শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে দিব ২০০০ টকাৰ উপহাৰ! হাতত সময় কম, এতিয়াই এই কাম নকৰিলে হ’ব বঞ্চিত…
চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট দিন ঘোষণা কৰা হোৱা নাই। পিছে আঁচনিৰ ধন লাভ কৰিবলৈ হিতাধিকাৰীসকলে সোনকালেই কিছুমান কাম কৰাটো অতি প্ৰয়োজনীয়। চাওক এই বিষয়ে।

শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে দিব ২০০০ টকাৰ উপহাৰ!
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ ২২ সংখ্যক কিস্তিৰ বাবে দেশৰ কোটি কোটি কৃষকে দীঘলীয়া সময় ধৰি অপেক্ষা কৰি আছে। সংসদৰ আগন্তুক বাজেট অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে এই অপেক্ষা অধিক হৈ পৰিছে। সকলোৰে মনত এটাই প্ৰশ্ন, বাজেট অধিৱেশনৰ পূৰ্বে একাউণ্টত সোমাব নেকি PM-Kisan আঁচনিৰ ২২ সংখ্যক কিস্তিৰ ধন! এই লৈ চলি থকা জল্পনা-কল্পনাৰ সময়তে এক গুৰুত্বপূৰ্ণ আপডেট আহিছে।
কেতিয়া একাউণ্টত সোমাব ধন?
কেন্দ্ৰীয় চৰকাৰৰ নিয়মানুসাৰে, প্ৰতি চাৰি মাহৰ অন্তৰে অন্তৰে এই আঁচনিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত ২,০০০ টকাকৈ জমা কৰা হয়। শেহতীয়াকৈ ২১ সংখ্যক কিস্তিৰ ধন মুকলি কৰাৰ পিছত, এতিয়া ২২ সংখ্যক কিস্তিৰ পাল। পূৰ্বৰ ধাৰা অনুসৰি, এই ২২ সংখ্যক কিস্তিৰ ধন আগন্তুক ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত কৃষকৰ একাউণ্টলৈ পঠিওৱাৰ সম্ভাৱনা আছে।
অৰ্থাৎ বাজেট দাখিলৰ পূৰ্বে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ হিতাধিকাৰীসকলে ২২ সংখ্যক কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা কম। অৱশ্যে চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট দিন ঘোষণা কৰা হোৱা নাই। পিছে আঁচনিৰ ধন লাভ কৰিবলৈ হিতাধিকাৰীসকলে সোনকালেই কিছুমান কাম কৰাটো অতি প্ৰয়োজনীয়।
এতিয়া কৰক এই অত্যাৱশ্যকীয় কামসমূহ
PM-Kisan আঁচনিৰ ধন লাভ কৰিবলৈ হিতাধিকাৰীসকলে কিছুমান কাম কৰাটো অতি প্ৰয়োজনীয়। যিসকল কৃষকে ২১ সংখ্যক কিস্তিৰ ধন লাভ কৰিছিল, তেওঁলোকেও ২২ সংখ্যক কিস্তি পাবলৈ হ’লে তলত দিয়া ৩টা কাম কৰাটো বাধ্যতামূলক-
১/ e-KYC সম্পূৰ্ণ কৰকঃ যদি আপুনি এতিয়ালৈকে e-KYC কৰা নাই, তেন্তে আপোনাৰ কিস্তি বন্ধ হৈ যাব পাৰে। PM-Kisan পৰ্টেলত গৈ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰৰ জৰিয়তে বা ওচৰৰ চিএছচি (CSC) কেন্দ্ৰলৈ গৈ বায়’মেট্ৰিক ব্যৱহাৰ কৰি আপুনি e-KYC কৰিব পাৰে।
২/ ভূমিৰ তথ্য পৰীক্ষাঃ আপোনাৰ কৃষি ভূমিৰ নথিপত্ৰ পৰ্টেলত আপডেট হৈ থকাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ ষ্টেটাছত ‘Land Seeding’ নো (No) হৈ আছে, তেন্তে শীঘ্ৰে স্থানীয় কৃষি বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক।
৩/ বেংক একাউণ্টৰ সৈতে আধাৰ লিংকঃ চৰকাৰী ধন DBT (Direct Benefit Transfer) ৰ জৰিয়তে আহে, সেয়েহে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকাটো প্ৰয়োজন।
তালিকাত নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব?
প্ৰথমে pmkisan.gov.in ৱেবছাইটলৈ যাওক।
‘Beneficiary Status’ বিকল্পত ক্লিক কৰক।
নিজৰ মোবাইল নম্বৰ বা পঞ্জীয়ন নম্বৰ (Registration Number) দি লগ-ইন কৰক।
তাতেই আপুনি আপোনাৰ পৰৱৰ্তী কিস্তিৰ স্থিতি (Status) চাব পাৰিব।