পিছ পৰিল Apple-Microsoft, বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী ৰূপে পৰিগণিত হ’ল Nvidia

Apple আৰু Microsoft- ৰ দৰে বিখ্যাত প্ৰতিষ্ঠানক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হৈছে Nvidia। বৃহস্পতিবাৰে Nvidiaৰ বজাৰ মূলধন ৩.৯২ ট্ৰিলিয়ন ডলাৰত উপনীত হয়। বিশ্বৰ বজাৰত প্ৰথমবাৰৰ বাবে এই কোম্পানীটোৱে শীৰ্ষস্থান দখল কৰিছে।

পিছ পৰিল Apple-Microsoft, বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী ৰূপে পৰিগণিত হ’ল Nvidia

বিশ্বৰ বজাৰত Nvidiaৰ দ্ৰুত উত্থান

Published: 

06 Jul 2025 17:29 PM

আমেৰিকাৰ প্ৰখ্যাত কোম্পানী Nvidia- বিশ্বৰ বজাৰত ঘটাইছে চমকপ্ৰদ উত্থান ইতিহাস ৰচনা কৰি এই কোম্পানীটোৱে পিছ পেলাইছে Apple আৰু Microsoft- দৰে বিখ্যাত প্ৰতিষ্ঠানক এই প্ৰখ্যাত কোম্পানী দুটাক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হৈছে Nvidia। বৃহস্পতিবাৰে Nvidiaৰ বজাৰ মূলধন ৩.৯২ ট্ৰিলিয়ন ডলাৰত উপনীত হয় এইদৰে Appleৰ পূৰ্বৰ অভিলেখ ৩.৯১৫ ট্ৰিলিয়ন ডলাৰ আৰু Microsoft বৰ্তমানৰ মূল্য ৩.৭ ট্ৰিলিয়ন ডলাৰতকৈ অধিক হৈ পৰিছে Nvidiaৰ বজাৰ মূলধন। বিশ্বৰ বজাৰত প্ৰথমবাৰৰ বাবে এই কোম্পানীটোৱে শীৰ্ষস্থান দখল কৰিছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ক্ৰমবৰ্ধমান চাহিদাই Nvidia শিখৰলৈ তুলি নিছে AIৰ প্ৰতি বিনিয়োগকাৰীৰ ক্ৰমবৰ্ধমান উৎসাহৰ পিছত Nvidiaই এই দৌৰত ক্ৰমাগতভাৱে আগবাঢ়ি শীৰ্ষস্থান দখল কৰে কোম্পানীটোৰ হাই-টেক চিপসমূহে বৃহৎ AI মডেলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে কাৰণতে মাইক্ৰ’ছফ্ট, আমাজন, মেটা, আলফাবেট আৰু টেছলাৰ দৰে টেক কোম্পানী নিজৰ AI ডাটা চেণ্টাৰৰ বাবে Nvidiaৰ প্ৰচেছৰৰ ওপৰত নিৰ্ভৰশীল। এই কোম্পানীসমূহৰ চাহিদাই Nvidiaৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

২০২১ চনত Nvidiaৰ মূল্য প্ৰায় ৫০০ বিলিয়ন ডলাৰ আছিল যদিও মাত্ৰ চাৰি বছৰৰ ভিতৰতে কোম্পানীটোৰ বজাৰ মূল্য প্ৰায় আঠগুণ বৃদ্ধি পাইছে আৰু ৪ ট্ৰিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰিবলৈ সাজু হৈছে। এই মূল্য কানাডা আৰু মেক্সিকোৰ শ্বেয়াৰ বজাৰৰ মুঠ মূল্যতকৈও অধিক। কেৱল এয়াই নহয়, Nvidiaৰ বজাৰ মূলধন ব্ৰিটেইনৰ সকলো তালিকাভুক্ত কোম্পানীৰে মুঠ মূল্যতকৈও অধিক হৈ পৰিছে।

বৃহস্পতিবাৰে এনভিডিয়াৰ শ্বেয়াৰ ২.২% বৃদ্ধি পায় আৰু কোম্পানীটোৰ প্ৰতি শ্বেয়াৰ ১৬০.৬ ডলাৰত উপনীত হয়। এই উত্থানে কোম্পানীটোক আমেৰিকাৰে টেক প্ৰতিদ্বন্দ্বী কোম্পানী Apple আৰু Microsoft- তকৈ আগুৱাই লৈ যায়। বিশেষজ্ঞসকলৰ মতে, AI জগতখনত চলি থকা ক্ৰমবৰ্ধমান উত্থানৰ বাবেই Nvidia- ই সৰ্বাধিক লাভ লাভ কৰিছে। কোম্পানীটোৰ চিপসমূহ কেৱল AI মডেলক প্ৰশিক্ষণ দিয়াই নহয়, ই বৃহৎ পৰিসৰত ডাটা চেণ্টাৰসমূহক শক্তি প্ৰদান কৰাত অৰিহণা যোগায়।

বিনিয়োগকাৰী আৰু বজাৰ বিশ্লেষকসকলৰ মতে AI প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান পৰিসৰ আৰু ডাটা চেণ্টাৰৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি Nvidia-ৰ উত্থান দীৰ্ঘদিনলৈ চলি থাকিব। Nvidia-ৰ এই কৃতিত্বই কেৱল টেক উদ্যোগেই নহয়, সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!