বন্দে ভাৰত বা ৰাজধানী এক্সপ্ৰেছ নহয়, লাভ অৰ্জনত অভিলেখ গঢ়িলে ভাৰতৰ এই ব্যক্তিগত ৰে’লখনে…

যাত্ৰীৰ যাতায়তৰ পৰা আৰম্ভ কৰি দীৰ্ঘ দূৰত্বৰ সামগ্ৰীৰ কঢ়িয়াই নিয়াৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰটো ই সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰকাশিত খবৰ অনুসৰি, তেজস এক্সপ্ৰেছে চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে প্ৰায় ৭০ লাখ টকা লাভ অৰ্জন কৰাৰ বিপৰীতে টিকট বিক্ৰীৰ জৰিয়তে প্ৰায় ৩.৭০ কোটি টকা ৰাজহ লাভ কৰিছে ।

বন্দে ভাৰত বা ৰাজধানী এক্সপ্ৰেছ নহয়, লাভ অৰ্জনত অভিলেখ গঢ়িলে ভাৰতৰ এই ব্যক্তিগত ৰেলখনে...

ৰে'লৱেৰ অভিলেখ

Published: 

18 Apr 2025 | 05:29 PM

ভাৰতৰ অৰ্থনীতিক আগুৱাই নিয়াত ভাৰতীয় ৰে’লৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । একেদৰে ভাৰতৰ মূল সংযোগ ব্যৱস্থাটোৱেই হৈছে ৰে’লৱে । যাত্ৰীৰ যাতায়তৰ পৰা আৰম্ভ কৰি দীৰ্ঘ দূৰত্বৰ সামগ্ৰীৰ কঢ়িয়াই নিয়াৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰটো ই সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰকাশিত খবৰ অনুসৰি, তেজস এক্সপ্ৰেছে চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে প্ৰায় ৭০ লাখ টকা লাভ অৰ্জন কৰাৰ বিপৰীতে টিকট বিক্ৰীৰ জৰিয়তে প্ৰায় ৩.৭০ কোটি টকা ৰাজহ লাভ কৰিছে ।

ভাৰতীয় ৰে’লৱে IRCTC ৰ লক্ষ্ণৌ-দিল্লী তেজছ এক্সপ্ৰেছ ৰে’লৱেই বিশ্বমানৰ ৫০টা ৰে’লৱে ষ্টেচন গঢ়ি তোলাৰ লগতে ব্যক্তিগত যাত্ৰীবাহী ৰে’ল পৰিচালকক ইয়াৰ নেটৱৰ্কত ১৫০খন ৰে’ল চলাবলৈ অনুমতি দিয়াৰ প্ৰচেষ্টাৰ অংশ। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ৫ অক্টোবৰৰ চলি থকা ৰে’লখনে গড়ে ৮০-৮৫ শতাংশ যাত্ৰীৰে চলাচল কৰিছে। ৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ (২১ দিন, যিহেতু ৰে’লখন সপ্তাহত ছয় দিন চলে) ৰে’লখন চলাবলৈ IRCTC য়ে ব্যয় কৰা খৰচ আছিল প্ৰায় ৩ কোটি টকা।

এই অত্যাধুনিক ৰে’লখন চলাবলৈ IRCTC য়ে প্ৰতিদিনে গড়ে প্ৰায় ১৪ লাখ টকা খৰচ কৰে আৰু যাত্ৰী ভাড়াৰ পৰা প্ৰতিদিনে প্ৰায় ১৭.৫০ লাখ টকা উপাৰ্জন কৰে। লক্ষ্ণৌ-দিল্লী পথৰ তেজস এক্সপ্ৰেছ হৈছে ৰে’লৱেৰ প্ৰথম অভিজ্ঞতা, য’ত ৰে’লখন নন-ৰে’লৱে অপাৰেটৰ আৰু নিজা সহযোগী কোম্পানী IRCTCয়ে চলাই আছে। ইয়াৰ উপৰিও IRCTC য়ে যাত্ৰীসকলক খাদ্য, ২৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া বীমা আৰু পলম হ’লে ক্ষতিপূৰণকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে।

ব্যক্তিগত ৰে’ল পৰিচালনা আৰু ষ্টেচন পুনৰ উন্নয়ন প্ৰকল্পৰ পদক্ষেপ ক্ষিপ্ৰতাৰে কৰিবলৈ যোৱা মাহত চৰকাৰে সচিবৰ এটা দলৰ দ্বাৰা গঠিত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছিল। অৱশ্যে গোটটোৰ প্ৰথমখন বৈঠক এতিয়াও হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...