মহিলাসকলৰ একাউণ্টত পোনপটীয়াকৈ জমা হ’ব ১০,০০০ টকা, প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশেষ আঁচনি…

মোদী চৰকাৰে মহিলা সৱলীকৰণত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। ইয়াৰ অংশ হিচাপে মহিলাসকলৰ নিয়োগ বৃদ্ধিৰ বাবে বিশেষ আঁচনি মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মহিলাসকলৰ একাউণ্টত পোনপটীয়াকৈ জমা হব ১০,০০০ টকা, প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশেষ আঁচনি...

প্ৰতীকী ফটো

Updated On: 

26 Sep 2025 | 03:36 PM

মহিলাসকলৰ বাবে ভাল খবৰ। দেখা গৈছে যে, মোদী চৰকাৰে মহিলা সৱলীকৰণত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। ইয়াৰ অংশ হিচাপে মহিলাসকলৰ নিয়োগ বৃদ্ধিৰ বাবে বিশেষ আঁচনি মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদী চৰকাৰৰ এয়া এক উপহাৰ বুলি ক’লেও ভুল নহ’ব।

আচলতে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ বাবে এক উল্লেখযোগ্য উপহাৰৰ কথা ঘোষণা কৰে। য’ত ৰাজ্যৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ ১০ হাজাৰকৈ টকা পোনপটীয়াকৈ হস্তান্তৰ কৰা হ’ব। এই আঁচনিৰ বাবে মুঠ ৭,৫০০ কোটি টকা ব্যয় কৰা হ’ব।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰীৰ মহিলা নিয়োগ আঁচনি আৰম্ভ কৰে। আঁচনিখন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, এন ডি এ চৰকাৰৰ লক্ষ্য হৈছে মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণ কৰা। তেওঁ দাবী কৰে যে, ভৱিষ্যতে বিহাৰ দেশৰ ভিতৰতে সৰ্বাধিক লাখপতি দিদি থকা ৰাজ্য হিচাপে পৰিগণিত হ’ব।

মোদীয়ে উল্লেখ কৰে যে, প্ৰাৰম্ভিক ১০ হাজাৰ টকা লাভ কৰাৰ পিছত মহিলাসকলে ২ লাখ টকা পৰ্যন্ত অতিৰিক্ত আৰ্থিক সাহায্য আৰু উদ্যোগীকৰণৰ প্ৰশিক্ষণ লাভ কৰিব যাতে তেওঁলোকে আত্মনিৰ্ভৰশীল হ’ব পাৰে।

আঁচনিখনৰ বিশেষ সুবিধাসমূহ

এই আঁচনিৰ অধীনত ৭৫ লাখ মহিলাই তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১০,০০০ টকাকৈ লাভ কৰিব।

ভৱিষ্যতে তেওঁলোকে ২ লাখ টকা পৰ্যন্ত অতিৰিক্ত আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণ লাভ কৰিব।

মুঠ ৭,৫০০ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখনৰ লক্ষ্য হৈছে মহিলাসকলক কৰ্মসংস্থাপন আৰু আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই নিয়া।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...