প্ৰতিদিনে ৫০ টকা জমা কৰি লাভ কৰক লাখ লাখ টকা! ডাকঘৰৰ এই বিশেষ আঁচনিৰ বিষয়ে জানক…

Post Office Scheme: বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। পোষ্ট অফিচৰ বিশেষ আঁচনিত বিনিয়োগ কৰিব বিচৰাসকলে লাভ কৰিব পাৰে লাখ লাখ টকা। ইয়াৰ বিষয়ে অধিক তথ্য জনাৰ দৰকাৰ।

প্ৰতিদিনে ৫০ টকা জমা কৰি লাভ কৰক লাখ লাখ টকা! ডাকঘৰৰ এই বিশেষ আঁচনিৰ বিষয়ে জানক...

পোষ্ট অফিচ

Published: 

27 Jun 2025 10:16 AM

ভাৰতত ডাকঘৰৰ আঁচনিসমূহক নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিনিয়োগৰ বিকল্প হিচাপে গণ্য কৰা হয়। এই আঁচনিসমূহত চৰকাৰী নিশ্চয়তা থাকে, যাতে বিনিয়োগকাৰীয়ে কোনো বিপদ নোহোৱাকৈ ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰে। তেনে এক বিশেষ আঁচনি হৈছে ডাকঘৰৰ গ্ৰাম্য ডাক জীৱন বীমা ((RPLI) )ৰ অধীনত পৰিচালিত গ্ৰাম সুৰক্ষা যোজনা। এই আঁচনিত আপুনি দৈনিক মাত্ৰ ৫০ টকাকৈ অৰ্থাৎ প্ৰতিমাহে প্ৰায় ১৫০০ টকা বিনিয়োগ কৰি লাখ লাখ টকা লাভ কৰিব পাৰে। ই এক দীৰ্ঘম্যাদী বিনিয়োগৰ আঁচনি। জীৱন বীমাৰ সুবিধা বিচৰাসকলৰ বাবে এইখন এখন বিশেষ আঁচনি।

কোনে কৰিব পাৰিব

১৯ৰ পৰা ৫৫ বছৰৰ ভিতৰৰ যিকোনো লোকে এই আঁচনিৰ লাভ উঠাব পাৰিব। অৱশ্যে ইয়াৰ বাবে তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব। এই আঁচনিৰ অধীনত বিনিয়োগকাৰীয়ে মাহেকীয়া, ত্ৰিমাসিক, ডেৰ বছৰীয়া বা বছৰেকীয়া ভিত্তিত প্ৰিমিয়াম পৰিশোধ কৰাৰ সুবিধা লাভ কৰে। ইয়াৰ অধীনত নূন্যতম ১০ হাজাৰ টকা আৰু সৰ্বাধিক ১০ লাখ টকাৰ বীমা ৰাশি ল’ব পাৰিব।

৫০ হাজাৰ টকাৰ পৰা লাভ

যদি কোনো ব্যক্তিয়ে ১৯ বছৰ বয়সত এই আঁচনি আৰম্ভ কৰে আৰু প্ৰতিমাহে ১,৫১৫ টকা প্ৰিমিয়াম দিয়ে, তেন্তে ৫৫ৰ পৰা ৬০ বছৰ বয়সত তেওঁ ৩১.৬ লাখৰ পৰা ৩৪.৬ লাখ টকাৰ মেচিউৰিটি ৰাশি পাব পাৰে। যদি বিনিয়োগকাৰীজন ৮০ বছৰলৈকে জীয়াই থাকে তেন্তে তেওঁ আৰু অধিক ধন লাভ কৰিব। ইযাৰোপৰি এই সময়ত যদি কাৰোবাৰ মৃত্যু হয় তেন্তে এই আঁচনিৰ বাবে মনোনীত ব্যক্তিয়ে এই ধন লাভ কৰিব।

এই আঁচনিৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ জৰিয়তে বিনিয়োগ আৰম্ভ কৰাৰ চাৰি বছৰৰ পাছত ঋণ লোৱাৰ সুবিধা লাভ কৰে গ্ৰাহকে। ইয়াৰোপৰি যেতিয়া ধন ৰখা ৩ বছৰ সম্পূৰ্ণ হয় আৰু এই আঁচনি অব্যাহত ৰাখিব নিবিচাৰে, সেইসকলে এই আঁচনি বন্ধ কৰিব পাৰে। ইয়াৰোপৰি ৫ বছৰ পাছত এই আঁচনিত বোনাছো লাভ কৰে। ফলত বিনিয়োগকাৰীয়ে অধিক লাভ পাব পাৰে।

(এই আঁচনিৰ বিষয়ে অধিক জানিবলৈ আপুনি ওচৰৰ ডাকঘৰত যোগাযোগ কৰিব পাৰে।)

 

অন্য খবৰ পঢ়কঃ Shradhanjali scheme: বহিঃৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ আনিব সন্মান সহকাৰে, শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন অসম কেবিনেটৰ…

এই খাদ্যসমূহে প্ৰাণ সঞ্চাৰ কৰে মগজুত, তালিকাত থকা এবিধ খাদ্যই কৰি তুলিব আচৰিত
ঘৰৰ বেৰত থকা জেঠী সঁচাকৈ বিষাক্ত নেকি? বিজ্ঞানৰ মতে...
নহৰুৰ এনে গুণে আচৰিত কৰিব আপোনাক! খালী পেটত খাওক মাত্ৰ দুই ফুটা, পাব সুফল
দূৰ হ'ব ধনৰ অভাৱ! মাত্ৰ ঘৰত ৰাখক এই ৫টা বিশেষ মূৰ্তি...