একে স্থানতে নে একাধিক স্থানত! কিদৰে সুৰক্ষিত আৰু লাভজনক হ’ব ফিক্সড ডিপ’জিটৰ বিনিয়োগ?
মোটা অংকৰ ফিক্সড ডিপ’জিট কৰিব লাগে নে সৰু সৰু কেইবাটাও ডিপজিট কৰা উচিত, সেয়া আপুনি জনা উচিত। আৰু ইয়াতেই নিহিত হৈ আছে আপোনাৰ আৰ্থিক বুদ্ধিমত্তাৰ মহত্ত্ব। জানো আহক এনে গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰয়োজনীয় টিপছ।

প্ৰতিনিধিত্বমূলক ছবি
টকা উপাৰ্জন কৰাটো যিমান কষ্টকৰ, সেই টকাখিনিক সঠিকভাৱে সঠিকভাৱে ৰখাটো তাতোকৈ ডাঙৰ কলা। বৰ্তমানৰ মূল্যবৃদ্ধিৰ বজাৰত আপোনাৰ সাঁচতীয়া ধনখিনি কেৱল চেভিংছ একাউণ্টত পেলাই থৈছে নেকি? যদি আপুনি ফিক্সড ডিপজিট (FD) কৰাৰ কথা ভাবিছে, তেতিয়াহ’লে বিনিয়োগৰ পূৰ্বে কিছু গুৰুত্বপূৰ্ণ কথা জানি লোৱা প্ৰয়োজন। মোটা অংকৰ ফিক্সড ডিপ’জিট কৰিব লাগে নে সৰু সৰু কেইবাটাও ডিপজিট কৰা উচিত, সেয়া আপুনি জনা উচিত। আৰু ইয়াতেই নিহিত হৈ আছে আপোনাৰ আৰ্থিক বুদ্ধিমত্তাৰ মহত্ত্ব।
বীমাৰ সুৰক্ষা
আপুনি জানেনে যে বেংকত থকা আপোনাৰ সকলো ধন সুৰক্ষিত নহয়? নিয়ম অনুসৰি, DICGC বীমাৰ অধীনত এটা বেংকত মাত্ৰ ৫ লাখ টকা পৰ্যন্তহে আমানত সুৰক্ষিত থাকে। ধৰক আপুনি এটা বেংকত ৭ লাখ টকা জমা ৰাখিছে আৰু বেংকটো কিবা কাৰণত দেউলীয়া হ’ল, তেতিয়া আপুনি চৰকাৰীভাৱে কেৱল ৫ লাখ টকাহে ঘূৰাই পাব। বাকী ২ লাখ টকা হেৰুৱাৰ সম্ভাৱনা থাকে। সেইবাবেই ধনখিনি বিভিন্ন বেংকত ভাগ কৰি ৰখা অধিক নিৰাপদ।
লিকুইডিটি বা জৰুৰীকালীন সুবিধা
ধৰক আপোনাৰ হঠাতে ৫০ হাজাৰ টকাৰ প্ৰয়োজন হ’ল। যদি আপুনি এটা ডাঙৰ অংকৰ (ধৰক ৫ লাখ টকাৰ) ফিক্সড ডিপজিট কৰি থৈছে, তেতিয়া আপুনি সমগ্ৰ ডিপজিটটো ভাঙিব লাগিব। ইয়াৰ ফলত আপুনি সুদৰ পৰা বঞ্চিত হোৱাৰ লগতে বেংকক জৰিমনাও দিব লাগিব। কিন্তু আপোনাৰ যদি ১ লাখ টকাকৈ ৫টা ফিক্সড ডিপজিট থাকে, তেতিয়া আপুনি মাত্ৰ এটা ডিপজিট ভাঙি প্ৰয়োজন পূৰণ কৰিব পাৰিব আৰু বাকী ৪ লাখ টকাৰ ওপৰত সুদ লাভ কৰি থাকিব।
সুদৰ হাৰৰ পৰিৱৰ্তন
বজাৰত সুদৰ হাৰ সদায় একে নাথাকে। যদি আপুনি সকলো ধন বহু দিনৰ বাবে এক আঁচনিতে আবদ্ধ কৰি ৰাখে, তেতিয়া সুদৰ হাৰ বৃদ্ধি পালেও আপুনি তাৰ লাভ উঠাব নোৱাৰিব। সৰু সৰু বিনিয়োগ থাকিলে আপুনি সহজেই পুৰণা আঁচনিৰ পৰা ওলাই আহি অধিক সুদ থকা নতুন আঁচনিত ধন বিনিয়োগ কৰিব পাৰিব।
বিশেষজ্ঞৰ পৰামৰ্শ
যদি আপুনি কোনো সমস্যা নোহোৱাকৈ বিনিয়োগ কৰিব বিচাৰে, তেতিয়াহ’লে এক ডাঙৰ ফিক্সড ডিপজিট কৰিব পাৰে। কিন্তু নিৰাপত্তা আৰু সুবিধা, দুয়োটাই পাবলৈ হ’লে ধনৰাশি পৃথকে পৃথকে থোৱাই শ্ৰেয়। অহা তিনিমাহত ৰিজাৰ্ভ বেংকে সুদৰ হাৰৰ সালসলনি কৰাৰ সম্ভাৱনা আছে। গতিকে দীৰ্ঘম্যাদী সময়ৰ বাবে সকলো ধন এঠাইতে থোৱাৰ পূৰ্বে দুবাৰ ভাবক, যাতে আপোনাৰ কষ্টোপাৰ্জিত ধন বেংকৰ নিয়মৰ পৰিৱৰ্তে আপোনাৰ নিৰ্দেশ অনুসৰি পৰিচালিত হয়।