অন্ত পৰিল PM Kisanৰ ২২ তম কিস্তিৰ অপেক্ষা! নতুন বছৰৰ প্ৰথমটো কিস্তি কেতিয়া আহিব চাওক

খেতিৰ বৰ্ধিত খৰচ আৰু দৈনন্দিন প্ৰয়োজনসমূহ পূৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত প্ৰদান কৰা এই চৰকাৰী সাহায্যই কৃষকসকলক যথেষ্ট সকাহ দিয়ে। সেয়ে ২০২৬ বৰ্ষৰ আৰম্ভণিৰ লগে লগে এতিয়া কৃষক ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে আঁচনিখনৰ ২২ তম কিস্তিৰ ওপৰত।

অন্ত পৰিল PM Kisanৰ ২২ তম কিস্তিৰ অপেক্ষা! নতুন বছৰৰ প্ৰথমটো কিস্তি কেতিয়া আহিব চাওক

Pm Kisanৰ ২২ তম কিস্তি কেতিয়া!

Updated On: 

02 Jan 2026 15:25 PM

দেশৰ কোটি কোটি ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিখনে এক শক্তিশালী আৰ্থিক সুৰক্ষা কৱচ হিচাপে কাম কৰি আহিছে। খেতিৰ বৰ্ধিত খৰচ আৰু দৈনন্দিন প্ৰয়োজনসমূহ পূৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ অধীনত প্ৰদান কৰা এই চৰকাৰী সাহায্যই কৃষকসকলক যথেষ্ট সকাহ দিয়ে। সেয়ে ২০২৬ বৰ্ষৰ আৰম্ভণিৰ লগে লগে এতিয়া কৃষক ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে আঁচনিখনৰ ২২ তম কিস্তিৰ ওপৰত।

আঁচনিৰ লক্ষ্য আৰু সফলতা

২০১৯ চনত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে যোগ্য কৃষকসকলক বছৰত মুঠ ৬,০০০ টকাৰ সাহায্য আগবঢ়োৱা হয়। এই ধনৰাশি ২,০০০ টকাকৈ তিনিটা কিস্তিত পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হ’ল কৃষকসকলক সাৰ, বীজ আৰু কীটনাশক আদি ক্ৰয় কৰাত সহায় কৰা।

আঁচনিখন প্ৰৱৰ্তন হোৱাৰ পৰা ইতিমধ্যে ২১ টা কিস্তি মুকলি কৰা হৈছে আৰু চৰকাৰী তথ্য অনুসৰি দেশৰ ৯ কোটিতকৈ অধিক কৃষক এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে। যোৱা ১৯ ​​নৱেম্বৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১ তম কিস্তি মুকলি কৰা হৈছিল।

২২ তম কিস্তি কেতিয়া আহিব

যদিও চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই, তথাপিও পূৰ্বৰ ধাৰাবাহিকতালৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰতি চাৰি মাহৰ অন্তৰালত একোটা কিস্তি প্ৰদান কৰা হয়। সেই ভিত্তিত আশা কৰা হৈছে যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ২২ তম কিস্তিৰ ধন কৃষকসকলৰ একাউণ্টত জমা হ’ব।

মন কৰিবলগীয়া জৰুৰী দিশ

কিস্তিৰ ধন লাভত যাতে কোনো বাধাৰ সৃষ্টি নহয়, তাৰ বাবে কৃষকসকলে কিছুমান কাৰিকৰী কাম সম্পূৰ্ণ কৰি ৰখাটো অতি প্ৰয়োজনীয়-

ই-কেৱাইচিঃ পিএম কিষাণ পৰ্টেলত ই-কেৱাইচি আপডেট হৈ থকাটো বাধ্যতামূলক।

আধাৰ সংযোগঃ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো নিশ্চিত কৰিব লাগে।

ভূমিৰ তথ্যঃ ভূমিৰ নথিপত্ৰ পৰ্টেলত সঠিকভাৱে আপলোড হৈ থাকিব লাগিব।

সৰু এটা ভুলৰ বাবেও বহু সময়ত কৃষকসকলে আঁচনিৰ ধন লাভ নকৰিব পাৰে। সেয়েহে, পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ গৈ মাজে মাজে নিজৰ ‘Status’ পৰীক্ষা কৰা উচিত। যদি প্ৰয়োজনীয় সকলো নিয়ম সম্পূৰ্ণ হৈ থাকে, তেতিয়া ২২ সংখ্যক কিস্তি সময়মতে আপোনাৰ একাউণ্টত সোমাব।

উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
আপোনাৰ চুগাৰ আছে নেকি ? এই ৪ টা কথা সদায় মনত ৰাখক
শীতকালত নিয়মিত খাওক মাত্ৰ এই ৫টা ফল, আপোনাৰ লিভাৰ হৈ থাকিব সুস্থ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?