আজিৰ পৰা সলনি হ’ল UPIৰ নিয়ম, Gpay-PhonePe ব্যৱহাৰকাৰীয়ে কৰিব নোৱাৰিব এনে কাম

আপুনি আৰু আজিৰ পৰা PhonePe, Gpay বা PayTMৰ দৰে এপত ধন বিচাৰি কোনো লোকক ‘Collect Request’ পঠিয়াব নোৱাৰিব। অনলাইন জালিয়াতি ৰোধ কৰাৰ লগতে ব্যৱহাৰকাৰীৰ সুৰক্ষা শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আজিৰ পৰা সলনি হ’ল UPIৰ নিয়ম, Gpay-PhonePe ব্যৱহাৰকাৰীয়ে কৰিব নোৱাৰিব এনে কাম

আজিৰ পৰা সলনি হ’ল UPIৰ নিয়ম

Published: 

01 Oct 2025 | 03:54 PM

বৰ্তমান সময়ত লেনদেনৰ ক্ষেত্ৰত ডিজিটেল পেমেণ্টৰ প্ৰয়োভৰ দেশজুৰি বৃদ্ধি পাইছে নগৰীয়া অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলতো ডিজিটেল পেমেণ্টৰ জৰিয়তে ধনৰ লেনদেন সম্ভৱ হৈ উঠিছে এইক্ষেত্ৰত UPI হৈছে ব্যৱহাৰকাৰীৰ অধিক আস্থাৰ মাধ্যম পিছে UPI ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক গুৰুত্বপূৰ্ণ খবৰ নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অৱ ইণ্ডিয়াই সলনি কৰিছে UPIৰ নিয়ম। পূৰ্ব ঘোষণা অনুসৰি এই নতুন নিয়ম ১ অক্টোবৰ, অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী

নতুন নিয়ম অনুসৰি আজিৰ পৰা বন্ধ কৰা হ’ব P2P ‘Collect Request’ সেৱা। অৰ্থাৎ আপুনি আৰু আজিৰ পৰা PhonePe, Gpay বা PayTMৰ দৰে এপত ধন বিচাৰি কোনো লোকক ‘Collect Request’ পঠিয়াব নোৱাৰিব। অনলাইন জালিয়াতি ৰোধ কৰাৰ লগতে ব্যৱহাৰকাৰীৰ সুৰক্ষা শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নেচনেল পে’মেণ্ট কৰ্পৰেশ্যন অৱ ইণ্ডিয়াই সকলো বেংক আৰু পেমেণ্ট এপক ১ অক্টোবৰৰ পৰা P2P ‘Collect Request’ ব্যৱস্থা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ ইয়াৰ পিছত কোনো ব্যৱহাৰকাৰীয়ে P2P ‘Collect Request’ প্ৰেৰণ বা লাভ নকৰিব। এতিয়া কেৱল UPI জৰিয়তে প্ৰত্যক্ষ ধন হস্তান্তৰহে সম্ভৱ হ’ব, যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়া অধিক সুৰক্ষিত হ’ব।

এই কলেক্ট ৰিকুৱেষ্ট সেৱা প্ৰৱঞ্চকে অপব্যৱহাৰ কৰি আছিল বুলি অভিযোগ উঠিছে। বহু সময়ত ব্যৱহাৰকাৰীয়ে প্ৰৱঞ্চকৰ পৰা এনে P2P ‘Collect Request লাভ কৰে, ইয়াৰ ফলত তেওঁলোকৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰা হয়। P2P ‘Collect Request’ সেৱা বন্ধ লেও অৱশ্যে QR ক’ড, UPI ID, আৰু বেংক একাউণ্ট নম্বৰৰ জৰিয়তে পেমেণ্ট পূৰ্বৰ দৰেই চলি থাকিব।

নেচনেল পে’মেণ্ট কৰ্পৰেশ্যন অৱ ইণ্ডিয়াই লগতে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ UPI আৰু বেংকিং এপসমূহ আপডেট কৰি ৰাখিবলৈ আৰু অজ্ঞাত ব্যক্তিৰ অনুৰোধ কেতিয়াও অনুমোদন নকৰিবলৈও পৰামৰ্শ দিয়ে। ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব