PM Kisan: অপেক্ষাৰ অন্ত পেলাই কৃষকলৈ আহিব সুখবৰ! এই দিনটোত একাউণ্টত সোমাব ’দুগুণ সুখ’ৰ ধন!

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই আঁচনিৰ ২১ টা কিস্তি সফলতাৰে মুকলি কৰিছে আৰু এতিয়া আঁচনিৰ হিতাধিকাৰীসকলৰ দৃষ্টি নিবদ্ধ হৈছে ২২ তম কিস্তিৰ ওপৰত। চৰকাৰী নিয়ম অনুসৰি, এই ধন বছৰত তিনিবাৰকৈ (এপ্ৰিল-জুলাই, আগষ্ট-নৱেম্বৰ আৰু ডিচেম্বৰ-মাৰ্চ) প্ৰদান কৰা হয়।

PM Kisan: অপেক্ষাৰ অন্ত পেলাই কৃষকলৈ আহিব সুখবৰ! এই দিনটোত একাউণ্টত সোমাব ’দুগুণ সুখ’ৰ ধন!

কেতিয়া সোমাব PM Kisanৰ ধন

Published: 

11 Jan 2026 | 03:57 PM

দেশৰ কোটি কোটি কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (PM Kisan Yojana) কেৱল এক চৰকাৰী আঁচনি নহয়, বৰঞ্চ ই এক গুৰুত্বপূৰ্ণ আৰ্থিক সহায়ৰ উৎস হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই আঁচনিৰ ২১ টা কিস্তি সফলতাৰে মুকলি কৰিছে আৰু এতিয়া আঁচনিৰ হিতাধিকাৰীসকলৰ দৃষ্টি নিবদ্ধ হৈছে ২২ তম কিস্তিৰ ওপৰত। চৰকাৰী নিয়ম অনুসৰি, এই ধন বছৰত তিনিবাৰকৈ (এপ্ৰিল-জুলাই, আগষ্ট-নৱেম্বৰ আৰু ডিচেম্বৰ-মাৰ্চ) প্ৰদান কৰা হয়।

যিহেতু ২১ তম কিস্তি ২০২৫ চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল, সেয়েহে ২২ তম কিস্তিৰ সময় ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত পৰে। প্ৰশাসনিক প্ৰস্তুতিৰ ওপৰত ভিত্তি কৰি অনুমান কৰা হৈছে যে চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহত বা এপ্ৰিলৰ আৰম্ভণিতে এই কিস্তি মুকলি কৰিব পাৰে।

বাজেটত বৃদ্ধি হ’ব নেকি কিষাণ নিধিৰ ধন?

অহা ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। চৰ্চা চলিছে যে কৃষকসকলৰ বাবে এইবাৰ বাজেটত বিশেষ ঘোষণা থাকিব পাৰে। বৰ্তমান এই আঁচনিৰ অধীনত কৃষকসকলে বছৰি ৬,০০০ টকাকৈ (৩টা কিস্তিত ২,০০০ টকাকৈ) লাভ কৰে।

আকাশলংঘী মূল্যবৃদ্ধি আৰু খেতিৰ খৰচ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই ধন বৃদ্ধি কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। সেয়েহে, এইবাৰৰ বাজেটত সন্মান নিধিৰ ধন বৃদ্ধিৰ সম্ভাৱনাক লৈ আশাবাদী হৈ পৰিছে দেশৰ কৃষক সমাজ। এতিয়া মাত্ৰ অপেক্ষা বাজেট দাখিলৰ দিনটোলৈ।

এই কামটো কৰাটো বাধ্যতামূলক

বহু সময়ত কিস্তি মুকলি কৰাৰ পিছতো বহু কৃষকৰ একাউণ্টলৈ ধন নাহে। ইয়াৰ মুখ্য কাৰণ হ’ল e-KYC সম্পূৰ্ণ নোহোৱা। চৰকাৰে স্পষ্ট কৰি দিছে যে কেৱল e-KYC সম্পূৰ্ণ কৰা কৃষকসকলেহে পৰৱৰ্তী কিস্তিৰ লাভ পাব। পিছে কিদৰে কৰিব e-KYC? আপুনি ঘৰত বহিয়েই নিজ মোবাইলত এই কাম কৰিব পাৰে।

এইদৰে কৰিব পাৰিব e-KYC

প্ৰথমে চৰকাৰী পৰ্টেল (pmkisan.gov.in) লৈ যাওক।

e-KYC বিকল্প বাছনি কৰক।

আপোনাৰ আধাৰ নম্বৰ দি মোবাইলত অহা OTP টো পূৰ কৰিলেই e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ