EPFOৰ পৰা ধন উলিওৱাৰ কথা ভাবিছে নেকি? লাভ কৰিব এনে সুবিধা, কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰিলে ঘোষণা…

বৰ্তমান সময়ত কৰ্মচাৰীসকলে নিজা প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আগতীয়াকৈ ধন উলিয়াব বিচাৰিলে অট’ ছেটলমেণ্টৰ সীমা ১ লাখ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে। EPFOৰ নিয়ম অনুসৰি ১ লাখ টকা পৰ্যন্ত ধন উলিওৱাৰ বাবে ৩ দিনৰ ভিতৰত অটো ছেটেলমেণ্ট মোডত ধন লাভ কৰে। এতিয়া এই সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই।

EPFOৰ পৰা ধন উলিওৱাৰ কথা ভাবিছে নেকি? লাভ কৰিব এনে সুবিধা, কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰিলে ঘোষণা...

EPFOৰ পৰা ধন উলিওৱা হ’ব সহজ

Published: 

26 Jun 2025 | 04:02 PM

কৰ্প’ৰেট খণ্ডত নিয়োজিত অধিকাংশ কৰ্মচাৰীৰে EPFOৰ সুবিধা থাকে। এই EPFOৰ জৰিয়তে কৰ্মচাৰীসকলে সঞ্চয়ৰ এক উপযুক্ত সুবিধা লাভ কৰে। এতিয়া এই EPFO অৰ্থাৎ প্ৰভিডেণ্ট ফাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁৰ এই ঘোষণা কাৰ্যকৰী হ’লে কৰ্প’ৰেট খণ্ডৰ কৰ্মচাৰীসকল অত্যন্ত উপকৃত হ’ব বুলি আশা কৰা হৈছে। বৰ্তমান সময়ত কৰ্মচাৰীসকলে নিজা প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আগতীয়াকৈ ধন উলিয়াব বিচাৰিলে অট’ ছেটলমেণ্টৰ সীমা ১ লাখ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে।

EPFOৰ নিয়ম অনুসৰি ১ লাখ টকা পৰ্যন্ত ধন উলিওৱাৰ বাবে ৩ দিনৰ ভিতৰত অটো ছেটেলমেণ্ট মোডত ধন লাভ কৰে। এতিয়া এই সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই। পূৰ্বে EPFO একাউণ্টৰ পৰা নিৰ্ধাৰিত এক লাখ টকাৰ সীমাৰ ওপৰত আগতীয়াকৈ ধন উলিয়াব বিচাৰিলে বহু প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লগা হৈছিল। এতিয়া ৫ লাখ টকা পৰ্যন্ত এই প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে।

কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ ক’ভিড মহামাৰীৰ সময়ত অনলাইনৰ জৰিয়তে আগতীয়াকৈ ধন উলিওৱাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰী সময়ত চিকিৎসা সংক্ৰান্তীয় কাৰণত, শিক্ষা, বিবাহ আৰু ঘৰ ক্ৰয় আদি ভিন্ন কাৰণত ধনৰ প্ৰয়োজন হ’লে অটো ছেটলমেণ্ট মোডত প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ধন উলিয়াব পৰাৰ সুবিধা কৰা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডব্যই উল্লেখ কৰা মতে ২০২৪ চনৰ বিত্তীয় বৰ্ষত EPFO একাউণ্টৰ পৰা আগতীয়াকৈ উলিওৱাৰ বাবে ৮৯ লাখ ৫০ হাজাৰৰো অধিক আবেদন দাখিল কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত এই সংখ্যা ১৬১ শতাংশ বৃদ্ধি পাইছে বুলি তেওঁ সদৰী কৰে। এইদৰে এই বিত্তীয় বৰ্ষত EPFOৰ পৰা আগতীয়াকৈ ধন উলিওৱাৰ বাবে ২.৩৪ কোটি আবেদন দাখিল কৰা হৈছে।

তেওঁ লগতে উল্লেখ কৰা মতে ২০২৪ চনৰ বিত্তীয় বৰ্ষত এই সংক্ৰান্তত ৩১ শতাংশ আবেদন স্বয়ংক্ৰিয়ভাৱে নিষ্পত্তি কৰা হৈছিল। আনহাতে, ২০২৫ চনৰ বিত্তীয় বৰ্ষত এই সংখ্যা ৫৯ শতাংশ বুলি তেওঁ জানিবলৈ দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব