PM Kisan: আপোনাৰ একাউণ্টত সোমালে নে PM Kisanৰ ধন? এতিয়াই এইদৰে কৰক পৰীক্ষা…
PM KISAN 20th Installment: বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ (PM Kisan Samman Nidhi) ২০ তম কিস্তি মুকলি কৰিছে। আপোনাৰ একাউণ্টত সোমাইছে নে PM Kisanৰ ধন? আপুনি ঘৰত বহিয়ে নিজৰ মোবাইলত চাব পাৰিব এই বিষয়ে।

আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভৰ বাবে বাৰানসী ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ (PM Kisan Samman Nidhi) ২০ তম কিস্তি মুকলি কৰিছে। অৰ্থাৎ এই আঁচনিৰ অধীনত প্ৰদান কৰা ২০০০ টকা আজি কৃষকৰ একাউণ্টত সোমাইছে। বিগত বহুদিনৰ পৰা কৃষক সন্মান নিধিৰ ২০ তম কিস্তিৰ বাবে অপেক্ষা কৰি আহিছিল কৃষকসকলে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ সেৱাপুৰীৰ বনাউলীত ২১৮৩.৪৫ কোটি টকাৰ ৫২ টা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে।
এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰী কৃষকসকলৰ একাউণ্টলৈ ২০ তম কিস্তি প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পিছে আপোনাৰ একাউণ্টত সোমাইছে নে PM Kisanৰ ধন? আপুনি ঘৰত বহিয়ে নিজৰ মোবাইলত চাব পাৰিব এই বিষয়ে। ইয়াৰ বাবে আপুনি তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে–
প্ৰথমে PM Kisanৰ অফিচিয়েল ৱেবছাইট (https://pmkisan.gov.in) লৈ যাওক।
ইয়াৰ পিছত আপুনি হোম পেজত দেখা দিয়া Beneficiary Status option ত ক্লিক কৰিব লাগিব।
তাৰ পিছত আপোনাৰ আধাৰ নম্বৰ, মোবাইল নম্বৰ বা বেংক একাউণ্ট নম্বৰৰ ভিতৰত যিকোনো এটা পূৰ কৰিব লাগিব।
এতিয়া কেপচা ক’ড পূৰণ কৰিবলৈ দিয়া স্থানত এই ক’ড পূৰ কৰিব লাগিব।
এতিয়া সকলো প্ৰয়োজনী তথ্য পূৰণ কৰা পিছত Get Data বুটামত ক্লিক কৰক।
তাৰ পিছত আপোনাৰ পৰ্দাত আপোনাৰ ২০ সংখ্যক কিস্তিকে ধৰি সকলো কিস্তিৰ তথ্য দেখিবলৈ পাব।
এইবাৰ PM Kisanৰ অধীনত ৯ কোটি ৭০ লাখৰো অধিক কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে ২০,৫০০ কোটি টকা। উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল। আঁচনিখনৰ অধীনত চৰকাৰে ২০০০ টকাকৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলক এবছৰত মুঠ ৬০০০ টকা প্ৰদান কৰে।