এইগৰাকী ভাৰতীয় হৈ পৰিছে বিশ্বৰ আটাইতকৈ দামী কৰ্মচাৰী, প্ৰতিদিনে লাভ কৰে কোটি টকা দৰমহা!

কোৱাণ্টামস্কেপ(QuantumScape)ৰ প্ৰতিষ্ঠাপক জগদীপ সিং বিশ্বৰ সৰ্বাধিক বেতন প্ৰাপ্ত কৰ্মচাৰীত পৰিণত হৈছে। তেওঁৰ বাৰ্ষিক দৰমহা হৈছে ১৭,৫০০ কোটি (প্ৰতিদিনে প্ৰায় ৪৮ কোটি)। তেওঁ ই ভি বেটাৰী প্ৰযুক্তিৰ বিশেষজ্ঞ। তেওঁৰ দৰমহাৰ পেকেজৰ মূল্য আছিল ষ্টক বিকল্পৰ সৈতে ২.৩ বিলিয়ন ডলাৰ।

এইগৰাকী ভাৰতীয় হৈ পৰিছে বিশ্বৰ আটাইতকৈ দামী কৰ্মচাৰী, প্ৰতিদিনে লাভ কৰে কোটি টকা দৰমহা!

কোৱাণ্টামস্কেপৰ প্ৰতিষ্ঠাপক জগদীপ সিং

Published: 

05 Jan 2025 | 06:01 PM

কোৱাণ্টামস্কেপৰ (QuantumScape) প্ৰতিষ্ঠাপক জগদীপ সিং বিশ্বৰ সৰ্বাধিক বেতন প্ৰাপ্ত কৰ্মচাৰী হিচাপে কৃতিত্ব অৰ্জন কৰিছে। তেওঁৰ বাৰ্ষিক দৰমহা হৈছে ১৭,০০০ কোটি টকা। যিয়ে প্ৰতিদিনৰ হিচাপত প্ৰায় ৪৮ কোটি টকা হয়। এই দৰমহা বহুতো কোম্পানীৰ বাৰ্ষিক উপাৰ্জনতকৈ অধিক। সিঙে বৈদ্যুতিক বাহন (EV) বেটাৰী প্ৰযুক্তিত নিজৰ পৰিচয় গঢ়িছে। কোৱাণ্টামস্কেপৰ আৰম্ভণিৰ পৰা আজিলৈ তেওঁৰ অৱদানেৰে বিশ্বব্যাপী বহুতো উদ্যোগক প্ৰভাৱিত কৰিছে।

ইভিৰ বিশেষজ্ঞ

বৈদ্যুতিক বাহন (EV) বেটাৰী প্ৰযুক্তিৰ বাবে বিখ্যাত জগদীপ সিঙে ২০১০ চনত কোৱাণ্টামস্কেপ প্ৰতিষ্ঠা কৰিছিল। কোম্পানীটোৱে পৰৱৰ্তী প্ৰজন্মৰ কঠিন-স্থিতি বেটাৰীত বিশেষজ্ঞ যি ইভিৰ প্ৰদৰ্শন উন্নত কৰা, শক্তি দক্ষতা (energy efficiency) বৃদ্ধি কৰা, আৰু চাৰ্জিং সময় হ্ৰাস কৰাৰ বাবে কাম কৰে। সিঙৰ দূৰদৰ্শী নেতৃত্বই কোৱান্টস্কেপক এক সুকীয়া পৰিচয় দিছিল। যাৰ বাবে ফক্সৱাগন আৰু বিল গেটছৰ দৰে লোকেও এই কোম্পানীটোত বিনিয়োগ কৰিছিল।

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন

কোৱাণ্টামস্কেপ প্ৰতিষ্ঠা কৰাৰ আগতে, সিঙে বিভিন্ন কোম্পানীত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। য’ৰ পৰা তেওঁ এই খণ্ডটোত দক্ষতা (expertise) অৰ্জন কৰি নিজৰ কোম্পানী গঢ়ি তুলিবলৈ ইয়াৰ ব্যৱহাৰ কৰিছিল। তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা B.Tech আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা এমবিএ সম্পূৰ্ণ কৰিছিল।

2.3 বিলিয়ন ডলাৰৰ ষ্টক বিকল্প

সিঙৰ দৰমহাৰ পেকেজটো ব্যতিক্ৰমী আছিল। কিয়নো ইয়াত ২.৩ বিলিয়ন ডলাৰমূ ল্যৰ ষ্টক বিকল্প অন্তৰ্ভুক্ত আছিল। ষ্টক বিকল্প হৈছে এক প্ৰকাৰৰ বিনিয়োগৰ সুযোগ (investment opportunity)।যিয়ে কৰ্মচাৰীসকলক ভৱিষ্যতে এক নিৰ্ধাৰিত মূল্যত তেওঁলোকৰ কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ ক্ষমতা প্ৰদান কৰে। ইয়াৰ ভিতৰত কোম্পানীৰ ষ্টক বিকল্পত ২.৩ বিলিয়ন ডলাৰ মূল্য ৰখা হৈছিল।

বৰ্তমান কি কৰি আছে?

২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত সিঙে কোৱাণ্টামস্কেপৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰে আৰু এই দায়িত্ব শিৱ শিৱৰামক অৰ্পণ কৰে। অৱশ্যে, ইয়াৰ পাছতো তেওঁৰ উদ্যোগী যাত্ৰা অব্যাহত আছিল। তেওঁ বৰ্তমান “ষ্টিল্থ ষ্টাৰ্টআপ”ৰ মুখ্য কাৰ্যবাহী বিষয়া। সামাজিক মাধ্যমতো সক্ৰিয় হৈ আছে সিং।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব