বন্ধ হ’ব ৫০০ টকীয়া নোট! পুনৰ হ’ব নেকি বিমুদ্ৰাকৰণ? কেন্দ্ৰীয় চৰকাৰে দিলে এই স্পষ্ট বাৰ্তা

দেশত পুনৰ নোটবন্দী হ’ব নেকি? ৫০০ টকীয়া নোটসমূহ বজাৰৰ পৰা নোহোৱা হৈ যাব নেকি? ছ’চিয়েল মিডিয়াত বিয়পি পৰা এনেবোৰ উৰাবাতৰিয়ে সাধাৰণ ৰাইজক চিন্তিত কৰি তোলাৰ পিছত এতিয়া চৰকাৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে।

বন্ধ হ’ব ৫০০ টকীয়া নোট! পুনৰ হ’ব নেকি বিমুদ্ৰাকৰণ? কেন্দ্ৰীয় চৰকাৰে দিলে এই স্পষ্ট বাৰ্তা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

19 Jan 2026 | 03:27 PM

প্ৰায় এটা দশকৰ পূৰ্বে, ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা এক ঘোষণা দেশবাসীয়ে আজিও পাহৰা নাই। হঠাতে কৰা নোটবন্দী অৰ্থাৎ বিমুদ্ৰাকৰণৰ ঘোষণাই সমগ্ৰ ভাৰতবৰ্ষতে এক জোকাৰণিৰ সৃষ্টি কৰিছিল। পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোটসমূহৰ বৈধতা মুহূৰ্ততে শেষ হৈ পৰিছিল আৰু নতুন নোট সংগ্ৰহৰ বাবে বেংক তথা এটিএমৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী দেখা গৈছিল। শেহতীয়াকৈ তেনে এক পৰিৱেশৰ পুনৰাবৃত্তি ঘটিব নেকি, তাক লৈয়েই এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে।

দেশত পুনৰ নোটবন্দী হ’ব নেকি? কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) মিলি এক দশকৰ পাছত ‘নোটবন্দী ২.০’ৰ প্ৰস্তুতি চলাইছে নেকি? ৫০০ টকীয়া নোটসমূহ বজাৰৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব নেকি? — শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত বিয়পি পৰা এনেবোৰ প্ৰশ্নই সাধাৰণ ৰাইজক যথেষ্ট চিন্তিত আৰু বিমোৰত পেলাইছে।

ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে যে চৰকাৰে ৫০০ টকীয়া নোট বন্ধ কৰি ১০০ টকীয়া নোটক দেশৰ সৰ্ববৃহৎ মুদ্ৰা হিচাপে ৰাখিবলৈ পৰিকল্পনা কৰিছে। এই খবৰে মানুহক ১০ বছৰ পূৰ্বে নোটবন্দীৰ সময়ত হোৱা সমস্যাৰ কথা মনত পেলাই দিছে। অৱশ্যে এতিয়া চৰকাৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে।

PIB ফেক্ট চেকৰ তথ্য

প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ (PIB) ফেক্ট চেক ইউনিটে ছ’চিয়েল মিডিয়াত চলি থকা এই দাবীসমূহৰ সত্যতা পৰীক্ষা কৰি এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে। এই স্পষ্টীকৰণ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৫০০ টকীয়া নোটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কোনো পৰিকল্পনা কৰা নাই। পিআইবি ফেক্ট চেকে এই সমগ্ৰ খবৰটোক ভুৱা বুলি অভিহিত কৰিছে।

চৰকাৰৰ তৰফৰ পৰা এনেধৰণৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। পিআইবিয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বিভ্ৰান্তিকৰ স্ক্ৰীনশ্বটসমূহো শ্বেয়াৰ কৰিছে। পিআইবিয়ে জনসাধাৰণক আহ্বান জনাইছে যাতে তেওঁলোকে চৰকাৰী নীতি আৰু সিদ্ধান্তৰ সৈতে জড়িত যিকোনো তথ্যৰ বাবে কেৱল চৰকাৰী আৰু আনুষ্ঠানিক উৎসৰ ওপৰতহে ভৰসা কৰে।

হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...