ঘৰতে আধাৰ কাৰ্ডৰ নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব?

এই পৰিৱৰ্তনৰ অধীনত সাধাৰণলোকে এতিয়া যিকোনো সময়তে নিজৰ নাম, মোবাইল নম্বৰ, জন্ম তাৰিখ আৰু ঠিকনা সলনি কৰিব পাৰিব। এই কামৰ বাবে এতিয়া আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই।

ঘৰতে আধাৰ কাৰ্ডৰ নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব?
Published: 

04 Nov 2025 16:54 PM

এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ আপডেটৰ বাবে আধাৰ সেৱা কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। আধাৰ আপডেট এতিয়া ঘৰৰ পৰাই কৰিব পাৰিব। শেহতীয়াকৈ UIDAI য়ে এই সুবিধা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ UIDAI য়ে নৱেম্বৰৰ পৰা আধাৰ কিছুমান নিয়ম পৰিৱৰ্তন কৰিছে। ইয়াৰে কেতবোৰ নিয়ম নৱেম্বৰৰ ২ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে।

এই পৰিৱৰ্তনৰ অধীনত সাধাৰণলোকে এতিয়া যিকোনো সময়তে নিজৰ নাম, মোবাইল নম্বৰ, জন্ম তাৰিখ আৰু ঠিকনা সলনি কৰিব পাৰিব। এই কামৰ বাবে এতিয়া আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। নতুন নিয়ম অনুসৰি যিকোনা ঠাইৰ পৰাই অনলাইনত আপুনি আপোনাৰ প্ৰয়োজনীয় আপডেট কৰিব পাৰিব।

UIDAI য়ে প্ৰথমে আধাৰ সম্পৰ্কীয় তিনিটা সালসলনি কৰিছে, যাৰ লক্ষ্য হৈছে আধাৰ সম্পৰ্কীয় সেৱাসমূহ দ্ৰুত আৰু সহজে সুলভ কৰি তোলা।

কি কি নিয়ম সলনি হ’ল ?

আধাৰ সেৱাৰ মাচুলৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে UIDAIয়ে। এতিয়া গ্ৰাহকে ফিংগাৰপ্ৰিণ্ট, আইৰিছ বা ফটো আপডেটৰ দৰে বায়’মেট্ৰিক আপডেটৰ বাবে ১২৫ টকা দিব লাগিব। ইয়াৰ পূৰ্বে এই মাচুল আছিল ১০০ টকা। একেদৰে আধাৰ কাৰ্ডধাৰীৰ নাম, ঠিকনা, জন্ম তাৰিখ, মোবাইল নম্বৰ আদি সলনি কৰিবলৈ ৭৫ টকা ভৰিব লাগিব। আগতে UIDAIয়ে এই পৰিৱৰ্তনৰ বাবে ৫০ টকা লয়।

উল্লেখ্য যে, আধাৰ আৰু পান সংযোগ কৰিবলৈ চৰকাৰে ৩১ ডিচেম্বৰ, ২০২৫ৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আপুনি আপোনাৰ পানৰ সৈতে আধাৰ লিংক নকৰে তেন্তে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব।

আধাৰ কাৰ্ডধাৰীয়ে নাম, ঠিকনা, জন্ম তাৰিখ আৰু মোবাইল নম্বৰৰ দৰে তথ্য সলনি কৰিবলৈ আধাৰ কেন্দ্ৰলৈ যাব নালাগিব। এই তথ্য তেওঁলোকে ঘৰৰ পৰাই অনলাইন আপডেট কৰিব পাৰে। নতুন ব্যৱস্থাৰ অধীনত কাৰ্ডধাৰীয়ে এই পৰিৱৰ্তনসমূহ পোনপটীয়াকৈ MyAadhaar পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব। অৱশ্যে এক্টিভ মোবাইল নম্বৰৰ সৈতে আধাৰ লিংক কৰিব লাগিব।

আধাৰ আপডেট কেনেকৈ কৰিব ?

চৰকাৰী আধাৰ পৰ্টেললৈ যাওক।

আপোনাৰ পঞ্জীয়নভুক্ত মোবাইললৈ প্ৰেৰণ কৰা আধাৰ নম্বৰ আৰু OTP ব্যৱহাৰ কৰি লগ ইন কৰক।

“Update Aadhaar” নিৰ্বাচন কৰক আৰু আপুনি পৰিবৰ্তন কৰিব বিচাৰে তাক বাছনি কৰক।

প্ৰয়োজন হ’লে প্ৰাসংগিক নথিপত্ৰসমূহ Upload কৰক।

আপোনাৰ অনুৰোধ জমা দিয়ক আৰু ইয়াৰ অগ্ৰগতি অনলাইনত ‘track’ কৰক।

এবাৰ পৰীক্ষা কৰাৰ পিছত আপডেটসমূহ আপোনাৰ আধাৰ প্ৰফাইলত স্বয়ংক্ৰিয়ভাৱে প্ৰদৰ্শিত হ’ব।

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক