Nicolas Maduro: ট্ৰাম্পৰ ‘মেজিক’, মাদুৰোক গ্ৰেপ্তাৰৰ পাছতে বিক্ৰী বৃদ্ধি Nike ৰ !

Nike ৰ বিক্ৰী বৃদ্ধিৰ কাৰণ কি? কিছুমানৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মাদুৰোৰ ‘বন্দি অৱস্থাৰ’ প্ৰথমখন ফটোৰ বাবে বৃদ্ধি পাইছে বিক্ৰী।

Nicolas Maduro: ট্ৰাম্পৰ ‘মেজিক’, মাদুৰোক গ্ৰেপ্তাৰৰ পাছতে বিক্ৰী বৃদ্ধি Nike ৰ !
Updated On: 

06 Jan 2026 | 08:35 PM

মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত হঠাতে বৃদ্ধি পাইছে লাইফষ্টাইল ব্ৰেণ্ড Nike ৰ বিক্ৰী। কিন্তু এই বিশ্ববিখ্যাত স্প’ৰ্টছৱেৰ ব্ৰেণ্ড আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ মাজত কি সম্পৰ্ক? Nike ৰ বিক্ৰী বৃদ্ধিৰ কাৰণ কি? কিছুমানৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মাদুৰোৰ ‘বন্দী অৱস্থাৰ’ প্ৰথমখন ফটোৰ বাবে বৃদ্ধি পাইছে বিক্ৰী। আপোনাৰো হয়তো শুনি আচৰিত লাগিছে!

চকুৰ ওপৰত ক’লা আৱৰণ, কাণত হেডফোন, হাতত পানীৰ বটল আৰু পাতল ধূসৰ ৰঙৰ এটা জেকেট পিন্ধি আছিল মাদুৰোৱে। ক’লৈ গৈ আছে, কেনেকৈ গৈ আছে, সেই মুহূৰ্তত অনুমান কৰাটো মাদুৰোৰ বাবে অসম্ভৱ আছিল। এই ফটোখন সেই সময়ত তোলা। তেওঁ আমেৰিকাৰ এখন জাহাজত আছিল। তাৰ পিছত ট্ৰাম্পে ছ’চিয়েল মিডিয়াত ফটোখন পোষ্ট কৰাৰ লগে লগে মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। যেন গোটেই পৃথিৱীখনে সেই ফটোখনৰ বাবে অপেক্ষা কৰি আছিল।

মাদুৰোৱে পিন্ধা পাতল ধূসৰ ৰঙৰ জেকেটটোৱে Nike ৰ খেলখন ওলোটা কৰি পেলাইছে। নেটিজেনে ট্ৰাম্পে পোষ্ট কৰা ছবিখন বিচাৰিবলৈ আৰম্ভ কৰে। দেখা যায় যে, পাতল ধূসৰ ৰঙৰ জেকেটটো Nike ব্ৰেণ্ডৰ। ইতিমধ্যে গুগল ট্ৰেণ্ডছতো এই জেকেটৰ প্ৰভাৱ দেখা গৈছে। দেওবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৮ বজালৈ একাধিকবাৰ এই জেকেটটো চাৰ্চ কৰা হৈছিল।

ট্ৰাম্পৰ কৃপাত মাদুৰোৱে পিন্ধা পাতল ধূসৰ ৰঙৰ জেকেটৰ ছবিখনে বিনামূলীয়াকৈ খ্যাতি অৰ্জন কৰিছে। কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে, এই জেকেটৰ সকলো লট ইতিমধ্যে বিভিন্ন বাণিজ্যিক সামগ্ৰীৰ ছাইটত সম্পূৰ্ণৰূপে বিক্ৰী হৈ গৈছে। সকলোতে ‘sold out’ দেখুওৱা হৈছে। অৱশ্যে Nike ৰ ৱেবছাইটত এতিয়াও এই জেকেটটো উপলব্ধ। মুঠ ৭,৮৮০ টকাত বিক্ৰী হৈছে ‘মাদুৰো’ৰ এই জেকেট।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?