Post Office scheme: হাতলৈ আহিব অধিক ধন! জানক এই ৬ টা বিশেষ আঁচনিৰ বিষয়ে…

Post office scheme: আজিৰ সময়ত মানুহে বিনিয়োগ কৰিবৰ বাবেও বহু চিন্তা কৰিব লগা হয়। কিন্তু পোষ্ট অফিচত এনে কিছুমান আঁচনি আছে যাৰ অধীনত ধন বিনিয়োগ কৰিলে আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনা আছে।

Post Office scheme: হাতলৈ আহিব অধিক ধন! জানক এই ৬ টা বিশেষ আঁচনিৰ বিষয়ে...

পোষ্ট অফিচ

Published: 

12 Jan 2025 21:07 PM

আজিৰ সময়ত টকা বিনিয়োগ কৰা যেন এক কঠিন কাম। কিয়নো বিভিন্ন ধৰণৰ ভুৱা আঁচনিৰ বাবে বহু সময়ত গ্ৰাহক বিপদত পৰা দেখা যায়। কিন্তু আপুনি যদি নিৰাপদভাৱে টকা বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপোনাৰ বাবে আছে কিছুমান ভাল বিকল্প। এই বিশেষ আঁচনি নিৰাপদ হোৱাৰ লগতে আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। এই আঁচনিসমূহে কেৱল বিনিয়োগৰ সুৰক্ষা নিশ্চিত কৰাই নহয়, ৭.৫%ৰ পৰা ৮.২%লৈকে আকৰ্ষণীয় সুতৰ হাৰ প্ৰদান কৰে। পোষ্ট অফিচৰ এনে কেইটামান আঁচনিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

পোষ্ট অফিচ ফিক্স ডিপোজিট ((FD)

পোষ্ট অফিচ এফ ডিত ১, ২, ৩ আৰু ৫ বছৰৰ বাবে বিনিয়োগ কৰিব পৰাৰ ব্যৱস্থা আছে। ৫ বছৰৰ বাবে এফ ডিত ৭.৫% সুত পোৱা যায়। এই আঁচনিৰ অধীনত বিনিয়োগ কৰিলে ধাৰা 80C ৰ অধীনত কৰ ৰেহাই পোৱা যায়। যাৰ ফলত ই বিনিয়োগকাৰীৰ বাবে অধিক ফলপ্ৰসূ হৈ পৰে।

মহিলা সন্মান চেভিংছ চাৰ্টিফিকেট

এই আঁচনি মহিলাসকলৰ বাবে বিশেষকৈ প্ৰস্তুত কৰা হৈছে। ইয়াৰ অধীনত ২ বছৰলৈ বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ অধীনত ৭.৫ শতাংশলৈ সুত লাভৰ ব্যৱস্থা আছে। ইয়াৰোপৰি বিনিয়োগৰ সীমা ১,০০০ ৰ পৰা ২ লাখ টকালৈ। এই আঁচনি ৩১ মাৰ্চ, ২০২৫ চনলৈ উপলব্ধ আছে।

নেশ্যনেল চেভিংছ চাৰ্টিফিকেট (NSC)

এই আঁচনিৰ সময় ৫ বছৰ আৰু ইয়াত ৭.৭% সুত দিয়া হয়। ইয়াৰোপৰি ইয়াত কৰ ৰাহিৰ ব্যৱস্থা আছে। ইয়াত বিনিয়োগ কৰা ধনৰাশি প্ৰতি বছৰে কম্পাউণ্ডিঙৰ লগে লগে বৃদ্ধি পায়।

চিনিয়ৰ চিটিজন চেভিংছ স্কীম (SCSS)

এই আঁচনিৰ অধীনত ৬০ বছৰ বা তাতকৈ অধিক বয়সৰলোকে বিনিয়োগ কৰিব পাৰে। ইয়াত ৫ বছৰৰ বাবে ৮.২% সুত দিয়া হয়। সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিব পৰা যায় আৰু ত্ৰিমাসিকভাৱে সুত প্ৰদান কৰা হয়।

সুকন্যা সমৃদ্ধি আঁচনি (SSY)

এই আঁচনিখনে ৮.২% সুত প্ৰদান কৰে। ইয়াত ২৫০ টকাৰ পৰা ১.৫ লাখ টকালৈ বাৰ্ষিক বিনিয়োগ কৰিব পৰা যায়। এই আঁচনি সম্পূৰ্ণ হবলৈ ১৫ বছৰ সময় লাগে আৰু ২১ বছৰত ই মেচ্ছ্যুৰ হয়।

কিষান বিকাশ পত্ৰ (KVP)

এই আঁচনিয়ে ১১৫ মাহত আপোনাৰ বিনিয়োগ ৰাশি দুগুণ কৰে। ইয়াত ৭.৫% সুত দিয়া হয় আৰু নূন্যতম ১০০০ টকাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰি।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...