰতৰ ওচৰত আছে ৩৬ খন ৰাফেল যুদ্ধ বিমান। ফ্ৰান্সৰ ডাছ এভিয়েচনে ভাৰতৰ বাবে নিৰ্মাণ কৰিছে এই ৰাফেলসমূহ। ইয়াক তন্নতন্নকৈ নীৰিক্ষণৰ কাম আৰম্ভ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়েও। দৰাচলতে নতুনকৈ ১১৪ খন ৰাফেল ক্ৰয়ৰ প্ৰস্তাৱ দিছে ভাৰতীয় বায়ুসেনাই। এই নতুন প্ৰস্তাৱ অনুসৰি ফৰাছী কোম্পানী ডাছ এভিয়েচনে সম্ভৱতঃ ভাৰততেই নিৰ্মাণ কৰিব এই ৰাফেলসমূহ।

এই বৃহৎ চুক্তিৰ আনুমানিক ব্যয় ২ লাখ কোটিতকৈও অধিক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৬০ শতাংশৰো অধিক থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ হ’ব এইসমূহ ৰাফেল। প্ৰতিৰক্ষা সচিবৰ নেতৃত্বাধীন ডিফেন্স প্ৰ’কিউৰমেণ্ট ব’ৰ্ডে সোনকালেই এই বিষয়ত বিবেচনা কৰিব।

তাৰ পৰা ক্লিয়াৰেন্স পোৱাৰ পিছতে চূড়ান্ত অনুমোদনৰ বাবে প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদলৈ যাব এই প্ৰস্তাৱ। যদি এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে ভাৰতত ৰাফেল নিৰ্মাণৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’ব পাৰে টাটাই। কাৰণ ইতিমধ্যে টাটাৰ সৈতে হায়দৰাবাদত ৰাফেল যুঁজাৰু বিমানৰ ব’ডী নিৰ্মাণৰ চুক্তি কৰিছে ডাছ’ল্টে।

এই ১১৪খন নতুন ৰাফেল যেতিয়া ভাৰতত উপস্থিত হ’ব, তেতিয়া বায়ুসেনাৰ মুঠ ৰাফেলৰ সংখ্যা হ’ব ১৭৬ খন। ইতিমধ্যে ৩৬ খন ৰাফেল বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ভাৰতীয় নৌসেনাৰ বাবে অৰ্ডাৰ দিয়া হৈছে আৰু ২৬খন ৰাফেল।

কিন্তু এই আকস্মিক পদক্ষেপ কিয়? প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এজন বিষয়াৰ মতে, ‘অপাৰেচন সেন্দূৰ’ৰ সময়ত ৰাফেলৰ প্ৰদৰ্শন আছিল উৎকৃষ্ট। ই চীনৰ PL-15 ক্ষেপণাস্ত্ৰক পৰাস্ত কৰে। পাকিস্তানৰ বিৰুদ্ধে ব্যৱহৃত স্কেলপ মিছাইলতকৈ এই নতুন বিমানখনত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ থাকিব বুলি আশা কৰা হৈছে।

এই চুক্তিৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণ প্ৰতিষ্ঠানো লাভৱান হ’ব। হায়দৰাবাদত ৰাফেলৰ M-88 ইঞ্জিনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ হাব স্থাপন কৰিব ডাছল্ট এভিয়েচনে। এই উৎপাদনত টাটাৰ দৰে ভাৰতীয় কোম্পানীয়েও ডাঙৰ ভূমিকা ল’ব পাৰে।

ছুখৈ-৩০ এম কে আই আৰু ১৮০ খন অৰ্ডাৰ কৰা লাইট কম্বেট এয়াৰক্ৰাফ্ট তেজছ মাৰ্ক ১এৰ লগতে এই নতুন ৰাফেলে বায়ুসেনাৰ শক্তি বহু পৰিমাণে বৃদ্ধি কৰিব। ২০৩৫ চনৰ পিছত পঞ্চম প্ৰজন্মৰ বিমান অন্তৰ্ভুক্ত কৰাৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ।