১ ছেপ্টেম্বৰৰ নতুন মূল্যত ক্ৰয় কৰিব লাগিব বাণিজ্যিক LPG চিলিণ্ডাৰ, চাওক কিমান টকা বৃদ্ধি পালে…

Price of Commercial LPG Gas Cylinder : প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ নতুন মূল্য প্ৰকাশ পায় । কেতিয়াবা ইয়াৰ দাম হ্ৰাস পাই আৰু কেতিয়াবা ইয়াৰ দাম বৃদ্ধি পায় । সেই একেদৰে বাণিজ্যিক গেছৰ মূল্যও উঠা-নমা হৈ থাকে । কেতিয়াবা অপৰিৱৰ্তিত অৱস্থাত থাকে। তেল বিপনন কোম্পানীসমূহে পুনৰ বৃদ্ধি কৰিলে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ।

১ ছেপ্টেম্বৰৰ নতুন মূল্যত ক্ৰয় কৰিব লাগিব বাণিজ্যিক LPG চিলিণ্ডাৰ, চাওক কিমান টকা বৃদ্ধি পালে...

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

Published: 

01 Sep 2024 | 07:59 AM

তেল বিপনন কোম্পানীসমূহে পুনৰ বৃদ্ধি কৰিলে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য । প্ৰকাশিত খবৰ অনুসৰি, বাণিজ্যি LPG ৰ মূল্য বৃদ্ধি পাইছে যদিও ঘৰুৱা ৰন্ধন গেছৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। ১ ছেপ্টেম্বৰ আজি দিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ তেল বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৩৯ টকা বৃদ্ধি কৰিছে । আজিৰ পৰা দিল্লীত ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰী মূল্য ১,৬৯১.৫০ টকা।

উল্লেখ্য যে, প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ নতুন মূল্য প্ৰকাশ পায় । কেতিয়াবা ইয়াৰ দাম হ্ৰাস পাই আৰু কেতিয়াবা ইয়াৰ দাম বৃদ্ধি পায় । সেই একেদৰে বাণিজ্যিক গেছৰ মূল্যও উঠা-নমা হৈ থাকে । কেতিয়াবা অপৰিৱৰ্তিত অৱস্থাত থাকে। বাণিজ্যিক গেছৰ মূল্য তেল বিপনন কোম্পানীসমূহে বৃদ্ধি কৰাৰ পাছত ১ ছেপ্টেম্বৰৰ পৰা বৃদ্ধি পোৱা মূল্যত বাণিজ্যিক গেছ চিলিণ্ডাৰ উপলব্ধ হ’ব।

তেলৰ বিপণন কোম্পানীসমূহে মাহৰ আৰম্ভণিতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্যৰ সমতা বিচাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্যৰ উঠা-নমাৰ লগতে দেশত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যও বৃদ্ধি আৰু হ্ৰাস পায়। ঘৰতে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ১৪.২ কেজি চিলিণ্ডাৰ এল পি জি গেছৰ মূল্য ছেপ্টেম্বৰ মাহতো অপৰিৱৰ্তিত হৈ আছে। জুলাই আৰু আগষ্ট মাহত একেই আছিল দাম।

গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত ১৮৯২.৫০ টকা । আগষ্ট মাহৰ তুলনাত ৩৮ টকাকৈ বাণিজ্য়িক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে । ইফালে ঘৰুৱা চিলিণ্ডাৰ মূল্য পূৰ্বৰ দৰেই ১৪.২ কেজিৰ ৮৫২ টকাত উপলব্ধ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব